ETV Bharat / sukhibhava

Assamese Mah-prasad: আমি ব্যৱহাৰ কৰা মাহ প্ৰসাদৰ গুণাগুণ সম্পৰ্কে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 2:14 PM IST

পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ নামঘৰ-সত্ৰ । এই সময়ত নামঘৰে নামঘৰে মাহ-প্ৰসাদ আদি বিতৰণ কৰা হয় ৷ কিন্তু এই মাহ প্ৰসাদৰ কিমান পুষ্টিকৰ গুণাগুণ আছে সেই বিষয়ে হয়তো বহু কম সংখ্যক লোকহে জ্ঞাত ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি ইয়াৰ পুষ্টিকৰ গুণাগুণ সম্পৰ্কে জানো আহক...

Let's learn about the nutritional properties of Assamese Prashad
ভাদ মাহত খোৱা মাহ-প্ৰসাদৰ গুণাগুণ সম্পৰ্কে জানো আহক

ভাদ মাহক আমাৰ অসমীয়া সমাজত এক পৱিত্ৰ মাহ বুলি গণ্য কৰা হয় ৷ বিশেষ বিশেষত্বৰে পৰিপূৰ্ণ এই ভাদ মাহ । বৈষ্ণৱধৰ্মীয় লোকসকলে এই মাহটোত পৱিত্ৰ মনেৰে নাম-গুণ গায় ঈশ্বৰ আৰাধনা কৰে ৷ কাৰণ এই পৱিত্ৰ ভাদ মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ ঘটিছিল । সেয়ে এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ নামঘৰ-সত্ৰ ৷

মহাপুৰুষজনা বৈকুণ্ঠগামী হোৱা বাবে এই মাহত বৈষ্ণৱধৰ্মী লোকসকলে প্ৰতিদিনে নাম-কীৰ্তন কৰি আহিছে । ১৪ শ শতিকাত গুৰুজনাই মানুহৰ মাজত ভক্তিৰ ভাৱ জগাই ঈশ্বৰৰ প্ৰতি বিশ্বাস স্থাপন কৰিবৰ বাবে নাম গোৱাৰ প্ৰথা আৰম্ভ কৰিছিল । সেয়ে তেওঁ এই মাহত নামঘৰত গুৰুজনাৰ নাম গাই তেওঁক স্মৰণ কৰি সকলো ভক্তিৰসত বিলীন হৈ পৰে ৷

নাম প্ৰসংগৰ লগতে নামঘৰে নামঘৰে মাহ-প্ৰসাদ আদি বিতৰণ কৰা হয় ৷ কিন্তু এই মাহ প্ৰসাদৰ কিমান পুষ্টিকৰ গুণাগুণ আছে সেই বিষয়ে হয়তো বহু কম সংখ্যক লোকহে জ্ঞাত ৷ উল্লেখ্য যে, সমাজৰ বিভিন্ন শ্ৰেণী, জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে নামঘৰৰ দুৱাৰ সদায় খোলা থাকে । এয়া আছিল সেই সময়ত জাতি-বৰ্ণৰ নামত ভাগ ভাগ হৈ পৰা অসমীয়া লোকসকলক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া সমাজ গঢ়ি তোলাৰ এক বলিষ্ঠ পদক্ষেপ আছিল ।

উল্লেখ্য যে, গুৰুজনাই কলপাতত বিভিন্ন কেঁচা খাদ্য একেলগে খোৱাৰ সু-অভ্যাস প্ৰথা আৰম্ভ কৰিছিল ৷ কিন্তু ইয়াৰ সৈতেও আমাৰ সুস্বাস্থ্যৰ এক বিশেষ সম্পৰ্ক আছে ৷ প্ৰথমেই আহিছো কলপাতৰ কথালৈ । কলপাতত খোৱাটো স্বাস্থ্যসন্মত আৰু এনেদৰে খোৱা প্ৰসাদৰ সোৱাদ খুবেই সুকীয়া । কিয়নো প্ৰসাদৰ সৈতে কলপাতৰ গোন্ধ মিহলি হৈ ইয়াক এক বিশেষ সোৱাদ প্ৰদান কৰে ।

নানা ফল-মূলৰ সমাহাৰেৰে সজাই দিয়া প্ৰসাদ যেনেদৰে আকৰ্ষণীয়, তেনেদৰে নানা পুষ্টি গুণেৰে ভৰা । প্ৰসাদৰ পাতখিনিক আমি সম্পূৰ্ণ এসাঁজ মূল আহাৰ বুলিও ক’ব পাৰো । বুট-মগু প্ৰ’টিন, বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ ৷ প্ৰসাদপৰ সৈতে পৰিবেশন কৰা বিভিন্ন ফলত থাকে অফুৰন্ত মাত্ৰাত শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী গুণাগুণ, শক্তি সমৃদ্ধ নানা ভিটামিন আৰু খনিজ পদাৰ্থ ।

