সুৰাৰ ৰাগীত মাতাল আৰক্ষী: বিনা কাৰণত ই-ৰিক্সা চালকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

By

Published : Oct 2, 2022, 3:57 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

"যোৱা কালি আৰক্ষী দিৱস কাৰণে অলপ মদ খালো কিন্তু নিচা এতিয়াও লাগি আছে । কিয় মাৰিলো মই নিজে নাজানো ৷" কৰ্তব্যৰত সময়তে সুৰাৰ ৰাগীত ঢলং-পলং গৃহৰক্ষী জোৱানৰ টুলুঙা মন্তব্য ৷ পুনৰ আৰক্ষীৰ পোছাকত কালিমা সানিলে এজন ৰে’ল আৰক্ষীৰ গৃহৰক্ষী জোৱানে (Home guard beaten e rickshaw driver in Hojai ) ৷ হোজাই জিলাৰ লংকা ৰে’ল আৰক্ষীৰ গৃহৰক্ষী জোৱানে সুৰাৰ ৰাগীত মাতাল হৈ বিনা দোষত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে এজন ই-ৰিস্কা চালকক ৷ লংকা ৰে’ল আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী জোৱানজনৰ নাম পংকজ জ্যোতি শৰ্মা (Home gueard Pankaj Jyoti Sarma)৷ জানিব পৰামতে জোৱানজনে মদৰ নিচাত এজন যাত্ৰীৰ লগত কাজিয়াত লিপ্ত হৈছিল (Home guard argument with a passenger) ৷ সেই ঘটনা চাই আছিল ই-ৰিক্সাচলাকজনে ৷ তাৰ পিছতে অতৰ্কিতে ই-ৰিক্সা চালকজনৰ ওপৰত জপিয়াই পৰে গৃহৰক্ষী জোৱানজন ৷ ইয়াৰ পিছতে বিনা কাৰণত ই-ৰিস্কা চালক চেলিম বৰভূঞা নামৰ লোকজনক লাঠীৰে গুৰুল-গুৰুল কৈ প্ৰহাৰ কৰাৰ ফলত উত্তেজিত হৈ পৰে পৰিৱেশ ৷ তাত উপস্থিত থকা ৰে’লযাত্ৰীয়ে সমগ্ৰ ঘটনা মোবাইলত আৱদ্ধ কৰি ৰাখে ৷ বৰ্তমান লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৃহৰক্ষী জোৱান পংকজ জ্যোতি শৰ্মাক আটক কৰে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.