ETV Bharat / sukhibhava

Cardiac Arrest: হৃদযন্ত্ৰ বন্ধ হোৱাৰ ২৪ ঘণ্টাৰ আগতে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ...

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:34 PM IST

Cardiac Arrest: Symptoms, Causes and Treatment
পুৰুষ আৰু মহিলাৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ

পুৰুষ আৰু মহিলাৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ বেলেগ বেলেগ । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ শৰীৰত দেখা দিয়ে কিছু লক্ষণ ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

কাৰ্ডিয়াক এৰেষ্ট হৈছে এনে এটা অৱস্থা, য’ত হঠাতে বন্ধ হৈ পৰে হৃদযন্ত্ৰৰ চলাচল । এনে অৱস্থাত যদি কোনো ব্যক্তিয়ে তৎকালীন চিকিৎসা নাপায়, তেন্তে তেওঁৰ মৃত্যু হ’ব পাৰে। বিশেষজ্ঞসকলে কয় যে পুৰুষ-মহিলাৰ ক্ষেত্ৰত এই নীৰৱ হত্যাকাৰী ৰোগৰ লক্ষণ একে নহয় । হৃদযন্ত্ৰ বন্ধ হোৱাৰ পূৰ্বে কিছুমান লোকৰ ক্ষেত্ৰত ২৪ ঘণ্টা আগতেই লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।

এক গৱেষণাৰ মতে পুৰুষ-মহিলাৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ বেলেগ বেলেগ । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাটো হৃদযন্ত্ৰৰ বাবে আটাইতকৈ বিপজ্জনক অৱস্থা বুলি বিবেচিত হয়, যাৰ বাবে চিকিৎসা গ্ৰহণৰ পূৰ্বেই বেছিভাগ মানুহেই প্ৰাণ হেৰুৱাবলগীয়া হয় ।

আমেৰিকাৰ চিডাৰ্ছ চিনাই মেডিকেল চেণ্টাৰৰ শ্বমিট হাৰ্ট ইনষ্টিটিউটৰ এক নতুন গৱেষণাৰ মতে হৃদযন্ত্ৰ বন্ধ হোৱাৰ এদিন আগতে মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত কিছুমান লক্ষণ দেখা দিয়ে, যেনে মহিলাসকলে উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে । আনহাতে পুৰুষৰ ক্ষেত্ৰত বুকুৰ বিষৰ সমস্যা দেখা দিয়ে ।

হৃদযন্ত্ৰ বন্ধ হোৱাৰ পূৰ্বে শৰীৰত দেখা দিয়া লক্ষণসমূহ

হৃদযন্ত্ৰ বন্ধ হোৱাৰ কেইঘণ্টামান আগতে শৰীৰত কিছু পৰিৱৰ্তন দেখা দিয়ে । মহিলাসকলে উশাহ লোৱাত কষ্ট অনুভৱ কৰে । আনহাতে পুৰুষে বুকুৰ বিষ অনুভৱ কৰিছিল।

কাৰ্ডিয়াক এৰেষ্ট কি ?

যেতিয়া এজন ব্যক্তিৰ হৃদস্পন্দন বন্ধ হৈ পৰে আৰু ই শৰীৰৰ বাকী অংশলৈ তেজ যোগান ধৰিব নোৱাৰে তেতিয়া সেই অৱস্থাক কাৰ্ডিয়াক এৰেষ্ট বুলি কোৱা হয়।

কাৰ্ডিয়াক এৰেষ্ট হ’লে কি হয় ?

কোনো ব্যক্তিৰ হৃদযন্ত্ৰ বন্ধ হৈ গ’লে মিনিটৰ ভিতৰতে তেওঁ অচেতন হৈ পৰে বা অজ্ঞান হৈ পৰে । চিন্তনীয় বিষয় যে যদি ইয়াৰ তাৎক্ষণিক চিকিৎসা নাপায় তেন্তে ব্যক্তিজনৰ মৃত্যু হ’ব পাৰে ।

হৃদযন্ত্ৰ বন্ধ হোৱাৰ কাৰণ কি ?

হৃদযন্ত্ৰ বন্ধ হোৱাৰ এটা ভয়ংকৰ কথা হ’ল যিকোনো সময়তে যিকোনো মানুহৰ লগত এনেকুৱা হ’ব পাৰে । কেতিয়াবা হাৰ্ট এটেক ইয়াৰ কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও যদি কোনো ব্যক্তিৰ হৃদযন্ত্ৰৰ পেশী দুৰ্বল হয়, তেন্তে ইয়াৰ বাবেও তেওঁ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে।

লগতে পঢ়ক: Osteoporosis Causes and Symptoms: অষ্টিঅ’পৰ’ছিছ কি ? কি কি কাৰণত এই ৰোগ হ’ব পাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.