চাৰিদিনৰ পাছতো নিৰ্বাপিত হোৱা নাই চিংলু পাহাৰৰ জুই

By

Published : Mar 11, 2022, 9:08 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

চাৰিদিনৰ পাছতো নিৰ্বাপিত হোৱা নাই চিংলু পাহাৰৰ জুই (Chinglu hill fire not extinguished) ৷ উল্লেখ যে, বুধবাৰে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ চিংলু পথাৰৰ হাবিত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Chinglu hill in Charaideo ) ৷ অতি দুৰ্গম হোৱা বাবে এই পৰ্যন্তও দপদপাই জ্বলি আছে চিংলু পাহাৰৰ জুই ৷ শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা (Charaideo DC Paul Barua) , আৰক্ষী অধীক্ষক সুধাকৰ সিং (Charaideo SP Sudhakar Singh), সাংসদ তপন গগৈ (MP Tapan Gogoi) আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ঘটনাৰ বুজ লয় ৷ নাগালেণ্ডৰ পাহাৰত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ ঊৰ্দ্ধতন কৰ্তৃপক্ষই ৷ ইফালে, এইপৰ্যন্ত বিধ্বংসী জুই নুমোৱাত ব্যৰ্থ হোৱা হেতু আতংকিত হৈ পৰিছে চিংলু পাহাৰৰ নিকটৱৰ্তী গাঁওবাসী ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.