ETV Bharat / sukhibhava

Durga Puja outfit ideas: দুৰ্গাপূজা-নৱৰাত্ৰিৰ বাবে পাৰ্ফেক্ট লুক বিচাৰিছে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 3:42 PM IST

Try this Durga puja and Navratri Bollywood Celebrities outfit ideas
দুৰ্গাপূজা-নৱৰাত্ৰিৰ বাবে পাৰ্ফেক্ট লুক বিচাৰিছে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

নৱৰাত্ৰি তথা দুৰ্গোৎসৱৰ বাবে মাজত মাথো কেইটামান দিনহে বাকী । সেয়ে এইবাৰ দুৰ্গা পূজাত আপুনিও নিজকে ধুনীয়া তথা আকৰ্ষণীয় দেখাব বিচাৰে নেকি ? তেন্তে তলত উল্লেখিত বলীউডৰ চেলিব্ৰিটিসকলৰ এই সাজ-পাৰৰ বিকল্পসমূহ অনুসৰণ কৰি আপুনিও আপোনাৰ সাজ-পাৰক এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে ৷

শাৰদীয় দুৰ্গা পূজা তথা নৱৰাত্ৰিৰ বাবে আনন্দ-উচাহ যথেষ্ট বৃদ্ধি পায় ৷ ষষ্ঠীৰ পৰা নৱমীলৈকে মহিলাসকলে বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰে ৷ বিভিন্ন ভাৰতীয় সাজ-পাৰ পৰিধান কৰি মহিলাসকলে নিজকে আকৰ্ষণীয় দেখাবলৈ চেষ্টা কৰে ৷

আচলতে দুৰ্গা পূজা, নৱৰাত্ৰি বা আন আন উৎসৱৰ সময়ত নতুন ধৰণৰ সাজ-পোচাক পৰিধান কৰিবলৈ মহিলাসকলে পচন্দ কৰে ৷ বহু মহিলাই ইয়াৰ বাবে খেলিমেলিত পৰিবলৈ আৰম্ভ কৰে ৷ যিহেতু আমাৰ সাজ-পোছাকে আমাৰ সমগ্ৰ ৰূপ বা ব্যক্তিত্ব সলনি কৰে ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকৰ বাবে সাজ-পোচাকৰ কিছুমান বিকল্প লৈ আহিছো যাৰ জৰিয়তে এইবাৰ দুৰ্গা পূজাত আৰু নৱৰাত্ৰিত নিজকে আকৰ্ষণীয় কৰি তুলিব পাৰে ৷

  • শ্ৰদ্ধা কাপুৰৰ লেহেংগাৰ লুক

দুৰ্গা পূজাত আৰু নৱৰাত্ৰিত উদযাপনৰ সময়ত শ্ৰদ্ধা কাপুৰৰ দৰে কমলা ৰঙৰ লেহেংগা পৰিধান কৰিব পাৰে ৷ অভিনেত্ৰীগৰাকীৰ লেহেংগা আকৰ্ষণীয় হোৱাৰ লগতে খুবেই লঘু ৷ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধাৰ এই লুকটোৱে আপোনাক এটি আকৰ্ষণীয় লুক প্ৰদান কৰিব ৷ আপুনি অভিনেত্ৰীগৰাকীৰ এই লুকটো অনুসৰণ কৰিব পাৰে ৷

  • ৰঙা শাৰীৰ লুক

দুৰ্গা পূজা আৰু ৰঙা ৰঙৰ এক বিশেষ সম্পৰ্ক আছে ৷ সেয়ে এইবাৰ দুৰ্গা পূজাত আকৰ্ষণীয় দেখাবলৈ আপুনি ৰঙা শাৰীৰ লুকো অনুসৰণ কৰিব পাৰে ৷ ফটোখনত ৰঙা শাৰীৰ লুকত কেটৰিনা কাইফক ষ্টানিং দেখা গৈছে ৷ অভিনেত্ৰীগৰাকীৰ দৰেই আপুনিও মেকআপ, কাণফুলি আৰু কপালত ফোঁটৰ সৈতে নিজৰ লুকটো সম্পূৰ্ণ কৰিব পাৰে ৷ দুৰ্গা পূজাত কেটৰিনাৰ দৰে স্লীভলেছ ব্লাউজৰ সৈতে এনেধৰণৰ ৰঙা শাৰী পৰিধান কৰিব পাৰে ৷

  • বেনৰসী শাৰীৰ লুক

এই লুকত পিন্ধিছে আলিয়া ভালে ফিৰোজা ৰঙৰ শাৰী ৷ অভিনেত্ৰীগৰাকীৰ স্লীভলেচ ব্লাউজৰ লুকটো অতি আকৰ্ষণীয় দেখা গৈছে ৷ অভিনেত্ৰীগৰাকীৰ সোণৰ কাণফুলিয়ে তেওঁৰ লুকক এক সৌন্দৰ্যতা প্ৰদান কৰিছে ৷ এই লুকক সম্পূৰ্ণ কৰিবলৈ মেকআপৰ সৈতে আপুনি গোলাপী ৰঙৰ লিপষ্টিক লগাব পাৰে ৷

  • অনাৰকলি চুৰিদাৰ

অনাৰকলি চুৰিদাৰ মহিলাসকলৰ মাজত খুবেই জনপ্ৰিয় ৷ বজাৰত ইয়াৰ বিভিন্ন ধৰণৰ ডিজাইন উপলব্ধ ৷ দেশী লুক দিয়া এই অনাৰকলি চুৰিদাৰ অতি সহজেই অতি কম খৰচত আপুনি ক্ৰয় কৰিব পাৰিব ৷

  • কিছু বিশেষ টিপচ

দুৰ্গা পূজাত বা নৱৰাত্ৰিত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ সেয়ে ফেশ্বনেবল হ’বলৈ গৈ গধুৰ সাজ-পোছাক বা মেকআপ পৰিধান কৰাৰ পৰা বিৰত থাকিব ৷ যদি আপুনি এনে ভুল কৰে তেন্তে গোটেই অনুষ্ঠানটোত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ সেয়ে এনে অনষ্ঠানত যিমান পাৰি লাইট মেকআপ আৰু লঘু সাজ-পাৰহে পৰিধান কৰাতো সবাতোকৈ উত্তম বিকল্প ৷

সমগ্ৰ ভাৰতবৰ্ষতে নৱৰাত্ৰি তথা দুৰ্গোৎসৱ অতি আড়ম্বপূৰ্ণভাৱে উদযাপন কৰা হয় । সেয়ে এইবাৰ দুৰ্গা পূজাত আপুনিও নিজকে ধুনীয়া তথা আকৰ্ষণীয় দেখাব বিচাৰে নেকি ? তেন্তে তলত উল্লেখিত বলীউডৰ চেলিব্ৰিটিসকলৰ এই সাজ-পাৰৰ বিকল্পসমূহ অনুসৰণ কৰি আপুনিও আপোনাৰ সাজ-পাৰক এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে ৷

লগতে পঢ়ক: Durga Puja 2023: এইবাৰ দুৰ্গা পূজাৰ বতৰত কপাল ফুলিব এই তিনিটা ৰাশিৰ জাতক-জাতিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.