ETV Bharat / sukhibhava

Lemon Water: দিনৰ আৰম্ভণিতে আমি কিয় নেমু চৰবত খাব লাগে ? ৫টা ডাঙৰ কাৰণ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 2:02 PM IST

নেমুৰ পানী বা নেমু চৰবত এনে এবিধ পানীয় যিটো ভাৰত বৰ্ষৰ অধিকাংশ স্থানতে অতিকৈ জনপ্ৰিয়, কিন্তু আপুনি জানেনে যে প্ৰতিদিনে ৰাতিপুৱা নেমুৰ পানী খালে আপোনাৰ মেদবহুলতা হ্ৰাস পোৱাই নহয় আপোনাৰ পৰা বহু ৰোগো আঁতৰি থাকিব ৷ নেমুৰ পানী সেৱনে আপোনাৰ স্বাস্থ্যৰ পক্ষে কি কি উপকাৰিতা সাধন কৰে জানো আহক-

Why should one drink lemon water at the beginning of the day? Know these 5 big reasons
দিনৰ আৰম্ভণিতে আমি কিয় নেমু চৰবত খাব লাগে ? ৫টা ডাঙৰ কাৰণ জানি লওক

নেমুপানী আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ ই আপোনাৰ মেদবহুলতা হ্ৰাস কৰাটো সহায় কৰে যদি আপুনিও আপোনাৰ মেদবহুলতা হ্ৰাস কৰিব বিচাৰে, তেন্তে এইটোৱেই আপোনাৰ বাবে আটাইতকৈ সহজ উপায়, প্ৰতিদিনে পুৱা এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস দি দিনটোত কমেও ২ বাৰ খাব লাগে, আৰু প্ৰতি ঘণ্টাত এগিলাচ পানী খাব লাগে ৷

নেমুপানীয়ে আপোনাক ভোক অনুভৱ নকৰাকৈ কমকৈ খাদ্য খোৱাত সহায় কৰে ৷ কাৰণ আপোনাৰ শৰীৰক ভাৰসাম্য ৰক্ষা কৰাৰ লগতে পানীয়ে আপোনাৰ পাচনতন্ত্ৰকো ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ ই প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ আৰু লগতে আপোনাৰ চেহেৰা বৃদ্ধি কৰে ৷ নেমুৰ পানী সেৱনে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি ইতিবাচক প্ৰভাৱ পেলাব পাৰে জানো আহক-

স্বাস্থ্যৰ ওপৰত নেমুৰ পানীৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হ'ল ই বৃক্কৰ পাথৰৰ পৰা সকাহ দিয়ে কাৰণ পাথৰে প্ৰস্ৰাৱ বন্ধ কৰি দিয়ে যাৰ ফলত বিষ অনুভৱ হয়, এনে পৰিস্থিতিত নেমুৰ পানী খালে শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় হয় আৰু বৃক্কৰ পাথৰৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় হয় ৷ চিকিৎসকৰ মতে, নেমুৰ পানী খালে কোনো সমস্যা নোহোৱাকৈ বৃক্কৰ পাথৰ বাহিৰলৈ আহে ৷

দৈনিক দাঁত ব্ৰাছ কৰাৰ পিছতো কিছু সময়ৰ পিছত মুখৰ দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত খালী পেটত লেমনেড সেৱন কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৷ কাৰণ ইয়াত থকা ভিটামিন চিয়ে উশাহ সতেজ কৰি ৰাখে আৰু মুখত থকা বেক্টেৰিয়াবোৰক নিধন কৰে ৷

প্ৰতিদিনে পুৱা নেমুৰ পানী খালে আপোনাৰ হজম শক্তি বৃদ্ধি পায় ৷ পেটৰ ৰোগৰ বাবেও ই উপকাৰী, কাৰণ ইয়াত ফ্লেভন’ইড থাকে ৷ যিয়ে পাচনতন্ত্ৰক সুস্থ কৰি ৰাখে, লগতে ই এচিডিটিতো সকাহ প্ৰদান কৰে ৷ এই কাৰণে যেতিয়াই পেট বেয়া হয় তেতিয়াই নেমুৰ পানী খাবলৈ দিয়া হয় ৷

উচ্চ চেনি থকা ৰস আৰু পানীয়ৰ সলনি নেমুৰ পানীক উত্তম বিকল্প বুলি গণ্য কৰা হয় ৷ বিশেষকৈ যিসকল ডায়েবেটিছ ৰোগীৰ বাবে ৷ কাৰণ ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ই আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাৰ লগতে আৰু শক্তি প্ৰদান কৰে ৷

লগতে পঢ়ক: Vegetables That Cause Gas: হজম প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰে এইকেইবিধ পাচলিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.