Negligence of APDCL: কলগাছিয়াত বিদ্যুতৰ বিল দেখি হতভম্ব গ্ৰাহক

By

Published : Jan 22, 2023, 6:59 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিদ্যুৎ বিভাগৰ খেলিমেলিয়ে প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম । কেতিয়াবা যদি খুঁটা পুতি বিদ্যুৎ যোগান ধৰিবলৈ পাহৰে । আন কেতিয়াবা আকৌ বাঁহৰ খুঁটাক সাৰথি কৰি টানে বিদ্যুৎ পৰিবাহী তাঁৰ । আন কেতিয়াবা আকৌ দেখিব বিপদসংকুলভাৱে থকা উন্মুক্ত ট্ৰান্সফৰ্মাৰ(Negligence of APDCL) । মাজে মাজে বৃহৎ পৰিমাণৰ বিদ্যুতৰ বিলে গ্ৰাহকক সোধাই ৰামটাঙোন । এইবাৰ কলগাছিয়াৰ উদমাৰী গাঁৱত বিদ্যুৎ বিভাগৰ মইমতালি । বিকল মিটাৰৰ নামত আহিল অত্যাধিক পৰিমাণৰ বিদ্যুৎ বিল । 

বিদ্যুৎ খৰচ নকৰাকৈ ভৰিব লগা হৈছে বিদ্যুৎ মাচুল । বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ভুক্তভোগী গ্ৰাহক(Public fire against APDCL in Kalgachia) । ফলত জবাবদিহি কৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক । বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ উদমাৰি গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীয়ে বিদ্যুৎ খৰচ নকৰাকৈ ভৰিব লগা হৈছে অত্যাধিক বিল । বিকল মিটাৰৰ নামত অত্যাধিক পৰিমাণৰ বিল প্ৰদান কৰি হাৰাশাস্তি গ্ৰাহকক(Excessive electricity bill) । 

বিদ্যুৎ বিভাগে মইমতালিৰে বিদ্যুতৰ বিল প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । উদমাৰী গাঁৱৰ হিতাধিকাৰী ৰেজা আলীৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বিদ্যুৎ মিটাৰ বিকল হৈ থকাৰ ফলত পৰিয়ালটোৱে কোনো বিদ্যুৎ খৰচ কৰা নাই । কিন্তু বিদ্যুৎ বিভাগৰ নিৰ্দেশ মৰ্মে মিটাৰ ৰিডাৰে প্ৰতিমাহে অত্যধিক বিদ্যুতৰ বিল প্ৰদান কৰি হাৰাশাস্তি কৰি আহিছে গ্ৰাহকক । 

সেইদৰে গাঁওখনৰ কেইবাটাও পৰিয়ালত পূৰ্বতকৈ বহু গুণে অধিক বিদ্যুৎ বিল প্ৰদান কৰি হাৰাশাস্তি ভোগাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ভূক্তভোগী পৰিয়ালসমূহ । বিদ্যুৎ বিভাগে নিজা মইমতালিৰে বিল প্ৰদান বন্ধ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি প্ৰদান কৰাৰ লগতে বিদ্যুৎ কৰ্মচাৰীক জবাবদিহি কৰে গাঁওবাসীয়ে । উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ কেইবাটাও প্ৰান্তত একেই সমস্যাৰ সন্মুখীণ হৈছিল গ্ৰাহক । এনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই কি পদক্ষোপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.