Ravi Sarma: নাটক চলি থকাৰ মাজতে ৰৌদ্ৰ ৰূপ ধাৰণ ৰবি শৰ্মাৰ, কিন্তু কিয় ?

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 12:46 PM IST

thumbnail

নলবাৰী, ৫ নৱেম্বৰ: নাটক চলি থকাৰ মাজতেই হঠাৎ খঙত অগ্নিশৰ্মা হ’ল অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা । কিন্তু কিয় ? দৰাচলতে একাংশ উদণ্ড যুৱকৰ চিঞৰ-বাখৰৰ বাবে আধাতে নাটকখন ৰখাই দিয়ে অভিনেতা ৰবি শৰ্মাই ।

উল্লেখ্য যে, নলবাৰীৰ বৰভাগত শনিবাৰে চলি আছিল হেঙুল থিয়েটাৰৰ নাটক "আকৰী তই পগলা মই" । কিন্তু নাটক চলি থকাৰ মাজতে একাংশ উদণ্ড যুৱকে চিঞৰ-বাখৰ আৰম্ভ কৰে ৷ যাৰ বাবে নাট পৰিচালনাত অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ ইয়াৰ পিচতে খঙত অগ্নিশৰ্মা হৈ পৰে অভিনেতাগৰাকী ৷  

ইয়াৰ পিচত অভিনেতাগৰাকীয়ে উদণ্ড যুৱকক উদ্দেশ্য কৰি কয়- নাটক চাবৰ মন নাই যদি ওলাই যাওঁক । সকলোৱে নাটক চাই আছে ৷ ৫/৬ জন যুৱকে অসভ্যালি কৰি আছে । এনেকে নাটকৰ মাজত বাধাৰ সৃষ্টি নকৰিব ৷ মন নাই যদি ওলাই যাব পাৰে ৷

লগতে পঢ়ক: Raghav Controversy: বিতৰ্কৰ মাজতেই ৰাঘৱে অতিক্ৰম কৰিলে এটা সপ্তাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.