অধিকাংশ মহিলাই ঋতুস্ৰাৱৰ পূৰ্বে মানসিক চাপ, উদ্বেগ অনুভৱ কৰে: অধ্যয়ন

author img

By

Published : Sep 7, 2022, 10:08 PM IST

Pre-menstrual stress, anxiety now a public health issue globally: Study
অধিকাংশ মহিলাই ঋতুস্ৰাৱৰ পূৰ্বে মানসিক চাপ, উদ্বেগ অনুভৱ কৰে: অধ্যয়ন ()

৬৪ শতাংশতকৈ অধিক মহিলাই ঋতুস্ৰাৱৰ পূৰ্বে মেজাজৰ পৰিৱৰ্তন আৰু উদ্বেগ অনুভৱ কৰে । এই সন্দৰ্ভত গৱেষকে কি কয় পঢ়ক সবিশেষ...

এক নতুন অধ্যয়নৰ মতে, এতিয়া ৬৪ শতাংশতকৈ অধিক মহিলাই ঋতুস্ৰাৱৰ পূৰ্বে মেজাজৰ পৰিৱৰ্তন আৰু উদ্বেগ অনুভৱ কৰে(Pre-menstrual stress), যিয়ে “গোলকীয়ভাৱে এটা মূল জনস্বাস্থ্য সমস্যা”ক প্ৰতিনিধিত্ব কৰে । গৰিষ্ঠসংখ্যক মহিলাৰ প্ৰতিটো ঋতুচক্ৰতে ঋতুস্ৰাৱৰ পূৰ্বে এই লক্ষণসমূহে দেখা দিয়ে । সকলো বয়সৰ লোকৰ কমেও ৬১ শতাংশ মহিলাই প্ৰতিটো ঋতুচক্ৰতে মেজাজ সম্পৰ্কীয় লক্ষণে দেখা দিয়ে, যিটো গৱেষকসকলে প্ৰকাশ কৰিছে যে "মাহেকীয়াৰ পূৰ্বে মেজাজৰ লক্ষণসমূহ বিশ্বজুৰি জনস্বাস্থ্যৰ এটা মূল বিষয়"।

ইউনিভাৰ্চিটি অৱ ভাৰ্জিনিয়া স্কুল অৱ মেডিচিনৰ ৰিপ্ৰডাক্টিভ চাইকিয়াট্ৰি ৰিচাৰ্চ প্ৰগ্ৰেমৰ সঞ্চালিকা(Reproductive Psychiatry Research Programme) জেনিফাৰ এল পেইনে কয় যে, আমাৰ অধ্যয়নে(Study on Pre menstrual stress) প্ৰমাণ কৰিছে যে ঋতুস্ৰাৱৰ পূৰ্বে মেজাজৰ লক্ষণসমূহ বিশ্বজুৰি অবিশ্বাস্যভাৱে সাধাৰণ । "অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল, গৰিষ্ঠসংখ্যক মহিলাই ৰিপৰ্ট কৰিছে যে, তেওঁলোকৰ ঋতুস্ৰাৱৰ পূৰ্বে হোৱা লক্ষণে তেওঁলোকৰ দৈনন্দিন জীৱনত অশান্তিৰ সৃষ্টি কৰে ।"

আৰ্কাইভছ অৱ উইমেনছ মেন্টেল হেল্থত প্ৰকাশিত এই অধ্যয়নত ১৪০ খন দেশৰ ১৮-৫৫ বছৰ বয়সৰ মহিলাৰ ২ লাখ ৩৮ হাজাৰতকৈ অধিক সমীক্ষাৰ সঁহাৰি ফ্ল’ এপত বিশ্লেষণ কৰা হৈছে, যিয়ে মহিলাসকলক তেওঁলোকৰ ঋতুচক্ৰ অনুসৰণ কৰাত সহায় কৰে বা গৰ্ভাৱস্থাৰ সময়ত আৰু পিছত তেওঁলোকৰ মেজাজ বা শাৰীৰিক লক্ষণসমূহ অনুসৰণ কৰাত সহায় কৰে(Study on Menstrual period)।

গৱেষকসকলে জনোৱা মতে, আটাইতকৈ সাধাৰণ লক্ষণসমূহ আছিল খাদ্যৰ প্ৰতি লোভ (৮৫.২৮ শতাংশ) আৰু তাৰ পিছত মেজাজৰ পৰিৱৰ্তন বা উদ্বেগ (৬৪.১৮ শতাংশ) আৰু ভাগৰ (৫৭.৩ শতাংশ)। লগতে, ২৮.৬১ শতাংশই কয় যে, তেওঁলোকৰ ঋতুস্ৰাৱৰ পূৰ্বৰ লক্ষণে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰতিটো ঋতুচক্ৰৰ সময়ত বাধা দিয়ে, আনহাতে অতিৰিক্ত ৩৪.৮৪ শতাংশই কয় যে, তেওঁলোকৰ ঋতুস্ৰাৱৰ পূৰ্বৰ লক্ষণে কেতিয়াবা তেওঁলোকৰ দৈনন্দিন জীৱনত বাধা দিয়ে ।

পেইনে কয় যে, ঋতুস্ৰাৱৰ পূৰ্বে হোৱা মন অস্থিৰ হোৱা আৰু উদ্বেগৰ লক্ষণসমূহৰ প্ৰাদুৰ্ভাৱ দেশ ভেদে যথেষ্ট বেলেগ বেলেগ আছিল । "দেশ পৰ্যায়ৰ হাৰৰ আধাৰত জীৱবিজ্ঞান বা সংস্কৃতিৰ পাৰ্থক্য আছে নে নাই সেইটো বুজি পোৱাটো ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ গৱেষণা দিশ হ'ব । গৱেষকসকলে আশাবাদী যে, এই তথ্যই স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক এই লক্ষণসমূহ বিশেষকৈ উদ্বেগ আৰু মেজাজ সম্পৰ্কীয় লক্ষণসমূহ কিমান সঘনাই দেখা দিয়ে সেই বিষয়ে অধিক সচেতন কৰি মহিলাসকলক উন্নত যত্ন লাভ কৰাত সহায় কৰিব ।

মহিলাগৰাকীৰ দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰা ঋতুস্ৰাৱৰ পূৰ্বে হোৱা লক্ষণসমূহৰ চিকিৎসাৰ বাবে কেইবাটাও চিকিৎসা কৌশল উপলব্ধ বুলিও কয় ছানীয়ে । গৱেষকগৰাকীয়ে লগতে কয় যে, “এই লক্ষণসমূহ কিমান সাধাৰণ, আৰু যদি ই কাৰ্যক্ষমতাত প্ৰভাৱ পেলায় যে, চিকিৎসা উপলব্ধ আছে, তেন্তে মহিলাসকলক তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰিব ।”

লগতে পঢ়ক : Postmenopausal Bleeding হ'ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.