Teacher commit Suicide: বৰপেটাৰোডৰ গোবৰ্ধনাত টেট শিক্ষকৰ ৰহস্যজনক আত্মহত্যা

By

Published : Dec 9, 2022, 9:14 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

বৰপেটাৰোডৰ গোৱৰ্ধনাত এজন টেট শিক্ষকে ৰহস্যজনক আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে(Teacher commit Suicide in Barpetaroad) ৷ বিদ্যালয়ৰ বাৰ্ষিক খেলধেমালি চলি থকাৰ সময়তে বিদ্যালয়খনৰ শৌচালয়ত টেট শিক্ষকজনৰ চকু দুটা গামোচাৰে বন্ধা অৱস্থাত চীপ লৈ থকা প্ৰধান শিক্ষয়িত্ৰীয়ে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে(Mysterious suicide in Barpetaroad) ৷ শিক্ষয়িত্ৰী গৰাকীৰ চিঞৰবাখৰ শুনি স্থানীয় ৰাইজ আগবাঢ়ি আহে ৷ পাছত বৰপেটাৰোড আৰক্ষীক খবৰ দিয়াত বৰপেটাৰোড আৰক্ষীয়ে বিদ্যালয়খনত উপস্থিত হৈ টেট শিক্ষকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ বিগত ২০১৩ চনৰ পৰাই গোৱৰ্দ্ধনা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষক পংকজ কুমাৰ দাসৰ এয়া হত্যা নে আত্মহত্যা সেয়া জানিব পৰা হোৱা নাই যদিও বৰপেটাৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.