ETV Bharat / sukhibhava

শৈশৱৰ কোন কেইটা কাৰকে পিছলৈ হৃদৰোগ বা ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে ?

author img

By

Published : Apr 8, 2022, 2:07 PM IST

বৰ্তমান সময়ত হৃদৰোগ বা ষ্ট্ৰোক এক ভয়ংকৰ বিষয় হৈ পৰিছে । প্ৰতিদিনে হাজাৰ হাজাৰ লোক এই জটিল সমস্যাৰ সন্মুখীন হোৱা দেখা যায় । কিন্তু আপুনি জানেনে কিশোৰ বা শৈশৱৰ কিছুমান কাৰকে পৰৱৰ্তী সময়ত এই ৰোগৰ কাৰণ হৈ পৰে (Childhood risk factors predict heart attacks and strokes)। ইতিমধ্যে এক অধ্যয়নত পোহৰলৈ আহিছে তেনে ৫ টা কাৰকৰ কথা । সেই ৫ টা কাৰক কি ?

strokes
শৈশৱৰ ৫ টা অসাৱধানতাৰ বাবে পিছলৈ হ'ব পাৰে হৃদৰোগ বা ষ্ট্ৰোক

মৰ্ডক চিল্ড্ৰেন ৰিচাৰ্চ ইনষ্টিটিউটৰ (MCRI) গৱেষক আৰু ইণ্টাৰনেশ্যনেল চাইল্ড কাৰ্ডিওভাস্কুলাৰ কনচৰ্টিয়াম (i3C)ৰ এক অধ্যয়নত দেখা গৈছে ৪০ বছৰৰ পূৰ্বৰ কাৰ্ডিওভাস্কুলাৰ ঘটনাৰ বাবে মূলত শৰীৰৰ ভৰ সূচক, ৰক্তচাপ, কলেষ্টেৰল (cholesterol), ট্ৰাইগ্লিচাৰাইড (তেজত পোৱা এক প্ৰকাৰৰ চৰ্বি) আৰু শৈশৱৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰা ধূমপান মূলত জগৰীয়া (Study of MCRI and i3C on heart attack)। মৰ্ডক চিল্ড্ৰেনছৰ জ্যেষ্ঠ গৱেষক তথা লেখক প্ৰফেচাৰ টেৰেঞ্চ ডায়েৰে কয় যে হৃদৰোগৰ বাবে বিভিন্ন চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে যদিও ইয়াক প্ৰতিহত কৰিবলৈ প্ৰতিৰোধমূলক ৰণনীতি গ্ৰহণ অতি দৰকাৰ । এই অধ্যয়নটোৱে নিশ্চিত কৰে যে প্ৰতিৰোধ প্ৰক্ৰিয়া শৈশৱতে আৰম্ভ কৰিব লাগে (Cardiovascular prevention should begin in childhood)।

শিশু অৱস্থাৰ পৰাই সকলোৰে শৰীৰৰ আকাৰ, ৰক্তচাপ, আৰু ৰক্ত লিপিড ভিন্ন হোৱাৰ লগতে কাৰ্ডিওভাস্কুলাৰ ৰোগ সচৰাচৰ হোৱা বয়সত অনুসৰণ কৰাত বিফলতা হোৱাৰৰ ফলত এনে ধৰণৰ দীৰ্ঘম্যাদি অধ্যয়ন অসম্ভৱ হৈ পৰে । ৰোগৰ ক্ষেত্ৰত প্ৰাৰম্ভিক জীৱনৰ প্ৰভাৱ অধ্যয়ন কৰাটো সদায়ে অতি কঠিন বুলি ধাৰণা কৰা হয় । কিন্তু i3Cৰ গৱেষকসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল কিয়নো তেওঁলোকে জানিছিল যে শেষত গৈ ই মানৱ স্বাস্থ্যৰ সাম্ভাব্য লাভালাভৰ বাবে যথেষ্ট হ'ব পাৰে ।

অধ্যয়নটোত অষ্ট্ৰেলিয়া, ফিনলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৮,৫৮৯ গৰাকী অংশগ্ৰহণকাৰী আছিল, যাক ৩৫-৫০ বছৰ বয়সলৈকে ৩-১৯ বছৰ বয়সৰ পৰা অনুসৰণ কৰা হৈছিল । অধ্যাপক ডুয়েৰে কয় যে গৱেষণাটোত দেখা গৈছে কিছুমানৰ ক্ষেত্ৰত শৈশৱৰ পাঁচোটা বিপদাশংকাৰ কাৰক দেখা গৈছে । যিবোৰৰ এটা বা মিশ্ৰনত পাছলৈ মাৰাত্মক আৰু সাধাৰণ কাৰ্ডিওভাস্কুলাৰ ঘটনাৰ ৰূপ লৈছে ।

নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত ফলাফলবোৰে দেখুৱাইছে যে অধ্যয়ন কৰা আধাতকৈ অধিক শিশুৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্ক কাৰ্ডিওভাস্কুলাৰ ঘটনাৰ বিপদাশংকা দেখা গৈছিল (Childhood risk factors predict heart attacks and strokes)। কিছুমানৰ গড় বিপদাশংকা কাৰকৰ তুলনাত প্ৰায় ৯ গুণ বেছি আছিল ।

অধ্যাপক ডুয়েৰে কয় যে যদিও এই প্ৰমাণ পূৰ্বে পোৱা হোৱা নাছিল, তথাপিও এই ফলাফলবোৰত আচৰিত হ'বলগীয়া একো নাই কিয়নো কিছু সময়ৰ পৰা দেখা গৈছে যে পাঁচ বছৰৰ কম বয়সৰ শিশুৰ ক্ষেত্ৰত ধমনীত চৰ্বি জমা হোৱাৰ আগতীয়া লক্ষণ দেখা গৈছে । এই নতুন প্ৰমাণে শিশুৰ ক্ষেত্ৰত এই বিপদাশংকাৰ কাৰকবোৰৰ বিকাশ প্ৰতিহত কৰিবলৈ অধিক গুৰুত্ব দিয়াটো আৱশ্যক কৰি তুলিছে । চিকিৎসক আৰু বিশেষজ্ঞসকলে এতিয়া এই ক্ষেত্ৰত কেনেদৰে কাম কৰি সফলতা আনিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া আৰম্ভ কৰিব লাগে ।

যদিও প্ৰাপ্তবয়স্ক অৱস্থাত খাদ্যৰ পৰিৱৰ্তন, ধূমপান ত্যাগ, অধিক সক্ৰিয় হোৱা আৰু উপযুক্ত ঔষধ গ্ৰহণ কৰাটো এই ক্ষেত্ৰত সহায়ক হয় কিন্তু শৈশৱ আৰু কৈশোৰতে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বিপদাশংকা হ্ৰাস কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিব পাৰি ।

লগতে পঢ়ক :দেশবাসীক স্বাস্থ্যসন্মত খাদ্যসূচীৰ প্ৰতি উৎসাহিত কৰিবলৈ খাদ্য প্ৰণালীৰ সংশোধনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.