Mysterious death in Guwahati: ভাড়াঘৰৰ কোঠাৰ ভিতৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

By

Published : Dec 9, 2022, 7:57 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা । ভাড়াঘৰৰ এটা কোঠাৰ ভিতৰত ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ (Mysterious death in Guwahati)। মহানগৰীৰ জ্যোতিনগৰৰ হালদিমিলৰ হাউচ নং ৯০ ত বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা । যোৱা ৫ জুলাইৰ পৰা ঘৰটোত ভাড়াতীয়া হিচাপে আছিল স্বামী-স্ত্ৰী জয়কুমাৰ ৰায় আৰু জেউতি বেগম । মৃতদেহ উদ্ধাৰৰ পিছতে ৰহস্যজনকভাবে পলাতক অৱস্থাত আছে স্বামী জয় কুমাৰ ৰায় । জানিব পৰা মতে পত্নী জেউতি বেগমৰ সৈতে স্বামী জয় কুমাৰ ৰায়ে দুবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল(Woman mysterious death case at Guwahati) । পত্নী জেউতি বেগমৰ ঘৰ ৰঙিয়াত আৰু স্বামী জয় কুমাৰ ৰায়ৰ ঘৰ উৰিষ্যাত বুলি জানিব পৰা গৈছে । স্বামী জয় কুমাৰ ৰায়ে নিউ গুৱাহাটীৰ এটা কোম্পানীত কয়লাৰ লোডিং অনলোডিংৰ কাম কৰিছিল । মহিলা গৰাকীক পৰিকল্পিত ভাবে হত্যা কৰি স্বামীয়ে পলায়ন কৰিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । চান্দমাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.