মাওবাদী আক্ৰমণ : ছুকমাৰ ৰাজপথত জ্বলিল ৭ খন বাহন

By

Published : Apr 26, 2021, 4:37 PM IST

thumbnail

ছত্তিশগড়ৰ ছুকমা জিলাত পুনৰ মাওবাদীয়ে সংঘটিত কৰিলে হিংসাত্মক ঘটনা । দেওবাৰে মাওবাদীৰ এটা দলে ৰাজপথতে জ্বলাই দিলে ৭ খনকৈ বাহন । ছুকমাৰ আৰক্ষী অধীক্ষক এল ধ্ৰুৱই জনোৱা মতে, ভাৰত বন্ধ আহ্বান জনোৱাৰ এদিন পূৰ্বে ছুকমাৰ এৰাব'ৰেত এই ঘটনা সংঘটিত হয় । এই আক্ৰমণত বাহনকেইখনৰ চালক আহত হোৱা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ঘটনা সংঘটিত হোৱাৰ পিছতে নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু অঞ্চলটোত তালাচী অভিযান চলায় । প্ৰাথমিক তথ্য অনুসৰি, মাওবাদীৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ বাহনবোৰ জ্বলাই দিয়ে আৰু মানুহক ভাৰত বন্ধ সফল কৰিবলৈ নিৰ্দেশ দি মানুহৰ গালৈ লক্ষ্য কৰি পত্ৰিকা দলিয়াই দিয়ে । উল্লেখ্য যে, মাওবাদীয়ে ছুকমাকে ধৰি ৭ খন জিলাত ধাৰাবাহিকভাৱে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰি বস্তৰত উন্নয়নমূলক কাম কৰাত বাধা প্ৰদান কৰি আহিছে । কেৱল এয়াই নহয়, প্ৰকল্পৰ কামত ব্যৱহৃত বাহন আৰু যন্ত্ৰ-পাতিৰ ক্ষতিসাধন কৰিবলৈ সঘনাই হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.