ETV Bharat / sukhibhava

গ্ৰীষ্মকালত সেৱন কৰক এই সতেজ আৰু স্বাস্থ্যকৰ পানীয়

author img

By

Published : Apr 13, 2022, 6:27 PM IST

healthy drinks
সতেজ আৰু স্বাস্থ্যকৰ পানীয়

গৰমৰ পৰা সকাহ পাবলৈ মানুহে প্ৰায়ে বজাৰত উপলব্ধ শীতল পানীয় সেৱন কৰে, যিবোৰে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । কিন্তু আপোনালোকে জানেনে যে আন কিছুমান এনে শীতল পানীয় আছে যি কেৱল গৰমৰ পৰা সকাহেই নিদিয়ে বৰঞ্চ স্বাস্থ্যৰো উপকাৰীতা সাধন কৰে(Refreshing and healthy summer drinks) । আমি আপোনালোকলৈ আগবঢ়াইছো এনেধৰণৰ শীতল পানীয়ৰ বিষয়ে-

প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ প্ৰায় সকলোৱেই বিচাৰে শীতল পানীয় ? বজাৰত উপলব্ধ বেছিভাগ শীতল পানীয়ই তৎক্ষণাৎ আমাৰ দেহক গৰমৰ পৰা সকাহ দিয়ে আৰু আমাৰ তৃষ্ণা নিবাৰণ কৰে ৷ কিন্তু সেইবোৰত মাত্ৰাধিক পৰিমাণত চেনী থাকে ৷ যদিওবা সেইবোৰে আমাৰ পিয়াহ দূৰ কৰে, সোৱাদ দিয়ে তথাপিও সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক । সেয়েহে, তাপমাত্ৰা যিমানেই বৃদ্ধি নহওক, চিকিৎসকে সদায়ে এইবোৰ পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে ।

মুম্বাইস্থিত এজন ডায়েটিচিয়ান আৰু পুষ্টিবিদ ৰাছেল জৰ্জে কৈছে যে মানুহে কৃত্ৰিম ৰং তথা বিভিন্ন প্ৰকাৰৰ সোৱাদ পোৱা অতিমাত্ৰা চেনী যুক্ত পানীয় বা এনে ধৰণৰ অন্যান্য উপাদান গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে (What to eat during summer) ৷ কিয়নো এইবোৰে হাঁড়, হজমশক্তি, যকৃত, হৃদযন্ত্ৰৰ সমস্যা সৃষ্টি কৰাৰ লগতে সমগ্ৰ দেহৰে ক্ষতি সাধন কৰে ৷

healthy drinks
সতেজ আৰু স্বাস্থ্যকৰ পানীয়

সতেজ আৰু প্ৰাকৃতিক শীতল পানীয় গ্ৰহণ কৰক

ৰাছেলে উল্লেখ কৰে যে ওপৰত উপৰোক্ত পানীয়ৰ পৰিৱৰ্তে পুষ্টিকৰ আৰু প্ৰাকৃতিক পানীয় গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল ৷ প্ৰাকৃতিক শীতল পানীয়ই শৰীৰটোক কেৱল হাইড্ৰেট কৰাই নহয় বৰঞ্চ বিভিন্ন দিশৰ পৰা স্বাস্থ্যক যথেষ্ট লাভান্বিতও কৰে (Refreshing and healthy summer drinks)।

আমাৰ বিশেষজ্ঞই পৰামৰ্শ দিয়া কিছুমান শীতল পানীয়ৰ বিষয়ে (How to stay cool in summers) এই লিখনিটোৰ জৰিয়তে আগবঢ়ালো

সতেজ ফলৰ ৰস

ৰাছেল জৰ্জে কৈছে যে বতৰ যিয়েই নহওক, সতেজ ফলৰ ৰস স্বাস্থ্যৰ বাবে অতি উপকাৰী । বতৰৰ ফলৰ পৰা তৈয়াৰ কৰা ৰস, বিশেষকৈ বতৰৰ ফলৰ পৰা তৈয়াৰ কৰা স্মুদি আৰু শ্বেক অত্যন্ত পুষ্টিকৰ (Summer drink ideas) । গ্ৰীষ্মকালত তৰমুজৰ ৰস, বেল চৰবত, নেমুৰ মিঠা চৰবত আৰু তেনে ধৰণৰ অন্যান্য পানীয়ে ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট আৰু এনে ধৰণৰ অন্যান্য অত্যাৱশ্যকীয় পুষ্টি প্ৰদান কৰে । এইবোৰে শৰীৰক হাইড্ৰেট কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাক বৃদ্ধি কৰে ৷ লগতে গ্ৰীষ্মকালত হিটষ্ট্ৰোকৰ দৰে সমস্যাৰ পৰাও সুৰক্ষিত কৰে ।

লাচি আৰু বাটাৰ মিল্ক

মিঠা লাচি আৰু নিমখযুক্ত বাটাৰ মিল্কো বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী । দুয়োটা দৈৰে তৈয়াৰ কৰা হয়, সেয়েহে সেইবোৰৰ প্ৰ’-বায়’টিক গুণাগুণ আছে । এইবোৰত বহুতো পুষ্টি, ভিটামিন এ, চি, ই, খনিজ আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণ থাকে ।

