Tension at Murkong Selek College: প্ৰৱক্তা নিযুক্তি পৰীক্ষাক লৈ মূৰ্কংচেলেক মহাবিদ্যালয়ত উত্তেজনাময় পৰিস্থিতি

By

Published : Feb 13, 2023, 12:55 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

জোনাই, 13 ফেব্ৰুৱাৰী : জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ত উত্তেজনাময় পৰিস্থিতি (Tense situation in Murkong Selek College) ৷ খালী হৈ থকা বড়ো মাধ্যমৰ প্ৰৱক্তা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ ৷ জানিব পৰামতে মূৰ্কংচেলেক মহাবিদ্যালয়ত খালী হৈ থকা বড়ো মাধ্যমৰ প্ৰৱক্তা পদত বিনা বেতনে হৰেন ব্ৰহ্ম নামৰ শিক্ষক গৰাকীয়ে বিগত কেইবা বছৰ ধৰি শিক্ষকতা কৰি আহিছে (Protest in Murkong Selek College) । 

কিন্তু উক্ত পদটোৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব বুলি অৱগত হোৱাৰ পাছতে হৰেন ব্ৰহ্মৰ পৰিচিতসকলৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ক্ষোভত ফাটি পৰে আৰু উত্তাল কৰি তোলে মহাবিদ্যালয় চৌহদ ৷ উক্ত খালী পদটোৰ নিযুক্তিৰ বাবে আজি অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীৰ দিনা অসম চৰকাৰে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছিল বিজ্ঞাপন (Tension over lecturer recruitment examination) ।

বিজ্ঞাপনৰ ভিত্তিত বড়ো মাধ্যমৰ প্ৰৱক্তা পদটোৰ বাবে চুনাৰাম বসুমতাৰী নামৰ এগৰাকী প্ৰাৰ্থী লিখিত পৰীক্ষাৰ বাবে উপস্থিত হোৱাৰ লগে লগে হৰেন ব্ৰহ্মৰ আত্মীয় তথা মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ বিনা বেতনে জোনাই মূৰ্কংচেলেক মহাবিদ্যালয়ত বড়ো ভাষাৰ শিক্ষা প্ৰদান কৰি অহা হৰেন ব্ৰহ্মৰ আত্মীয়, মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদস্থলীত উপস্থিত সকলোৱে বড়ো মাধ্যমৰ বাবে আন কোনো শিক্ষককে মহাবিদ্যালয়খনত নিযুক্তি নিদিবলৈ দাবী জনাই কেইবা ঘন্টা ধৰি হৰেন  ব্ৰহ্মৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয় চৌহদত ৷  'হৰেন চাৰক আমাক লাগিবই, 'নতুন প্ৰৱক্তা নালাগে,' 'আমাক ন্যায় লাগিবই' , আদি বিভিন্ন শ্লোগানেৰে আত্মীয়, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে উত্তাল কৰি তোলে মহাবিদ্যালয় চৌহদ ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে মহাবিদ্য়ালয় চৌহদ ইমানেই উত্তাল কৰি তোলে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিবলগীয়া হয় নিৰাপত্তাৰক্ষীৰ দল ৷ অসম আৰক্ষীৰ লগতে সেনা জোৱানৰ দল মহাবিদ্যালয় চৌহদত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যত্ন কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Unfinished bridge in Sivasagar: আমগুৰিৰ নামতিত দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.