Erosion in Bihpuria : সোৱণশিৰিৰ বুকুত জাহ গ'ল ১৪ কোটি টকীয়া আঁচনি

By

Published : Oct 19, 2022, 12:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

লখিমপুৰ জিলাৰ বিহপুৰীয়াত সোৱণশিৰি নৈৰ ভয়ংকৰ খহনীয়া (Massive erosion in Bihpuria)। বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ধূনাগুৰি-বাঁহগড়া সংযোগী কেইবা কোটি টকীয়া মথাউৰি সম্প্ৰতি ভয়ংকৰ খহনীয়াৰ গ্ৰাসত পৰিছে । মঙলবাৰে নিশাৰে পৰা মথাউৰিটোত খহনীয়া আৰম্ভ হোৱাত নিশা উজাগৰে কটাইছে অঞ্চলটোৰ ৰাইজে । বাৰিষাৰ পূৰ্বে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই প্ৰায় ১৪ কোটি টকাৰ বান খহনীয়া প্ৰতিৰোধী আঁচনি উদ্বোধন কৰিছিল আৰু বাৰিষাৰ সময়ত সেই আঁচনিও ৰূপায়ণ কৰা হৈছিল (14 crore project destruction)। আঁচনিৰ কাম শেষ হোৱাৰ পাছতেই সোৱণশিৰি নদীয়ে মথাউৰিটোৰ কেইবা ঠাইতো চলাইছে ভয়ংকৰ খহনীয়া । যাৰ ফলত তচ-নচ হৈছে কোটি টকীয়া আঁচনি । ইফালে ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বিহপুৰীয়াৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই মিলি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (Dam construction scam in Assam)। ধূনাগুৰি-বাঁহগড়া সংযোগী মথাউৰিটো এতিয়া চৰকাৰী বিষয়া ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হোৱাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.