India G20 presidency 2023: মনোৰম আলোকসজ্জাৰে সজাই তোলা হৈছে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি

By

Published : Dec 2, 2022, 3:17 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ইণ্ডোনেছিয়াত ইতিমধ্যে সম্পন্ন হোৱা জি-২০ দেশসমূহৰ দুদিনীয়া সন্মিলনত ভাৰতে পৰৱৰ্তী বৰ্ষৰ বাবে সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৈ জি-২০ ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে (India Takes Over G20 Presidency) ৷ জি-20 ৰাষ্ট্ৰগোটৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱাৰ এই বিশেষ ক্ষণত মনোৰম আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি (Historic Rang Ghar) । কেৱল ইমানেই নহয় দেশৰ ১০০ টা ইতিহাস প্ৰসিদ্ধ স্থানত বৃহস্পতিবাৰৰে পৰা এই আলোক সজ্জাৰ ব্যৱস্থা কৰা হৈছে । এই ১০০ স্থানৰ ভিতৰত ৰংঘৰেই একমাত্ৰ স্মাৰক য’ত এই আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে । এই আলোক সজ্জাৰ লগতে এছিয়াৰ প্ৰথম পেভিলিয়ন ৰূপে খ্যাত ৰংঘৰৰ বাকৰিত জি-20 ৰাষ্ট্ৰগোটৰ প্ৰতীক প্ৰদৰ্শন কৰা হয় । অহা ৭ দিনলৈ প্ৰতি সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজালৈ এই আলোক সজ্জা প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.