ভাৰত চীন যুদ্ধকে ধৰি বহুকেইখন যুদ্ধৰ অভিজ্ঞতা বৰ্ণনা কৰিলে প্ৰাক্তন সেনা বিষয়া ডি বি লামাই

By

Published : Aug 16, 2022, 5:07 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

স্বাধীনতাৰ ৭৫ বছৰ(75 years of independence) পিছত এগৰাকী প্ৰাক্তন ভাৰতীয় সেনা বিষয়াই নিজে ভাগ লোৱা কেবাখনো যুদ্ধৰ বিষয়ে ৰোমন্থন কৰিলে । ইটিভ ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লে.কৰ্ণেল ডি বি লামাই(Colonel D B Lama) ভাৰত-বাংলাদেশ আৰু ভাৰত-চীন যুদ্ধৰ কিছু খতিয়ান বৰ্ণনা কৰে । প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে কয়, বৰ্তমান আলোচনা হৈ থকা বিশ্বৰ অত্যাধুনিক নিউক্লিয়াৰ মাৰণাস্ত্ৰ সমগ্ৰ বিশ্বৰ বাবে বৃহৎ ক্ষতিকাৰক । ১৯৪৮ত ভাৰতৰ মাজৰ পৰা আঁতৰি যোৱা পাক অকুপাইড কাশ্মীৰৰ কথাও সুঁৱৰিলে লামাই । আনকি ১৯৬২ৰ চীনৰ আক্ৰমণৰ(India china war 1962) পিছত পুনৰ ১৯৬৫ চনত চিনে আন এক যুদ্ধৰ সূচনা কৰিছিল । সেই সময়ত লে.কৰ্ণেল ডি বি লামা ছিক্কিমৰ নাথুলা সীমান্তত সন্মুখীন হৈছিল এই পৰিস্থিতিৰ । কিন্তু চীনে বৰ্তমান যি ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিছে টাইৱানে যদি এই যুদ্ধত নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰে তেতিয়াহ’লে যিকোনো দেশে সুদীৰ্ঘ ১২ বছৰলৈ ইয়াৰ কুফল ভোগ কৰিব লাগিব বুলি তেওঁ কয় (Impact of nuclear war)।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.