ETV Bharat / sukhibhava

E cigarette can lead to smoking: ই-চিগাৰেট ধূম্ৰপানৰ বিকল্প নহয়, বৰঞ্চ ই ধূম্ৰপানৰ প্ৰতি আসক্তি বৃদ্ধিহে কৰে

author img

By

Published : Apr 9, 2022, 6:26 PM IST

E cigarette can lead to smoking
ই-চিগাৰেট ধূম্ৰপানৰ বিকল্প নহয়

যুৱপ্ৰজন্মৰ মাজত বৰ্তমানে খুবেই জনপ্ৰিয় ভেপিং ট্ৰেণ্ড ৷ তেওঁলোকে ভাৱে ধূমপানতকৈ ই বহুগুণে উন্নত ৷ কিন্তু তেওঁলোকে জানেনে এই অভ্যাসে আচলতে তেওঁলোকক ধ্বংসৰ গৰাহলৈহে ঠেলি দিছে (E cigarette can be harmful too) ৷ এই বিষয়ত চলা এটা অধ্যয়নৰ বিষয়ে আপোনালোকলৈ আগবঢ়ালো ৷

ই-চিগাৰেটৰ ক্ষতিকাৰক প্ৰভাৱ কি ? বিক্ৰেতাসকলে দাবী কৰাৰ দৰে সঁচাই ইয়াৰ ব্যৱহাৰ চিগাৰেটতকৈ সুৰক্ষিত নে ? ভেপিং বা ই-চিগাৰেটক লৈ এনে বহুতো প্ৰশ্ন প্ৰায়ে উদয় হয় ।

ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ সৈতে জড়িত বহুলোকে অনুমান কৰিছে যে ভেপিঙে স্কুলীয়া শিশুসকলৰ মাজত ধূমপানৰ সম্ভাৱনা বৃদ্ধি কৰিব । অষ্ট্ৰেলিয়ান সকলৰ ক্ষেত্ৰত এই বাষ্পৰ ব্যৱহাৰৰ হাৰ অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছেই । শেহতীয়া গৱেষণাই দেখুৱাইছে যে, ভেপিঙে যিকোনো বয়সৰ লোকৰে স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে (E cigarette can affect any age group people)। ফেডাৰেল স্বাস্থ্য বিভাগ আৰু অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্চিটিৰ গৱেষকসকলে কৰা এক অধ্যয়নত পোৱা গৈছে যে ই-চিগাৰেট ব্যৱহাৰৰ ফলত লাভতকৈ লোকচানেই যথেষ্ট বেছি ।

ই-চিগাৰেট নতুবা ভেপিঙৰ যন্ত্ৰটোত যি তৰল পদাৰ্থ উশাহ ল’বৰ এৰোচ'লাইজ কৰা হয় সেইয়া স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক এই বিষয়ে গৱেষণাটোত অধ্যয়ন কৰা হৈছিল ৷ পৰ্যালোচনাত চূড়ান্ত প্ৰমাণ পোৱা গৈছে যে ই-চিগাৰেটৰ সেৱনৰ ফলত হাঁওফাঁওৰ তীব্ৰ (হ্ৰস্বম্যাদী) সমস্যা, বিষক্ৰিয়া, পোৰা ঘাঁ আদি হয় । সমান্তৰালকৈ ডিঙিৰ জ্বলা পোৰা, ওকালি অহা আদি লক্ষণেও দেখা দিব পাৰে ৷

যিসকলে কেতিয়াও ধূমপান কৰা নাই, যদি তেওঁলোকে ই-চিগাৰেট ব্যৱহাৰ কৰে, তেন্তে ই-চিগাৰেট ব্যৱহাৰ নকৰা লোকৰ তুলনাত ব্যৱহাৰকাৰী সকলৰ ধূমপান কৰাৰ সম্ভাৱনা তিনিগুণ বেছি হৈ পৰে (E cigarette can lead to smoking) ।

সমীক্ষাত দেখা গৈছে যে ই-চিগাৰেটে ব্যক্তিসকলক ধূমপান বন্ধ কৰাত সহায় কৰ । কিন্তু ই-চিগাৰেট ব্যৱহাৰৰ ফলত প্ৰাক্তন ধূম্ৰপায়ীসকলে যে পুনৰ ধপাত সেৱন নকৰিব বা তাৰ প্ৰতি আসক্তি অনুভৱ নকৰিব তাৰ কোনো উচিত ব্যাখ্যা এই অধ্যয়নে দিব পৰা নাই । ই-চিগাৰেটৰ পৰা কোনো লাভজনক ফলাফলৰ কথা সমীক্ষাত অন্তৰ্ভূক্ত হোৱা নাই । ই-চিগাৰেটে কিছুমান ব্যক্তিক ধূমপান বন্ধ কৰাত সহায় কৰিব পাৰে । সেইসমূহ কোনো প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসকৰ দ্বাৰা প্ৰেছক্ৰিপশ্বন দিহে তেনেলোকৰ এই অভ্যাস আঁতৰোৱাৰ চেষ্টা কৰা উচিত ৷

অষ্ট্ৰেলিয়ান ইনষ্টিটিউট অৱ হেল্থ এণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনৰ এক প্ৰতিবেদন অনুসৰি, 2016 চনত 18-24 বছৰীয়া লোকৰ মাজত ভেপিং হাৰ আছিল 19.2%, যি 2019 চনত 26.1% ত উপনীত হৈছিল ।

ই-চিগাৰেটৰ ব্যৱহাৰৰ নিয়ন্ত্ৰণৰ ওপৰত শক্তিশালী ব্যৱসায়িক সন্থাৰ প্ৰভাৱ আছে ৷ তেওঁলোকে বিজ্ঞাপনৰ জৰিয়তে এইটো দেখুৱাই যে চিগাৰেটৰ তুলনাত ই-চিগাৰেটে শৰীৰক কমকৈ ক্ষতি কৰে ৷ সকলোৱে মিলি এই অসৎ শক্তিবোৰৰ বিৰুদ্ধে মাত মাতিব লাগিব ৷

লগতে পঢ়ক: শৈশৱৰ কোন কেইটা কাৰকে পিছলৈ হৃদৰোগ বা ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.