ETV Bharat / sukhibhava

ম'বাইল ৰেডিয়েশ্যন কি আৰু ই আপোনাৰ ছালক কেনেদৰে প্ৰভাৱিত কৰে ?

author img

By

Published : Apr 10, 2022, 8:03 PM IST

আমি সকলো সময়তে ব্যৱহাৰ কৰি থকা ম'বাইল ফোন, কম্পিউটাৰ, লেপটপ আদি ইলেক্ট্ৰনিক সঁজুলিয়ে কিছুমান বিকিৰণ বা ৰেডিয়েশ্যন নিৰ্গত কৰে (Electronic devices emit some radiation)। এই ৰেডিয়েশ্যন কি হয়টো আপোনালোকে জানে । কিন্তু আপোনাৰ ছালৰ ওপৰত ই কেনে ধৰণৰ প্ৰভাৱ পেলায় আপুনি জানেনে ? সেই বিষয়ে ইয়াত উল্লেখ কৰা হ'ল ।

mobile radiation
ম'বাইল ৰেডিয়েশ্যন কি

একবিংশ শতিকাৰ সকলোবোৰ বস্তু সহজ হৈ পৰিছে । পৰৱৰ্তী প্ৰদৰ্শনীৰ টিকট হওক বা যিকোনো ঘটনাৰ খবৰে হওক বিজ্ঞানৰ যুগত তৎক্ষণাতে আপুনি জানিব পাৰে । ঘৰত বহিয়ে আপুনি সকলো তথ্য পাব পাৰে । অৱশ্যে, সহজতে সকলো খবৰ লাভ কৰা মাধ্যমবোৰৰ পৰা কিছুমান ভয়ংকৰ বস্তুও আহে যিবোৰ আমি অজানিতে গ্ৰহণ কৰি আছো !

তাৰ ভিতৰত অন্যতম ৰেডিয়েশ্যন বা বিকিৰণ (Radiation) । পূৰ্বে এই ৰেডিয়েশ্যন সম্পৰ্কে আমাৰ ধাৰণা নাছিল । কিন্তু কেনেবাকৈ, আমি জানিব পাৰিছিলো যে নীলা পোহৰে (Blue light) আমাৰ চকুৰ ক্ষতি কৰিব পাৰে (Blue light can cause damage to our eyes) আৰু আমাৰ ৰেটিনা দুৰ্বল কৰিব পাৰে । কিন্তু ই আমাৰ ছালৰ কিমান ক্ষতি কৰিব পাৰে কল্পনা কৰক । ই সঁচাকৈয়ে ভয়াৱহ হ'ব পাৰে !

আপুনি এই মুহূৰ্তত ব্যৱহাৰ কৰি থকা ম'বাইল ফোন বা আপুনি এই প্ৰবন্ধটো পঢ়ি থকা লেপটপটো । এই সকলোবোৰৰে এটা বস্তু থাকে যাক এণ্টেনা বুলি কোৱা হয় । চিগনেল টাৱাৰৰ সৈতে সংযোগ স্থাপন কৰিবলৈ এণ্টেনাবোৰ ব্যৱহাৰ কৰা হয় । সংযোগৰ এক প্ৰকাৰ হিচাপে এই এণ্টেনাবোৰে বিকিৰণ বা ৰেডিয়েশ্যন নিৰ্গত কৰে ।

যি ৰেডিয়েশ্যন এক নিৰ্দিষ্ট সময় ধৰি গ্ৰহণ কৰাৰ ফলত আমাৰ ছাল ক্ষতিগ্ৰস্ত হয় । এক আগশাৰীৰ স্কীণ কেয়াৰ ব্ৰেণ্ডৰ সহ-প্ৰতিষ্ঠাপক নম্ৰতা বাজাজে আমাক ৰেডিয়েশ্যনৰ ফলত আমাৰ ছালৰ ক্ষতি আৰু ইয়াক কেনেদৰে সুৰক্ষিত কৰিব লাগে তাৰ বিষয়ে জনাত সহায় কৰিছে ।

বিকিৰণ বা ৰেডিয়েশ্যনৰ কু-প্ৰভাৱ (Harms of the radiation)

ছালৰ ৰঙৰ পৰিৱৰ্তন (Skin discolouration): সকলো ইলেক্ট্ৰনিক সঁজুলিৰে এটা মিল আছে । সেয়া হৈছে ইয়াৰ পৰা নিৰ্গত ক্ষতিকাৰক ৰেডিয়েশ্যনৰ ছালৰ ওপৰত প্ৰভাৱ । ছালৰ ক্ষতি আজিকালি এক গুৰুত্বপূৰ্ণ ঘটনা, ছালত ৰেডিয়েশ্যন প্ৰৱেশ কৰাৰ ফলত খজুৱতি হয় আৰু ছাল শুকাই যোৱাৰ ফলত ৰঙা বা ক'লা হৈ ছালৰ ৰং সলনি কৰে (Harmful effects of radiation on skin)।

অকাল বার্ধক্য (Premature ageing): আমি বৰ্তমান ইলেক্ট্ৰনিক সঁজুলিৰ ব্যৱহাৰ বেছিকৈ কৰাৰ ফলত, আমাৰ ছালৰ পৰিৱৰ্তন বিপৰীত দিশে আগবাঢ়িছে । বিভিন্ন সঁজুলি বা সূৰ্যৰ পৰা নিৰ্গত ৰেডিয়েশ্যনে আমাৰ ছালত টেনিং বেডৰ (Tanning bed) সৃষ্টি কৰে । অতিবেঙুণীয়া ৰশ্মিৰ অত্যাধিক সংস্পৰ্শলৈ আহিলে ই ছালৰ ভিতৰৰ কোষবোৰক ক্ষতি কৰে (UV rays harms the inner layer of tissues)। সেয়েহে ৰেডিয়েশ্যনে আমাক অকাল বাৰ্ধক্য (Radiation leads us to premature ageing) আৰু ছালত কিছুমান পাৰ্শ্বক্ৰিয়া দেখুৱায় ।

