Four youths arrested: অসম ত্ৰিপুৰা সংযোগী ঘাইপথ অৱৰোধৰ অভিযোগত চাৰিজন যুৱকক আটক

By

Published : Aug 4, 2022, 1:29 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

উত্তেজিত কৰিমগঞ্জৰ নিলামবজাৰ ৷ অনৈতিকভাৱে অসম ত্ৰিপুৰা সংযোগী 8নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ বাবে চাৰিজন যুৱকক আটক কৰে কৰিমগঞ্জ আৰক্ষীয়ে (Four youths arrested for blocking National Highway) ৷ উল্লেখ্য যে, সোমবাৰে কৰিমগঞ্জৰ বেৰাজাল এলেকাত আৰক্ষীৰ তালাচীৰ পৰা বাচিবলৈ গৈ সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা ৷ এখন মটৰ চাইকেল আৰু এখন স্কুটীৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত চাৰিজন যুৱক গুৰুতৰভাৱে আহত হৈছিল ৷ এই ঘটনাৰ পিছত একাংশ উত্তেজিত ৰাইজে আৰক্ষীৰ তালাচীৰ বিৰোধিতা কৰি অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰায় দুঘন্টা সময় ধৰি অবৰোধ কৰি ৰাখিছিল । আনহাতে, আটকাধীন যুৱক কেইজন সৌৰভ কপালি, ছৈফ উদ্দিন, ৰুবুল আহমেদ আৰু হাছমত আলি বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.