Bhogali Mela: মৰিগাঁৱত সামৰণি পৰিল তিনিদিনীয়াকৈ আয়োজিত ভোগালী মেলাৰ

By

Published : Jan 14, 2023, 9:12 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ মৰিগাঁৱতো বাপতি সাহোন হেপাঁহৰ ভোগালীক আদৰাৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে (Bhogali Bihu celebration in Assam)৷ বিহুৰ লগত সংগতি ৰাখি 10 জানুৱাৰী অৰ্থাৎ মঙলবাৰৰ পৰা মৰিগাঁও পৌৰ সভাৰ অন্তৰ্গত নগৰ জীৱিকা অভিযানৰ উদ্যোগত জিলাখনৰ বিহুতলীৰ পদুম পুখুৰীৰ পাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল ভোগালী মেলা (Bhogali Mela in Morigaon) ৷ বহুকেইটা আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা ঘৰত প্ৰস্তুত কৰা লাৰু, পিঠা-পনা, সান্দহ, কাঠ আলু আদি ভোগৰ সামগ্ৰীৰে মেলাথলী উপচাই দিয়া পৰিলক্ষিত হয় ৷ হেপাঁহৰ ভোগালী বিহুৰ লগত সংগতি ৰাখি থলুৱা সামগ্ৰী ক্ৰয়ৰ বাবে বিহুবলীয়া ৰাইজে তিনিওটা দিনেই বিপনীসমূহত ভিৰ কৰা পৰিলক্ষিত হয় ৷ বেচা- বিক্ৰী আশানুৰূপ হোৱাত গোটৰ মহিলাসকলো আনন্দিত হোৱা পৰিলক্ষিত হয়  ৷ শুকুৰবাৰে সামৰণি পৰে এই মেলা ৷ 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.