ETV Bharat / state

Vastu tips: এখন ঘৰত সঠিক বাস্তু কেনেদৰে নিৰ্ণয় কৰিব পাৰি ?

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:17 PM IST

বাস্তুশাস্ত্ৰ মতেই ঘৰ এখনৰ বাস্তু নিৰ্ণয় অতি প্ৰয়োজনীয় । বাস্তুমতে ঘৰৰ কোনটো স্থানত কি থকা উচিত সেই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই ।

vastu-tips-know-which-things-to-keep-in-which-direction-of-the-house
কোনবোৰ বস্তু ঘৰৰ কোন দিশত ৰখাটো শুভ

কোনবোৰ বস্তু ঘৰৰ কোন দিশত ৰখাটো শুভ

জীৱনত সুখ-সমৃদ্ধি আৰু সফলতা লাভ কৰিবলৈ বাস্তু শাস্ত্ৰত বহু পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে। ঘৰত থকা বস্তুবোৰে আমাৰ জীৱনত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পেলায়। যদি বাস্তুৰ নিয়ম মতে বস্তু ৰখা হয়, তেন্তে ই ইতিবাচক ফল দিয়ে, নহ’লে জীৱনটো বিপদৰে ভৰি থাকে। বহু সময়ত এনেকুৱা হয় যে কঠোৰ পৰিশ্ৰমৰ পিছতো কোনো কামতে ধন-সম্পত্তি নাথাকে, সফলতাও নাথাকে। ইয়াৰ আঁৰত ঘৰৰ বাস্তু দোষো থাকিব পাৰে । জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই জনাইছে যে বাস্তুৰ মতে ঘৰত থকা বস্তুবোৰ সঠিক দিশত ৰখাটো প্ৰয়োজনীয় ।

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সকলো বস্তুতে এক শক্তি থাকে । নিগেটিভ আৰু পজিটিভ শক্তিৰে ঘৰখনক প্ৰভাৱিত কৰে । ইয়াৰোপৰি বাস্তুৰ প্ৰভাৱ ঘৰখনত বাস কৰা সদস্যসকলৰ ওপৰতো পৰে । সঠিক বাস্তু নিৰ্ণয় কৰিবলৈ হলে পাকঘৰ, উপাসনা স্থান আদি সঠিক দিশত থকা উচিত । বাস্তুশাস্ত্ৰ মতে পাকঘৰ সদায় আগ্নেয়কোণত থকা উচিত । কাৰণ আগ্নেয়কোণতো অগ্নি সম্পৰ্কিত হয় । দক্ষিণ আৰু পূৱৰ যিটো মাজৰ কোনটোক আগ্নেয়কোণ বোলা হয়। এই কোণটোত পাকঘৰ থাকিলে যথেষ্ট শুভ হয় ।

কিন্তু এটা কথা মন কৰিব লাগে যে পাকঘৰত পানী আৰু জুই কেতিয়াও একেলগে ৰাখিব নালাগে । খোৱা কাৰণে ব্যৱহাৰ কৰা পানী উত্তৰ-পূৱ দিশত ৰাখিব পাৰিলে শুভ হয় । আনহাতে পাকঘৰৰ বেচিনতো উত্তৰ-পশ্চিম দিশে ৰাখিব পাৰিলে শুভ হয় । লগতে পাকঘৰত প্ৰয়োজনীয়সমূহ যেনে- চাউল, দাইল আদি খাদ্যসামগ্ৰী সদায় দক্ষিণ-পশ্চিম দিশত ৰাখিব লাগে । এই দিশত ৰাখিলে ঘৰ এখনৰ অন্ন ভাণ্ডাৰ কেতিয়াও শেষ নহয় ।

আনহাতে এখন ঘৰৰ বাস্তু সঠিক হৈ থাকিবলৈ উপাসনা গৃহ সঠিক দিশত থকা উচিত । উপাসনাৰ স্থান সদায় উত্তৰ-পূৱ দিশত হোৱা উচিত । বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ-পূৱ দিশটো পৱিত্ৰ হিচাপে মনা হয় । সেয়ে ঘৰৰ এই দিশটো সদায় চাফ-চিকুণকৈ ৰাখিব লাগে । ঘৰ এখনৰ যদি বাস্তু সঠিক ৰূপত থাকে তেন্তে ঘৰখনত সুখ সমৃদ্ধিয়ে বিৰাজ কৰে । পৰিয়ালৰ সকলো সদস্যৰ মাজতেই মিলা প্ৰীতি থাকে। সেয়ে ঘৰ এখনৰ সঠিক বাস্তু নিৰ্ণয় কৰা অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক: Cardiac Arrest: হৃদযন্ত্ৰ বন্ধ হোৱাৰ ২৪ ঘণ্টাৰ আগতে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.