আধৰুৱা চাৰিলেন যুক্ত ঘাইপথ কেতিয়া সম্পূৰ্ণ হ’ব ! মুখ্যমন্ত্ৰীয়ে বিচাৰিলে সাত মাহ সময়

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 12:11 PM IST

thumbnail

টীয়ক, 30 নৱেম্বৰ : উজনি অসমত আধৰুৱা হৈ থকা চাৰিলেন যুক্ত ঘাইপথৰ নিৰ্মাণ কেতিয়া হ’ব সম্পূৰ্ণ ! সেয়া এতিয়া যেন অবুজ সাঁথৰ হৈ পৰিছে ৷ আনহাতে, বুধবাৰে আগন্তুক সাতমাহৰ ভিতৰত উজনিৰ চাৰিলেন যুক্ত ঘাইপথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি মাজুলীত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু কি পৰ্যায়ত আছে চাৰিলেন যুক্ত ঘাইপথৰ নিৰ্মাণৰ কাম ! তাৰ খবৰ লৈছে নে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, 2014  চনতে আৰম্ভ হোৱা চাৰিলেন যুক্ত ঘাইপথৰ কাম বিশেষকৈ যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে 60 শতাংশ কামও সম্পূৰ্ণ কৰিব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ যাৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছু কৰ্মীয়ে ৷ তেওঁলোকে কয় যে, নিৰ্মাণৰ নামত কিছুমান আসোঁৱাহপূৰ্ণ নলা, পথ নিৰ্মাণ হ’ল ৷ যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে দল সংগঠনে প্ৰতিবাদ কৰিছিল ৷ কিন্তু একো পৰিবৰ্তন নাহিল ৷ কেবল ইটোৰ পাচত সিটো নিৰ্মাণকাৰী সংস্থাক ব্লে’কলিষ্ট কৰি কপোৰ সলোৱাদি কোম্পানী সলনি কৰা হ’ল ৷ সেয়ে খৰালি দিনটো কিয় কাম বন্ধ হৈ আছে বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে আছু কৰ্মীয়ে ৷

লগতে পঢ়ক : অ’ পাকলি মোক নামাৰিবি ঐ বুলি কওঁতেও দিলে দা মাৰি!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.