ETV Bharat / state

Osteoporosis Causes and Symptoms: অষ্টিঅ’পৰ’ছিছ কি ? কি কি কাৰণত এই ৰোগ হ’ব পাৰে ?

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:50 PM IST

হাড়ৰ ঘনত্ব হ্ৰাস পাবলৈ ধৰা প্ৰক্ৰিয়াটোৱে সহজ অৰ্থত অষ্টিঅ’পৰ’ছিছ । কি কি কাৰণত এই ৰোগ হ’ব পাৰে ? এই ৰোগৰ পৰা পৰিত্ৰাণৰ উপায় কি এই সম্পৰ্কে জনালে শৈল্য অস্থিৰোগ বিশেষজ্ঞ নীলিম কুমাৰ ডেকাই।

Explained: What is osteoporosis? Know from doctor why the risk and symptoms of this disease increases in menopause
অষ্টিঅ’পৰ’ছিছৰ বিষয়ে জানি লওক

অষ্টিঅ’পৰ’ছিছৰ বিষয়ে জানি লওক

বৰ্তমান সময়ত মানুহ যিমানেই আধুনিক হৈছে সিমানেই বৃদ্ধি পাইছে বেমাৰৰ সংখ্যাও ৷ প্ৰায়ে আমি নিত্য নতুন বেমাৰৰ নাম শুনিবলগীয়া হয় ৷ তাৰে ভিতৰত এটা বেমাৰ হৈছে অষ্টিঅ’পৰ’ছিছ ৰোগ ৷ এতিয়া আপুনি হয়তো ভাবিছে অষ্টিঅ’পৰ’ছিছ কি ? সহজ অৰ্থত ক’বলৈ গ’লে অষ্টিঅ’পৰ’ছিছ হৈছে হাড়ৰ ঘনত্ব হ্ৰাস পাবলৈ ধৰা এটা প্ৰক্ৰিয়া ।

এই ৰোগত আক্রান্ত হ’লে হাড় একেবাৰেই ঠুনুকা হয় । যিকোনো সময়তে হাড় ভঙাৰ শংকা থাকে । অষ্টিঅ’পৰ’ছিছ দুই ধৰণৰ- প্ৰাইমাৰী বা প্ৰাথমিক আৰু ছেকেণ্ডাৰী বা আনুষংগিক কাৰণত হোৱা ৰোগ । সাধাৰণতে প্ৰাইমাৰী অষ্টিঅ’পৰ’ছিছ বুলিলে বার্ধক্যজনিত কাৰণত হোৱা অষ্টিঅ’পৰ’ছিছ, মাহেকীয়া বন্ধ হোৱাৰ পাছৰ পৰ্যায় আদি অন্তৰ্ভুক্ত কৰা হয় । আনহাতে, ছেকেণ্ডাৰী অষ্টিঅ’পৰ’ছিছত বিভিন্ন ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবে হোৱা কাৰণ, বিভিন্ন ৰোগ, বিভিন্ন হ’ৰমনৰ বিসংগতি আদি অন্তর্ভুক্ত কৰা হয় ।

সাধাৰণতে ৩০ বছৰ বয়সলৈকে পুৰুষ-মহিলা সকলোৰে হাড়ৰ বৃদ্ধি হৈ থাকে। ইয়াৰ বিপৰীতে ৩০ বছৰৰ পাচত হাড়ৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে । সেইবাবে দেখা যায় যে যিসকল লোকে হাড়ৰ বাবে প্ৰয়োজনীয় উপাদান সমৃদ্ধ খাদ্য নিয়মীয়াকৈ গ্রহণ কৰে তেওঁলোক সহজে এই ৰোগত আক্রান্ত নহয় । অথবা দেৰিকৈ এই ৰোগে গা কৰি উঠে।

অষ্টিঅ’পৰ’ছিছত কোন বেছিকৈ আক্রান্ত হয় ?

সাধাৰণতে সকলোৱে এই ৰোগত আক্ৰান্ত হ’ব পাৰে যদিও তুলনামূলকভাৱে মহিলাসকল বেছিকৈ আক্রান্ত হোৱা দেখা যায় । বিশেষকৈ মাহেকীয়া বন্ধ বা মেনোপজ হোৱাৰ পাচত মহিলাসকলৰ সততে এনে ধৰণৰ সমস্যাই গা কৰি উঠে । আজিকালি কম বয়সীয়া ল’ৰা-ছোৱালীৰো এই ৰোগ হয় । আনহাতে, বয়স বৃদ্ধিৰ লগে লগে হাড়ৰ মাজত যেতিয়া বিভিন্ন ধৰাৰ খনিজ পদার্থৰ অভাৱ হয় তেতিয়া অষ্টিঅ’পৰ’ছিছ সক্রিয় হ’বলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে ।

অষ্টিঅ’পৰ’ছিছৰ কাৰণসমূহ

১) যিসকল লোকে অত্যধিক পৰিমানে মদ্যপান কৰে তেওঁলোকৰ দেহত এই ৰোগে সহজেই গা কৰি উঠিব পাৰে।

২) ধূমপান কৰাসকলৰো তুলনামূলকভাৱে এই ৰোগ বেছিকে হোৱাৰ আশংকা থাকে।

৩) শৰীৰত যেতিয়া কেলছিয়ামৰ অভাৱ হয় তেতিয়া এই সমস্যাই গা কৰি উঠিব পাৰে ।

৪) ভিটামিন ‘D’ৰ অভাৱ হ’লে অথবা নির্দিষ্ট পৰিমাণতকৈ কম থাকিলে বিভিন্ন সমস্যাই গা কৰি উঠে ।

৫) পুষ্টিহীনতা হ’ব পাৰে অষ্টিঅ’পৰ’ছিছ ৰ অন্যতম কাৰণ ।

৬) শৰীৰত যেতিয়া হ'ৰমনৰ তাৰতম্য হয় তেতিয়াও এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে ।

লগতে পঢ়ক: Stomach Pain: পেটৰ বিষৰ কাৰণ তথা প্ৰতিকাৰৰ উপায় জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.