ETV Bharat / sukhibhava

ৰমজানৰ সময়ত স্বাস্থ্য অটুট ৰাখিবলৈ গ্ৰহণ কৰক এই 5 বিধ খাদ্য

author img

By

Published : Apr 13, 2022, 11:18 AM IST

গৰমৰ বাবে ৰমজান মাহৰ ৰোজা সাধাৰণতে প্ৰত্যাহ্বানজনক হ'ব পাৰে । আমাৰ দেশৰ কিছুমান ৰাজ্যত এই সময়চোৱাত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ দেখিবলৈ পোৱা যায় । সেয়েহে এনে 5 বিধ খাদ্য গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে (5 dietary tips to stay healthy during Ramzan), যিয়ে আপোনাক কৰি ৰাখিব সুস্থ আৰু সবল ।

Ramzan
ৰমজানৰ সময়ত আপোনাৰ আহাৰৰ ক্ষেত্ৰত ৫ টা বিশেষ পৰামৰ্শ

সমগ্ৰ দেশতে আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ ৷ এই সময়ত ইছলামধৰ্মী লোকসকলে প্ৰায় এমাহ পৰ্যন্ত ৰোজা পালন কৰে । এই ৰোজাই শৰীৰটোক বিষমুক্ত কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয় । ৰমজান মাহৰ ৰোজা ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম । মুছলমান লোকসকলে পুৱা চেহেৰীৰ পৰা সূৰ্যাস্তৰ সময়চোৱালৈ উপবাসে থাকে ।

এই সময়চোৱাত বিশেষকৈ বহু ৰাজ্যত প্ৰচণ্ড গৰম অনুভৱ কৰা যায় ৷ যাৰ বাবে শৰীৰটোক শীতল কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰে । সেয়েহে এনে 5 বিধ খাদ্য গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে (5 dietary tips to stay healthy during Ramzan), যিয়ে আপোনাক কৰি ৰাখিব সুস্থ আৰু সবল ৷

1. যথেষ্ট পৰিমাণে পানী সেৱন কৰক (Drink a lot of water) :

প্ৰচণ্ড গৰমৰ লগতে ৰাজ্যবোৰত গৰম বতাহৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । ৰোজা ৰখাৰ এই সময়ত শৰীৰটোক শীতল কৰি ৰখাটো সেয়ে অত্যাৱশ্যকীয় হৈ পৰে । দিনটোৰ বাবে শীতল হৈ থাকিবলৈ থাকিবলৈ কমেও দুই লিটাৰ পানী সেৱন (Drink a lot of water during Ramzan) কৰাৰ অভ্যাস গঢ়ি তোলক । ফজৰৰ কমেও আধা ঘণ্টাৰ আগতে চেহেৰি গ্ৰহণ কৰা উচিত ৷ যাতে আপোনাৰ ওচৰত কেৱল পানী সেৱন কৰাৰ বাবে কমেও 30 মিনিট সময় থাকে । একেবাৰতে গোটেই পানী সেৱন নকৰি লাহে লাহে খাওক ৷ এই সময়ত চাহ আৰু কফি পৰিহাৰ কৰিব, কিয়নো সেইবোৰে আপোনাৰ শৰীৰৰ সন্তুলিত তাপমাত্ৰা নিষ্কাশন কৰিব পাৰে ।

2. প্ৰাক-আহাৰ অন্তৰ্ভুক্ত কৰিব (Include pre-meals) :

চেহেৰীৰ সময়ৰ পূৰ্বে আহাৰত বাদাম আৰু বীজ জাতীয় খাদ্য অন্তৰ্ভূক্ত কৰক, যিবোৰ প্ৰ'টিন আৰু আঁহেৰে সমৃদ্ধ । এইবোৰে আপোনাক দীঘলীয়া সময়ৰ বাবে পেট পূৰাই ৰাখি ভোক অনুভৱ কৰাৰ পৰা বিৰত ৰাখিব ৷ প্ৰায় 30 মিনিটৰ বিৰতিৰ পিছত প্ৰধান আহাৰ গ্ৰহণ কৰক ।

3. ইফটাৰৰ আহাৰৰ ওপৰত গুৰুত্ব দিয়ক (Keep a check on the Iftar meal) :

যদিও গোটেই দিনটো ৰোজা ৰখা যায়, তথাপিও ব্ৰত ভঙাৰ পিছত প্ৰিয় সুস্বাদু খাদ্য বেছিকৈ গ্ৰহণ নকৰিব । খালী পেটত ইফটাৰ গ্ৰহণ কৰাৰ সময়ত আপোনাৰ আহাৰৰ ওপৰত নিৰীক্ষণ ৰাখিবলৈ পাহৰিব নালাগে ।

4. খেজুৰ অতি আৱশ্যক (Dates are must) :

ভিটামিন কে সমৃদ্ধ খেজুৰে আপোনাৰ শৰীৰৰ কোষবোৰত তৰল পদাৰ্থ জমা কৰাত সহায় কৰে । কিয়নো সেইবোৰ গ্লুক’জৰ প্ৰাকৃতিক উৎস । খেজুৰ আহাৰত অন্তৰ্ভুক্ত কৰাটো এটা পৰম্পৰা । খেজুৰ কপাৰ, চেলেনিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ ।

5. দৈ খাবলৈ নাপাহৰিব (Don't miss yoghurt) :

প্ৰচুৰ পৰিমাণে ৰস থকা ফল আৰু পাচলিৰ উপৰিও চেহেৰীৰ বাবে সৰ্বশ্ৰেষ্ঠ খাদ্য হৈছে দৈ । দৈয়ে পাকস্থলী ঠাণ্ডা কৰাৰ লগতে এচিডিটি প্ৰতিৰোধ কৰাত সহায় কৰে ৷ লগতে ডি-হাইড্ৰেচনৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে দৈয়ে ।

ৰমজানৰ সময়ত ৰোজা পালন কৰোঁতে প্ৰতিগৰাকী ব্যক্তিয়ে মনত ৰখা উচিত যে, সকলোৱে নিমখীয়া, মচলাযুক্ত আৰু চেনীযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে । এইসমূহ কিছু সাধাৰণ পৰামৰ্শ যদিও অত্যন্ত গুৰুত্বপূৰ্ণ ৷ এই পৰামৰ্শবোৰে ৰমজানৰ সময়ত আপোনাক স্বাস্থ্যৱান আৰু সুস্থিৰ হৈ থকাত সহায় কৰিব পাৰে ।

লগতে পঢ়ক : ম'বাইল ৰেডিয়েশ্যন কি আৰু ই আপোনাৰ ছালক কেনেদৰে প্ৰভাৱিত কৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.