Orange Festival 2023 : শিলবৰীৰ কৌপাটিত প্ৰথমবাৰৰ বাবে আয়োজন ওৰাং মহোৎসৱ

By

Published : Jan 20, 2023, 10:51 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail
()

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত শিলবৰীৰ কৌপাটিত ১২ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ওৰাং মহোৎসৱ(Orange Festival Preparation at Koupati) ৷ ওৰাং মহোৎসৱৰ আয়োজনক লৈ এতিয়া জিলাখনত চলিছে ব্যাপক প্ৰস্তুতি ৷ এই উপলক্ষে‌ শুকুৰবাৰে দৰং জিলা প্ৰশাসনৰ কেইবাটাও বিভাগৰ উচ্চ পৰ্যায়ৰ এটি দলে পৰিদৰ্শন কৰে উক্ত স্থান ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য, অসমৰ বিভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতি পৰিচায়ক পৰম্পৰাগত খাদ্য, সাজপাৰ আৰু ৰাষ্ট্ৰীয় উদ্যানখনক পৰ্যটনমুখী কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি প্ৰথমবাৰলৈ আয়োজন কৰিবলৈ লোৱা হৈছে এই মহোৎসৱৰ ৷

শিলবৰী ক্ৰীড়া সন্থাৰ উদ্যোগত বৰঝাৰ শিলবৰী কৌপাটী দলগাঁও বৰছলা‌ আৰু ওৰাংবাসী ৰাইজৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ওৰাং মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে(Orange Festival 2023) ৷ মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত মুখ্য অতিথি হিচাবে ওৰাং মহোৎসৱৰ অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন আন কেইবাগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়ক এই মহোৎসৱত উপস্থিত থাকিব ৷

কৌপাটি বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ সভাৰ লগতে গ্ৰন্থমেলাৰ আয়োজন হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ মহোৎসৱৰ লগত সংগতি ৰাখি ধনশিৰি নৈৰ দলঙৰ তলত অনুষ্ঠিত হ’ব বিভিন্ন ধৰণৰ খেল-ধেমালি ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park) ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত । ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে প্ৰায় একে ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক ‘মিনি কাজিৰঙা' বুলিও আখ্যা দিয়ে । এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰত খুবেই চহকী। ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত নল গাহৰি, হাতী, বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.