তাৰোপৰি ইয়াত থাকে সুস্বাস্থ্যৰ বাবে আৱশ্যকীয় আঁহ । প্ৰসাদৰ লগত দিয়া ফলৰ ভিতৰত কল, নাৰিকল, কুঁহিয়াৰো আছে আচৰিত গুণাগুণ । ইয়াৰ লগতে টেঙা জাতীয় ফলো প্ৰসাদৰ সৈতে আগবঢ়োৱা হয় । এই ফল-মূলসমূহত থকা পুষ্টিগুণসমূহ এনেধৰণৰ–

  • নাৰিকল

নাৰিকলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, আদি থাকে । নাৰিকলত থকা ফেটি এচিড হৃদপিণ্ডৰ বাবে উপকাৰী । লগতে নাৰিকলে আমাৰ ছাল মৃসণ কৰি ৰখাত সহায় কৰে ।

  • কল

ই শৰীৰক শক্তি প্ৰদান কৰে । ইয়াত প্ৰচুৰ পৰিমাণৰ আয়ৰণ, পটাচিয়াম, ভিটামিন ‘চি’ আৰু আঁহ আদিৰ দৰে পুষ্টিকৰ উপাদান থাকে । তথা শৰীৰক সুস্থ কৰি ৰখাত কলে সহায় কৰে ৷

  • কুঁহিয়াৰ

কুহিয়াৰে শৰীৰক শক্তি প্ৰদান কৰে । লগতে ইয়াত আয়ৰণ, আঁহ আদি থাকে । ইফালে কুঁহিয়াৰে আপোনাৰ যকৃৎ, পাচনতন্ত্ৰ, তথা কিডনীক সুস্থ কৰিল ৰখাত বিশেষ ভূমিকা পালন কৰে ৷

  • মধুৰীআম

কোষ্ঠকাঠিন্য, মধুমেহ, আদি ৰোগৰ বাব মধুৰীআমক খুবেই এবিধ উপকাৰী ফল হিচাপে গণ্য কৰা হয় ৷ তথা মধুৰীআমত আয়ৰণৰ ভাল উৎস আৰু ভিটামিন ‘চি’ থাকে ।

  • ৰবাব টেঙা

ৰবাব টেঙাত এছকৰিক এচিডৰ ৰুপত ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায় । তথা ভিটামিন ‘চি’ও ৰবাব টেঙাত পোৱা যায় ৷

  • কমলা

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, পেটৰ স্বাস্থ্য, চুলিৰ পৰা ছাললৈকে কমলা আমাৰ বাবে খুবেই এবিধ উপকাৰী ফল ৷ কমলাত ভিটামিন ‘চি’, কেৰোটিন, আঁহ আদি পোৱা যায় ।

  • বগৰী

বগৰীত ভিটামিন ‘চি’, আয়ৰণ, জিংক আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় ।

  • মৌচুমী

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, যকৃৎ, তথা ছাল আৰু চুলিৰ বাবে মৌচুমী এবিধ অতি গুণকাৰী ফল

প্ৰসাদৰ সৈতে মিহলোৱা আদাই বুট-মাহ হজম কৰাত সহায় কৰে তথা আদাই গেছট্ৰিকৰ সমস্যা নিৰাময়ৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷ কেৱল সেয়াই নহয় প্ৰসাদৰ সৈতে দিয়া আদাই প্ৰসাদক এক সুন্দৰ গোন্ধ আৰু এক অনন্য সোৱাদ প্ৰদান কৰে । এই সকলোখিনিৰ লগত থাকে শক্তি যোগানকাৰী সংমিশ্ৰণ । ইফালে অংকুৰণ প্ৰক্ৰিয়াত থকা গাজী মাহ শৰীৰত আইৰণৰ যোগান ধৰে, তাৰোপৰি শৰীৰত ভিটামিন ‘চি’ আৰু ভিটামিন ‘বি’ শ্ৰেণীৰ ৰিবোফ্লেভিনৰ মাত্ৰা বৃদ্ধি পায় । তদুপৰি গাজী মাহ সহজে হজম হয় ।

লগতে পঢ়ক: Vastu tips: এখন ঘৰত সঠিক বাস্তু কেনেদৰে নিৰ্ণয় কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.