ETV Bharat / sukhibhava

Heart disease: পূৰ্বে কৰ’নাত আক্ৰান্ত লোকৰ হৃদৰোগ হোৱাৰ আশংকা অধিক: অধ্যয়ন

author img

By

Published : Oct 28, 2022, 1:54 PM IST

যিসকল লোক ইতিমধ্যে কৰ’নাত আক্ৰান্ত হৈছে তেওঁলোকক সাৱধান হোৱাটো খুবেই প্ৰয়োজন কিয়নো এক নতুন অধ্যয়নত এইটো দাবী কৰা হৈছে যে, যিসকল লোক কৰ’নাত ইতিমধ্যে আক্ৰান্ত হৈছে তেওঁলোক তুলনামূলকভাৱে বহু জীৱন সংকটজনক ৰোগৰ আশংকা অধিক । এই অধ্যয়নৰ ভিত্তিত কোটি কোটি লোক বৰ্তমান সন্মূখীন হৈছে ভাবুকিৰ ।

People who infected in covid 19 are at risk of heart disease, study claims
পূৰ্বে কৰ’নাত আক্ৰান্ত লোকৰ হৃদৰোগ হোৱাৰ আশংকা অধিক: অধ্যয়ন

যিসকল লোক ইতিমধ্যে কৰ’নাত আক্ৰান্ত হৈছে তেওঁলোকক সাৱধান হোৱাটো খুবেই প্ৰয়োজন কিয়নো এক নতুন অধ্যয়নত এইটো দাবী কৰা হৈছে যে, যিসকল লোক কৰ’নাত ইতিমধ্যে আক্ৰান্ত হৈছে তেওঁলোক তুলনামূলকভাৱে বহু জীৱন সংকটজনক ৰোগৰ আশংকা অধিক(People who infected in covid 19) । এই অধ্যয়নৰ ভিত্তিত কোটি কোটি লোক বৰ্তমান সন্মূখীন হৈছে ভাবুকিৰ(Heart disease)। অৱশ্যে টিকাকৰণৰ বাবে অধিকাংশ লোকেই সুৰক্ষা লাভ কৰিছে ।

গৱেষকসকলে এক অধ্যয়নত কয় যে, যিসকল লোক পূৰ্বে ক’ৰোনাত আক্ৰান্ত হৈছে, তেওঁলোকৰ দেহত সামান্য লক্ষণ দেখা দিলেও, তেওঁলোকৰ হৃদৰোগ আৰু মৃত্যুৰ সম্ভাৱনা বেছি । ‘হাৰ্ট’ নামৰ এখন আলোচনীত প্ৰকাশিত এক অধ্যয়নত উল্লেখ কৰা হৈছে যে কৰ’ণাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ ভেনাছ থ্ৰম্ব’এম্ব’লিজম (VTE) সংক্ৰমিত নোহোৱা লোকতকৈ ২৭ গুণ বেছি ।

যিসকলে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হোৱা নাছিল সেই লোকসকলৰ দেহত VTE হোৱাৰ সম্ভাৱনা অসংক্ৰমিত লোকসকলতকৈ তিনিগুণ অধিক আছিল । VTE হৈছে এনে এক অৱস্থা য’ত এডাল শিৰাত তেজ জমা হৈ পৰে ।

হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে:

গৱেষকসকলে কয় যে, যদি এই তেজখিনি জমা হৈ ডাঙৰ হয় বা ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ইয়াৰ ফলত মৃত্যুও ঘটিব পাৰে । লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে জনোৱা মতে, ক'ভিড সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনা ২১ গুণ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ১৭ গুণ বেছি ।

ইয়াৰ উপৰিও এট্ৰিয়াল ফাইব্ৰিলেচন (অনিয়মিত হৃদযন্ত্ৰ) আৰু পেৰিকাৰ্ডাইটিছ (হৃদযন্ত্ৰৰ প্ৰদাহ) আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাও বেছি । এই তথ্যৰ পৰা অনুমান কৰিব পাৰি যে সংক্ৰমণৰ প্ৰথম ৩০ দিনৰ ভিতৰতে হৃদৰোগ আৰু মৃত্যুৰ আশংকা আটাইতকৈ বেছি হয়, কিন্তু তাৰ পিছতো কিছু সময়লৈকে বিপদত আশংকা থাকে ।

এই গৱেষণা ৫০ হাজাৰতকৈ অধিক লোকৰ ওপৰত কৰা হৈছিল:

ক'ভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ সম্ভাৱনাও অধিক হোৱা দেখা গৈছিল । চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নোযোৱা লোকসকলতকৈ সংক্ৰমিত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ প্ৰাণ হেৰুৱাৰ সম্ভাৱনা ১১৮ গুণ অধিক আছিল ।

চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা সকলৰ মৃত্যুৰ সম্ভাৱনা আক্ৰান্ত নোহোৱা সকলতকৈ ১০ গুণ অধিক আছিল । এই অধ্যয়নত ব্যৱহৃত তথ্যত ব্ৰিটেইনৰ বায়’বেংকৰ ৫০ হাজাৰৰো অধিক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, ইয়াৰে ১৭,৮৭১ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছিল ।

লগতে পঢ়ক: ১৮-৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হৃদৰোগৰ ঘটনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.