ETV Bharat / sukhibhava

Recipe: ঘৰতে উপলব্ধ বুট-মগুৰে কিদৰে সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰি জানি লওক

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:02 PM IST

Recipe
ঘৰতে উপলব্ধ বুট-মগুৰে কিদৰে সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰি জানি লওক

বুট-মুগু সকলোৰে ঘৰতে থাকে ৷ বুট-মগুৰে বিভিন্ন খাদ্য ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি ৷ আজি আপোনালোকৰ বাবে লৈ আহিছো বুট-মগুৰ দুটা ৰেচিপি ৷

ঘৰতে উপলব্ধ বুট-মগুৰে কিদৰে সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰি জানি লওক

বুট-মুগু সকলোৰে ঘৰতে থাকে ৷ বুট-মগুৰে বিভিন্ন খাদ্য ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি ৷ আজি আপোনালোকৰ বাবে লৈ আহিছো বুট-মগুৰ দুটা ৰেচিপি ৷

বুট-মগুৰ বৰৰ সৈতে আলুৰ তৰকাৰী

ইয়াৰ বাবে লাগিব পৰিমাণ অনুসৰি বুট-মুগু, আলু, মছলা, পিয়াঁজ, জলকীয়া,নিমখ (সোৱাদ অনুসৰি), আদা, নহৰু, ধনীয়া গুৰি, জিৰা গুৰি, তেজপাত, বেচন ৷

তিয়াই থোৱা বুট-মুগু খিনি প্ৰথমতে বইল কৰি ল'ব লাগিব ৷ তাৰ পিছত কাটি থোৱা আলুখিনি ভাল দৰে ভাজি ল'ব লাগিব ৷

বুট-মগুৰ বৰ বনাবলৈ এটা পাত্ৰত বেচন আৰু বইল কৰি থোৱা বুট-মুগু, সোৱাদ অনুসৰি নিমখ দি ভালদৰে মিশ্ৰণ তৈয়াৰ কৰি ল'ব লাগিব ৷ তাৰ পিছত তাত অকমান হালধী গুৰি, কাশ্মীৰী জলকীয়া গুৰি দি তাৰ পিছত পুনৰবাৰ ভালদৰে মিশ্ৰণ কৰি ল'ব লাগিব ৷ তাৰ পিছত তেলত সৰু সৰুকৈ বৰ কেইটা ভাজি ল'ব লাগিব ৷

বৰ কেইটা ভাজি হোৱাৰ পিছত, সেই কেৰাহীতে শুকান জলকীয়া, তেজপাত, পিয়াঁজ দি ভালদৰে ভাজি ল'ব লাগিব ৷ তাৰ পিছত মচলাৰ বনাই থোৱা পেষ্টটো তাত দি পুনৰবাৰ ভাল দৰে ভাজি ল'ব লাগিব ৷ ভালদৰে ভজা হোৱাৰ পিছত তাত ভাজি থোৱা আলুখিনি দি দিব লাগিব ৷ তাৰ পিছত অকণমান গৰম পানী দি ভাল দৰে উতলিবলৈ দিব লাগিব ৷ ভাল দৰে উতলাৰ পিছত তাত ভাজি থোৱা বৰ কেইটা দি দিব লাগিব ৷ গোটেইখিনি ভালদৰে উতলাৰ পিছত গৰম মছলা ১/২চামুচ দি নুমাই থব লাগিব ৷

বুট-মগুৰ পৰঠা

বুট-মগুৰ পৰঠাৰ বাবে লাগিব সিজাই থোৱা বুট-মুগু, আটা বা ময়দা, তেল, নিমখ, পিয়াঁজ, মচলা ৷

প্ৰথমে কেৰাহীটো গৰম হ'ব দিব লাগিব ৷ তাৰ পিছত অকমান তেল দি দিব লাগিব ৷ তেলখিনি গৰম হোৱাৰ পিছত তাত কাটি থোৱা পিয়াঁজ খিনি দি ভাল দৰে ভাজি ল'ব লাগিব ৷ পিয়াঁজখিনি ভালদৰে ভজাৰ পিছত তাত বইল কৰি থোৱা বুট-মুগু খিনি দি ভাল দৰে ভাজি ল'ব লাগিব ৷ তাৰ পিছত তাত অকমান গৰম মছলা দি ভালদৰে লৰাই দিব লাগিব ৷ ভজা হোৱাৰ পিছত গোটেই সামগ্রীখিনি এটা পাত্ৰত উঠাই ভালদৰে মেথি ল'ব লাগিব ৷

আটাখিনি ভালদৰে মেথি লৈ তাৰ পিছত সৰু সৰু লাড়ু বনাই তাৰ ভিতৰত বুট-মগুৰ মিশ্ৰণটো দি ভাল দৰে বেলি ল'ব লাগিব ৷ তাৰ পিছত গৰম কেৰাহীত তেল অকমান দি ভাজি ল'ব লাগিব ৷

এনেদৰে আপুনি ঘৰতেই বুট-মগুৰ পৰঠা আৰু তৰকাৰী বনাই জুতি ল'ব পাৰে ৷

লগতে পঢ়ক: Assamese Mah-prasad: আমি ব্যৱহাৰ কৰা মাহ প্ৰসাদৰ গুণাগুণ সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.