ব্ৰেকআউট (The breakouts): যেতিয়া আমাৰ ছালে আমাৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে মিলিব নোৱাৰে, ই বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰে । তেনে পৰিৱেশৰ কাৰণে দেখা দিয়া সাধাৰণ সমস্যাবোৰৰ ভিতৰত অন্যতম ব্ৰেকআউট (Breakouts)। ছালে ইয়াৰ সুৰক্ষাৰ বাবে থকা উপাদানবোৰ হেৰুৱায় বা অধিক সংবেদনশীল হৈ পৰে, যি অৱশেষত ব্ৰেকআউটৰ ৰূপত দেখা দিয়ে ।

ছালৰ পিগমেণ্টেশ্যন (Skin pigmentation): ৰেডিয়েশ্যন আৰু নীলা লাইটৰ ফলত হোৱা ছালৰ সকলো ক্ষতি যদি বিবেচনা কৰা হয়, ছালৰ পিগমেণ্টেশ্যন (Skin pigmentation) হৈছে আটাইতকৈ বেয়া আৰু সম্ভৱতঃ আটাইতকৈ বিৰক্তিকৰ ছালৰ পৰিস্থিতি (Skin pigmentation is most complex problems caused by radiation)। আমি ইয়াক যিমানে এৰাই চলিব নিবিচাৰো কিয়, কিন্তু নোৱাৰো । ছালৰ পিগমেণ্টেশ্যন হৈছে এনে এক স্থিতি যেতিয়া ছালৰ বিভিন্ন অংশত ক'লা দাগ পৰে ।

ছালৰ সংবেদনশীলতা (Skin sensitivity): বয়স হোৱাৰ লগে লগে, ছালৰ সংবেদনশীলতা হৈছে এক আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক যিয়ে আমাৰ ছালক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু স্থায়ী ক্ষতি কৰে । যাৰ ফলত সহজে ৰঙা পৰা বা আমাৰ ছালবোৰ শুকান হৈ পৰে । ছালৰ সংবেদনশীলতাই আপোনাৰ ছালৰ শক্তি দুৰ্বল কৰে (Skin sensitivity weakens the strength of your skin)। কিয়নো ছাল যিমানে সংবেদনশীল হয়, ছালে বায়ুৰ ক্ষতিকাৰক কণাবোৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস কৰে । তেতিয়াই ৰেডিয়েশ্যন ছালত প্ৰৱেশ কৰি ইয়াক দুৰ্বল কৰি পেলাই আৰু আপুনি একো সহ্য কৰিব নোৱৰা হয় ।

ক'লা দাগ (Dark circles): কল্পনা কৰক গোটেই মুখখন নিখুঁত আৰু চকুৰ চাৰিওফালে আছে ঘূৰণীয়া ক'লা দাগ ! যদি আপুনি আমাক সোধে, ছালৰ এনে ক্ষতিৰ ওপৰত কিবা কৰিব পাৰি নেকি । যিমানে ভাল ছাল নহওক কিয় এনে ডাঠ ক’লা দাগ ই ঠিক কৰিব নোৱাৰে ।

নম্ৰতাই আমাৰ ছালক ৰেডিয়েশ্যনৰ পৰা সুৰক্ষিত কৰাৰ বাবে পৰামৰ্শ দিছে :

  • আপুনি বাহিৰলৈ ওলাই আহি সতেজ বতাহ লওক যাতে আপোনাৰ ছালখনে ৰেডিয়েশ্যনতকৈও বেছি সতেজ বতাহ পায় ।
  • অত্যাধিক পানী খোৱাৰ বাহিৰে বেলেগ বিকল্প নাই । আপুনি যিমানে পাৰে পানী সেৱন কৰক । যিমানে পানী খাব আপোনাৰ ছাল সিমানে উজ্জল হ'ব । সেয়েহে, পানী খাওক আৰু ৰেডিয়েশ্যনৰ পৰা নিজকে ৰক্ষা কৰক ।
  • নিয়মীয়াকৈ আপোনাৰ মুখ ধুব আৰু আপোনাৰ চকু দুটাও ভালদৰে ধুব । মন কৰিব যাতে ক্ষতিকাৰক ৰেডিয়েশ্যনৰ অলপো অংশ আপোনাৰ ছালত নাথাকে ।
  • সকলো ধৰণৰ ৰেডিয়েশ্যনৰ পৰা আপোনাৰ ছালখনক সুৰক্ষা দিবলৈ দৈনিক ৰেডিয়েশ্যন সুৰক্ষা ফেচ ক্ৰীম (radiation protection face cream) ব্যৱহাৰ কৰক ।
  • ইলেক্টনিক সজুঁলিবোৰ কম সময় ব্যৱহাৰ কৰক আৰু শোৱাৰ সময়ত আপুনি ফোন ব্যৱহাৰ নকৰিব ।

লগতে পঢ়ক :E cigarette can lead to smoking: ই-চিগাৰেট ধূম্ৰপানৰ বিকল্প নহয়, বৰঞ্চ ই ধূম্ৰপানৰ প্ৰতি আসক্তি বৃদ্ধিহে কৰে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.