১৮-৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হৃদৰোগৰ ঘটনা !

author img

By

Published : Sep 9, 2022, 10:47 AM IST

Heart disease symptoms causes in 18 to 30 year old youth women

বৰ্তমান সময়ত যুৱক-যুৱতী আৰু চেলিব্ৰিটিসকলৰ মাজত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাইছে, যিসকলে নিজৰ ফিটনেছৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে । ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শলিমাৰ বাগৰ মেক্স হাস্পতালৰ কাৰ্ডিয়াক চাৰ্জাৰী বিভাগৰ মুৰব্বী ডাঃ দীনেশ চন্দ্ৰই জনালে ইয়াৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ৷

বৰ্তমান সময়ত যুৱক-যুৱতীসকল নিজৰ ফিটনেছৰ প্ৰতি অতি সচেতন । তেওঁলোকে নিয়মিতভাৱে জিমলৈ যায় আৰু লগতে ভাল খাদ্য গ্ৰহণ কৰে । তৎস্বত্বেও ক'ভিডৰ পিছত যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে । অৰ্থাৎ যদি আপুনি অনবৰতে ব্যায়াম কৰি আছে আৰু ভাল খাদ্য গ্ৰহণ কৰি আছে, তেন্তে আপুনি এতিয়াও হাৰ্ট এটেকৰ আশংকাত আছে ।

একে সময়তে এনে চেলিব্ৰিটিও হাৰ্ট এটেকৰ বলি হৈছে যিসকলে নিজৰ ফিটনেছত যথেষ্ট গুৰুত্ব দিয়ে (Heart disease symptoms causes) । এনে অৱস্থাত প্রশ্নটো হ’ল যে, সকলো সাৱধানতা অৱলম্বন কৰাৰ পিছতো কি কাৰণত এই সমস্যাই দেখা দিছে ? এই প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ ই টিভি ভাৰতে এক সাক্ষাৎকাৰৰ জৰিয়তে সুপৰিচিত কাৰ্ডিয়াক চাৰ্জন তথা শালিমাৰ বাগ মেক্স হাস্পতালৰ কাৰ্ডিয়াক চাৰ্জাৰী বিভাগৰ মুৰব্বী ডাঃ দীনেশ চন্দ্ৰৰ পৰা (Dr Dinesh Chandra, Head, Cardiac Surgery Department, Max Hospital)এক প্ৰয়াস কৰা হৈছিল ।

হৃদৰোগ বিশেষজ্ঞ ডাঃ দীনেশ চন্দ্ৰই কয় যে, ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল কৰ’নাৰ ফলত মানুহৰ শৰীৰ আৰু জীৱনশৈলীৰ হঠাৎ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা মানসিক চাপ । ডাঃ দীনেশ চন্দ্ৰই জনোৱা মতে, ক'ভিড-১৯ত মানুহৰ বেছিভাগ সময় নিজৰ ঘৰতে কটায় আৰু কৰ’না মহামাৰীৰ প্ৰভাৱ কমি অহাৰ লগে লগে মানুহে হঠাতে কৰ্মস্থলীলৈ উভতি আহি নিজকে ফিট কৰি ৰাখিবলৈ ৱৰ্কআউট আৰম্ভ কৰে, যাৰ বাবে তেওঁলোকৰ জীৱনশৈলীত হঠাৎ এক পৰিবৰ্তন আহি পৰিছিল । ইয়াৰ উপৰিও ৰক্তচাপ কম-বেছি হোৱাটোও এক অন্যতম কাৰণ ।

লগতে পঢ়ক : দেহৰ তিনিটা অংশত অতিমাত্ৰা বিষ অনুভৱ কৰিলে হ'ব পাৰে আপোনাৰ High Cholesterol

Cardiologist Dr Dinesh Chandraই লগতে কয় যে, হঠাতে অত্যধিক ব্যায়ামৰ বাবেও এনে সমস্যাৰ সৃষ্টি হৈছে, কাৰণ যিসকল লোকৰ শৰীৰ অধিক ৱৰ্কআউট আৰু গধুৰ খাদ্যৰ প্ৰতি অভ্যস্ত নাছিল, তেওঁলোকে হঠাতে নিজৰ জীৱনশৈলী সলনি কৰি পেলালে, যাৰ ফলত শৰীৰৰ বহু অংগত যথেষ্ট চাপ পৰিছিল । লগতে গোটেই দিনটো কৰ্মস্থলীৰ পৰা উভতি অহাৰ পিছত ৰাতি পলমকৈ খাই লগে লগে শুই যোৱাৰ পিছত এচিডিটিৰ সমস্যা হয় ।

ইয়াৰ ফলত ৰক্তচাপ কম-বেছি পৰিমাণে সলনি হয় আৰু তাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় । এই ক্ষেত্ৰত সাধাৰণ মানুহৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ প্ৰতি অধিক যত্ন লোৱা চেলিব্ৰিটিসকলো হাৰ্ড এটেকৰ দৰে বিপজ্জনক মাৰাত্মক ৰোগৰ চিকাৰ হৈ পৰিছে ।

হৃদৰোগ বিশেষজ্ঞগৰাকীয়ে ইয়াক প্ৰতিৰোধ কৰাৰ উপায়সমূহ উল্লেখ কৰি কয় যে, মানসিক চাপ নোলোৱাটোৱে একমাত্ৰ সমাধান । মানসিক চাপ সম্পূৰ্ণৰূপে হ্ৰাস কৰিব নোৱাৰি যদিও, ইয়াক কিছু পৰিমানে হ্ৰাস কৰাৰ উপায় আছে, সেয়া লাগিলে সংগীত শুনা, বন্ধুৰ লগত কথা পাতিলেই হওক বা আন কোনো ধৰণেই হওক, তেওঁ এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে ।

এনে ৰোগৰ পৰা হাত সাৰিবলৈ অকলসৰীয়াকৈ অধিক সময় কটাব নালাগে । ৰাতিৰ আহাৰত বিশেষভাৱে গুৰুত্ব দিব লাগে যে, শুৱলৈ যোৱাৰ দুঘণ্টা পূৰ্বে খাদ্য খাব লাগে । শৰীৰত হঠাতে হোৱা পৰিৱৰ্তনৰ বাবে অত্যধিক ব্যায়াম কৰাটো পৰিহাৰ কৰিব লাগে আৰু ব্যায়াম কৰাৰ আগতে ৱৰ্কআউট কৰাটো জৰুৰী । ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে হাৰ্ট এটেকৰ পৰা হাত সাৰি থাকিব পাৰে ।

লগতে পঢ়ক : অধিকাংশ মহিলাই ঋতুস্ৰাৱৰ পূৰ্বে মানসিক চাপ, উদ্বেগ অনুভৱ কৰে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.