77th Independence Day: একাঁঠু পানীৰ মাজত মাজুলীত ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন

By

Published : Aug 15, 2023, 11:05 AM IST

thumbnail

মাজুলী, ১৫ আগষ্ট: আজি স্বাধীনতা দিৱস । সমগ্র দেশৰ লগতে সত্ৰ নগৰী মাজুলীতো ৭৭ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে পালন কৰা হৈছে । মাজুলীৰ ফাৰ্ম তিনিআলিৰ ১২ নং অংগনাৱাড়ী কেন্দ্ৰত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য । বছৰৰ ছমাহ পানীৰ মাজত থকা এই কেন্দ্ৰটোত মঙলবাৰে স্বাধীনতা দিৱসৰ দিনটোত একাঁঠু পানীৰ মাজতে কৰিব লগা হৈছে পতাকা উত্তোলন ।  

প্ৰতি বছৰে ১৫ আগষ্টত এনেদৰে কণ কণ শিশু সকলে পালন কৰে স্বাধীনতা দিৱস । এই কেন্দ্ৰটোত আছে ৪০টি শিশু । সেইবাবে অংগনৱাড়ী কৰ্মীসকলে চৰকাৰ তথা প্ৰশাসনক এই কেন্দ্ৰটোৰ উন্নয়নৰ বাবে ব্য়ৱস্থা কৰিবলৈ দাবী জনাইছে । 

লগতে পঢ়ক:Independence Day 2023: স্বাধীনতা দিৱসৰ উপলক্ষে নিশা টিংখাঙত গাঁওৰক্ষী বাহিনীৰ সতৰ্কতা ব্যৱস্থা 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.