নাৰিকল পানী

নাৰিকল পানী সকলো ঋতুৰ বাবে এক আদৰ্শ পানীয় বুলি গণ্য কৰা হয় আৰু ই বহুতো স্বাস্থ্য উপকাৰীতাৰ বাবে জনাজাত । ই মেগনেছিয়াম, পটাছিয়াম আৰু ভিটামিন চি ৰ দৰে পুষ্টিৰে সমৃদ্ধ । ই কেৱল শৰীৰ শীতল কৰাত সহায় নকৰে, লগতে হজম প্ৰক্ৰিয়াকে ধৰি বিভিন্ন ধৰণে স্বাস্থ্য বজাই ৰখাত সহায় কৰে । যিহেতু ইয়াত কম পৰিমাণৰ কেলৰি থাকে, ই ওজন হ্ৰাসৰ বাবে উপকাৰী ।

healthy drinks
সতেজ আৰু স্বাস্থ্যকৰ পানীয়

ভেষজ পানীয় (চৰবত)

গ্ৰীষ্মৰ দিনবোৰত, বজাৰত বিভিন্ন প্ৰকাৰৰ ভেষজ চৰবত উপলব্ধ হয় যেনে গোলাপ, খাচ, চন্দন কাঠ আদিৰ পৰা তৈয়াৰ কৰা চৰবত । শৰীৰ শীতল কৰাৰ উপৰিও, ই শৰীৰক শক্তি প্ৰদান কৰে আৰু শাৰীৰিক আৰু মানসিক চাপ হ্ৰাস কৰে ।

নেমু ৰস

গ্ৰীষ্মকালত দৈনিক কমেও এগিলাচ নেমু পানী খোৱাটোৱে কেৱল শৰীৰক হাইড্ৰেট কৰাই নহয় কিন্তু শৰীৰৰ ওপৰত তাপৰ প্ৰভাৱ হ্ৰাস কৰে । নেমুপানীত ভিটামিন চি, পটাছিয়াম আৰু অন্যান্য খনিজ থাকে, যি শৰীৰৰ বিপাক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে । অৱশ্যে, মনত ৰখা উচিত নেমু পানীও এটা সীমাৰ ভিতৰত খাব লাগে ।

গ্ৰীণ টি

গ্ৰীণ টি বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী । যদিও চিকিৎসকসকলে বিশ্বাস কৰে যে ইয়াক বেছি খোৱা উচিত নহয়, কিন্তু ইয়াৰ সীমিত পৰিমাণত সেৱনে শৰীৰক হাইড্ৰেট কৰি ৰাখে । ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু ৰোগ-প্ৰতিৰোধী গুণাগুণো আছে, সেয়েহে ই বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক আঁতৰত ৰখাত সহায় কৰে ।

কেঁচা আমৰ পান্না

ৰাছেলে কৈছে যে আম পান্না হৈছে ভাৰতত এক অতি বিখ্যাত গ্ৰীষ্মকালীন পানীয়, যি কেঁচা আমৰ পৰা তৈয়াৰ কৰা হয় । কেৱল সেয়াই নহয়, আনাৰসৰ পৰাও এনে এটা পানীয় তৈয়াৰ কৰা হয় । আম বা আনাৰসৰ গুণাগুণৰ উপৰিও, ইয়াত ক'লা নিমখ, জালুক, জিৰাগুৰি আৰু পুদিনা দৰে মচলা থাকে, যিয়ে পানীয়টোক ইয়াৰ ঔষধি গুণাগুণ প্ৰদান কৰে । ই তাপ আৰু তাপৰ প্ৰভাৱ প্ৰতিহত কৰে ৷

শীতল পানীয়

গ্ৰীষ্মকালত শীতল পানীয় সেৱনে শৰীৰক প্ৰাকৃতিকভাৱে শীতল কৰি ৰখাত সহায় কৰে । শীতল পানীয়ক এক স্বাস্থ্যকৰ পানীয় হিচাপে শ্ৰেণীবদ্ধ কৰা হয় কিয়নো ইয়াত শুকান ফল আৰু মচলা যেনে জালুক, ইলাচী আৰু কেশৰ থাকে, যিবোৰ ঔষধি গুণেৰে পৰিপুষ্ট, যিয়ে শৰীৰক পুষ্টি দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে ।

চাট্টু
চাট্টু মূলতঃ ভজা আৰু গুৰি কৰা মাহজাতীয় শস্য আৰু শস্যৰ সংমিশ্ৰণৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ পাউডাৰ । ই শৰীৰৰ ওপৰত শীতল প্ৰভাৱ পেলায় আৰু ইয়াত প্ৰ'টিন, আঁহ, ছডিয়াম, লো, মেগনেছিয়াম আৰু কাৰ্বহাইড্ৰেটৰ দৰে পুষ্টি থাকে । চাট্টু কেৱল পানীৰ সৈতে মিহলি কৰি হে খাব পাৰি । ই শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে ।

লগতে পঢ়ক: ৰমজানৰ সময়ত স্বাস্থ্য অটুট ৰাখিবলৈ গ্ৰহণ কৰক এই 5 বিধ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.