ETV Bharat / sukhibhava

এইডছ এতিয়াও এক দুৰাৰোগ্য ৰোগ, ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:01 AM IST

World AIDS Day 2023: Know Its Significance
আজি বিশ্ব এইডছ দিৱস

World Aids Day 2023 : আজি বিশ্ব এইডছ দিৱস ৷ এইডছ আৰু এইচ আই ভি সংক্ৰমণৰ সন্দৰ্ভত আজিও বহুতৰে ভুল ধাৰণা আছে । এই ৰোগৰ বিষয়ে শুদ্ধ তথ্য থকাটো অতি প্ৰয়োজনীয় । ইয়াৰ সজাগতাৰ বাবে প্ৰতি বছৰে ১ ডিচেম্বৰত এইডছ দিৱস পালন কৰা হয় ।

এইডছ এতিয়াও এক দুৰাৰোগ্য মাৰাত্মক ৰোগ । এইডছ (Acquired Immune Deficiency Syndrome) ৰোগৰ আশংকা বিশ্বজুৰি দৈনিক বৃদ্ধি পাইছে । এইচ আই ভি (Human Immunodeficiency Virus)ৰ দ্বাৰা সৃষ্টি হোৱা এই ৰোগৰ প্ৰতি সজাগতা আৰু প্ৰতিৰোধৰ বাবে প্ৰতি বছৰে ১ ডিচেম্বৰত বিশ্ব এইডছ দিৱস (World AIDS Day 2023) পালন কৰা হয় । এইডছ ৰোগ কিমান বিপজ্জনক জানো আহক এই প্ৰতিবেদনত..

এইডছ কি ?

এইডছ হৈছে এইচ আই ভি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ । ই ৰোগ প্ৰতিৰোধ ক্ষমতাক ক্ষতিগ্ৰস্ত কৰাৰ লগতে শৰীৰৰ কাৰ্যক্ষমতা দুৰ্বল কৰি তোলে । যৌন সংক্ৰমণ (STI) ৰ উপৰিও সংক্ৰমিত তেজ সঞ্চালন, সংক্ৰমিত ব্যক্তিক দিয়া বেজী ব্যৱহাৰ, গৰ্ভাৱস্থা বা স্তনপান কৰোৱা মাতৃৰ পৰা শিশুলৈ এই সংক্ৰমণ সংক্ৰমিত হোৱাৰ আশংকা থাকে ।

এইচ আই ভি সংক্ৰমণ হৈছে নে নাই কেনেকৈ জানিব পাৰিব ?

১) এইচ আই ভি সংক্ৰমণ বা এইডছ তেজ পৰীক্ষাৰ দ্বাৰা নিশ্চিত হয় । অৱশ্যে কিছুমান লক্ষণৰ জৰিয়তেও চিনাক্ত কৰিব পাৰি ।

২) এইচ আই ভি আক্ৰান্ত লোকৰ শৰীৰত ভাইৰাছ প্ৰৱেশ কৰাৰ ২-৪ সপ্তাহৰ ভিতৰত ফ্লুৰ দৰে ৰোগ হ’বলৈ আৰম্ভ কৰে । ইয়াৰ উপৰিও জ্বৰ, মূৰৰ বিষ, পেশী আৰু গাঁঠিৰ বিষ, ডিঙি আৰু মুখৰ ঘাঁ আৰু ওজন কমি যোৱা আদিকো এই ৰোগৰ লক্ষণ বুলি গণ্য কৰা হয় ।

৩) এই ৰোগ যদি সময়মতে ধৰা পেলোৱা নহয়, তেন্তে তেজত ভাইৰেল লোড বাঢ়ি যায়, যাৰ বাবে এই ৰোগ বিপদজনক হৈ উঠিব পাৰে ।

কোন মানুহৰ ক্ষেত্ৰত এইডছৰ আশংকা বেছি থাকে ?

১) যিকোনো ব্যক্তিয়ে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰি এইচ আই ভিৰ সংস্পৰ্শলৈ আহিব পাৰে ।

২) সংক্ৰমিত ব্যক্তিৰ পৰা তেজ লৈ সংক্ৰমিত হোৱাৰ আশংকা থাকিব পাৰে ।

৩) গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত বা স্তনপানৰ সময়ত আক্ৰান্ত মাতৃৰ পৰা শিশুলৈ সংক্ৰমণ সংক্ৰমিত হ’ব পাৰে । গৰ্ভাৱস্থাত এইচ আই ভি পৰীক্ষাৰ জৰিয়তে এই বিপদ হ্ৰাস কৰাৰ প্ৰয়াস কৰিব পাৰি ।

এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উপায়

১/ এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধৰ বাবে এতিয়াও কোনো ভেকচিন তৈয়াৰ হোৱা নাই । কিন্তু কিছুমান চিকিৎসা প্ৰতিবেদনত এইচ আই ভি বা এইডছৰ চিকিৎসাৰ বাবে কৰা পৰীক্ষাৰ কথাও উল্লেখ কৰা হৈছে । এতিয়াও এইডছ এক দুৰাৰোগ্য ৰোগ ।

২/ এই সংক্ৰমণ হাত মিলালে, সংক্ৰমিত ব্যক্তিৰ হাঁচি আৰু কাহৰ পৰা ওলোৱা টোপাল, আক্ৰান্ত ব্যক্তিৰ লগত খাদ্য খোৱাৰ দ্বাৰা বিয়পি নাযায়, সেয়েহে এনে লোকৰ লগত বৈষম্য নকৰিব ।

৩/ এই সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰক আৰু আনকো সচেতন কৰক ।

অস্বীকাৰ: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ লওক ।

লগতে পঢ়ক: কিয় আজিৰ দিনটোত পালন কৰা হয় বিশ্ব শিশু দিৱস; দিনটোৰ তাৎপৰ্য সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.