ETV Bharat / sukhibhava

ভাৰতত নতুনকৈ ক’ভিডৰ উপ ভেৰিয়েণ্টত আক্ৰান্ত ১০০০ গৰাকী; ৩ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 6:50 PM IST

Three fresh Covid deaths India crosses 1000 cases of JN1 variant
ভাৰতত নতুনকৈ ক’ভিডৰ উপ ভেৰিয়েণ্ট আক্ৰান্ত ১০০০ গৰাকী ৰোগী; ৩ জনৰ মৃত্যু

শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত ক’ভিড-১৯ৰ ছাব ভেৰিয়েণ্ট জেএন.১ৰ ১০০০ গৰাকী ৰোগী অতিক্ৰম কৰাৰ বিপৰীতে দেশত ৬০৯টা নতুনকৈ ক’ভিড ৰোগী ধৰা পৰিছে ।

নিউজ ডেস্ক, 12 জানুৱাৰী: শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত নতুনকৈ ৬০৯ জন Covidত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে সংক্ৰমণৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৩৬৮ জনলৈ হ্ৰাস পাইছে ৷

পুৱা ৮ বজাত আপডেট কৰা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত কেৰালাত ২ জন আৰু কৰ্ণাটকত এজনৰ মৃত্যু হৈছে ৷ মুঠ সক্ৰিয় ৰোগীৰ ভিতৰত ইয়াৰে বৃহৎ সংখ্যক (প্ৰায় ৯২ শতাংশ) হোম আইছ’লেশ্যনত সুস্থ হৈ উঠিছে ৷

ইনছাক’গৰ তথ্য অনুসৰি ক’ভিড-১৯ৰ উপ-ভেৰিয়েণ্ট জেএন.১ত আক্ৰান্তৰ সংখ্যাই ১০০০ৰ সীমা অতিক্ৰম কৰি উত্তৰ প্ৰদেশে ইয়াৰ উপস্থিতি ধৰা পৰা ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাত যোগদান কৰা শেহতীয়া ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷

ভাৰতীয় SARS-CoV-2 Genomics Consortium (INSACOG) য়ে সংকলিত কৰা তথ্য অনুসৰি কৰ্ণাটকত সৰ্বাধিক ২১৪ জন আক্ৰান্ত হৈছে, তাৰ পিছতে আছে মহাৰাষ্ট্ৰ (১৭০), কেৰালা (১৫৪), অন্ধ্ৰ প্ৰদেশ (১৮৯), গুজৰাট (৭৬) আৰু গোৱা (৬৬) ৷ তথ্য অনুসৰি তেলেংগানা আৰু ৰাজস্থানত ৩২ জনকৈ জেএন.১, ছত্তীশগড়ত ২৫ জন, তামিলনাডুত ২২ জন, দিল্লীত ১৬ জন, উত্তৰ প্ৰদেশত ৬ জন, হাৰিয়ানাত ৫ জন, ওড়িশাত ৩ জন, পশ্চিম বংগত ২ জন আৰু উত্তৰাখণ্ডত ১ জন আক্ৰান্ত হৈছে ৷

১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়ালৈকে মুঠ ১,০১৩ গৰাকী JN.1 ৰোগী ধৰা পৰিছে ৷ দেশত Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু JN.1 উপ-ভেৰিয়েণ্ট ধৰা পৰাৰ মাজতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অহৰহ সতৰ্কতা বজাই ৰাখিবলৈ কয় কেন্দ্ৰই ৷

ৰাজ্যসমূহক কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে তেওঁলোকৰ সৈতে ভাগ কৰা ক’ভিড-১৯ৰ সংশোধিত চোৱাচিতা কৌশলৰ বিশদ কাৰ্য্যকৰী নিৰ্দেশনাসমূহ ফলপ্ৰসূভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷

ৰাজ্যসমূহক নিয়মিতভাৱে ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আই এল আই) আৰু গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (ছাৰী)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আগতীয়া ধৰা পেলোৱাৰ বাবে সকলো স্বাস্থ্য সুবিধাৰ পৰা নিয়মীয়াকৈ নিৰীক্ষণ আৰু প্ৰতিবেদন দিবলৈ কোৱা হৈছে ৷

আমেৰিকাত প্ৰথমবাৰৰ বাবে ছেপ্টেম্বৰ মাহত ধৰা পৰা জেএন.১ ষ্ট্ৰেইনটো ক’ভিড-১৯ৰ অমাইক্ৰন ষ্ট্ৰেইনৰ অতি মিউটেটেড ভেৰিয়েণ্ট BA.2.86ৰ বংশধৰ ৷

লগতে পঢ়ক: ভাৰতত নতুনকৈ ৬০৫ গৰাকী Covidত আক্ৰান্ত, ৪ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.