ETV Bharat / sukhibhava

Kids Mental Health: অতিমাত্ৰা শাসনে সন্তানৰ মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে

author img

By

Published : Feb 12, 2022, 1:09 PM IST

Updated : Feb 14, 2022, 1:42 PM IST

সমাজত আমি সততে এটা কথা প্ৰায়ে শুনিবলৈ পাঁও যে জোখতকৈ বেছি অনুশাসনৰ মাজত সন্তানক ডাঙৰ দীঘল কৰিবলৈ বিচাৰিলেই সন্তানৰ ব্যৱহাৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত ঋণাত্মকভাৱে প্ৰভাৱ পেলায় (Kids Mental Health) ৷ পিতৃ-মাতৃৰ অ’ভাৰ প্ৰটেক্টিভ স্বভাৱে সন্তানৰ বিকাশৰ ক্ষেত্ৰত ভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে (Over Protective Parenting on Kids mental health) ৷ জানো আহকচোন সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ কৰণীয় কেনেধৰণৰ হোৱা উচিত...

Kids Mental Health
অতিমাত্ৰা শাসনে সন্তানৰ মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে

সাধাৰণতে কোৱা যায় যে, পিতৃ-মাতৃৰ পৰা পোৱা মাত্ৰাধিক শাসনে সন্তানৰ বাবে সমস্যাৰ সৃষ্টি কৰে ৷ অৱশ্য কথাটো নোহোৱাও নহয় ৷ সন্তানে কি বস্তু কেনেকৈ খাব, কি পিন্ধিব, কেতিয়া শুব, কেনেকুৱা ধৰণৰ কেইজন বন্ধু ৰাখিব ইত্যাদি সকলোতে যেতিয়া অভিভাৱকে নিজৰ হস্তক্ষেপ কৰে সন্তানৰ বাবে ই হৈ পৰে আমনিদায়ক ৷ ইয়াৰ লগতে আৰু এটা মন কৰিবলগীয়া কথা হ’ল যে সন্তান লালন পালনৰ নামত যেতিয়া সন্তানৰ প্ৰতিটো দাবী মানি লোৱা যায়, সন্তানৰ ভূলবোৰ আওকাণ কৰা হয়, নতুবা প্ৰতিটো সৰু ভূল-শুদ্ধ ব্যৱহাৰ মানি লোৱা হয় ইয়ে কিন্তু সন্তানৰ বিকাশত নিশ্চয়কৈ বিৰূপ প্ৰভাৱ পেলায় (Over Protective Parenting on Kids mental health) ৷

মনোবিজ্ঞানী ডাঃ ৰেণুকা শৰ্মাই কৈছে যে পিতৃ-মাতৃৰ অ’ভাৰ প্ৰটেক্টিভ স্বভাৱ অৰ্থাৎ য’ত সন্তানৰ জীৱনত পিতৃ-মাতৃৰ হস্তক্ষেপ পুৰামাত্ৰাই থাকে তেনে সন্তানৰ মানসিক স্বাস্থ্য আৰু ব্যৱহাৰক ই বাৰুকৈয়ে প্ৰভাৱিত কৰে ৷

তেওঁ লগতে কয় যে মাত্ৰাধিক শাসন আৰু মাত্ৰাধিক ৰেহাই এটাও আদৰ্শ পেৰেন্টিং শ্ৰেণীত নপৰে ৷ এই দুইটা পদ্ধতিতে সন্তানৰ ব্যৱহাৰ বিশেষকৈ আত্মবিশ্বাস, সিদ্ধান্ত লোৱাৰ ক্ষমতা, ঘটনা-পৰিঘটনাসমূহ চোৱাৰ দৃষ্টিভংগী, ভূল-শুদ্ধ বিচাৰ প্ৰক্ৰিয়া তথা আনৰ সৈতে তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পৰে ৷

ডাঃ ৰেণুকা শৰ্মাই কৈছে যে অ’ভাৰ প্ৰটেক্টিভ পেৰেন্টিঙত সন্তান এটিৰ ক্ষেত্ৰত সকলো ধৰণৰ সিদ্ধান্ত অভিভাৱকে লয় ৷ থকা,খোৱা,শোৱাৰ পৰা আৰম্ভ কৰি কিতাপৰ পৰা বন্ধুলৈকে সকলোতে পিতৃ-মাতৃৰ হস্তক্ষেপ থাকে ৷ পিতৃ-মাতৃয়ে সকলো প্ৰয়োজনীয়তা আৰু দাবী আগতীয়াকৈ পূৰণ কৰে । সন্তানৰ প্ৰতিটো ভুল-শুদ্ধ আচৰণত সন্তানৰ পক্ষ লোৱাৰ লগতে সন্তানে যাতে কোনো কঠোৰ পৰিশ্ৰম বা সংগ্ৰাম কৰিবলগীয়া নহয় তাৰ প্ৰতি বিশেষ সজাগ এনে পিতৃ-মাতৃ ৷ সন্তানে যাতে কোনো ধৰণৰ বিফলতা, দুখ বা অভাৱৰ সন্মুখীন হ'ব নালাগে সেয়া নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা কৰে এওঁলোকে । অৱশ্যে প্ৰায় সকলো অভিভাৱকে সন্তানৰ সুখৰ সকলো কৰিব বিচাৰে । কিন্তু এই ধৰণৰ আচৰণে শিশুৰ মানসিক আৰু আচৰণগত বিকাশক গুৰুতৰভাৱে প্ৰভাৱিত কৰে ।

ডাঃ ৰেণুকাই উল্লেখ কৰিছে যে সন্তানক যদি ভুল কৰিবলৈ দিয়া নহয় বা ভুল কৰিলেও পিতৃ-মাতৃয়ে যদি অধিক মৰমেৰে ভুল আঙুলিয়াই দিয়ে তেনে সন্তানে ভুলবোৰ বুজি তাৰ পৰা শিক্ষা ল’ব নোৱাৰিব ৷ ভুলবোৰৰ সংশোধনী কেনেদৰে কৰিব লাগে তাক নাজানিব ৷

যদি সন্তানক আৰম্ভণিৰে পৰাই প্ৰতিটো সৰু-বৰ কথাৰ ক্ষেত্ৰত সঠিক পথ দেখুৱাই আগবঢ়াই নিব বিচৰা হয় এনে সন্তানে পিছলৈ আনৰ নিৰ্দেশনা অবিহনে সিদ্ধান্ত ল’ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ই সন্তানৰ আত্মবিশ্বাসৰ ক্ষেত্ৰটো প্ৰভাৱ পেলায় ৷

ডাঃ ৰেণুকাই মন্তব্য কৰিছে যে এনে পৰিৱেশত ডাঙৰ হোৱা সন্তানে ডাঙৰ হোৱাৰ পিছতো উচ্চ স্তৰৰ চাপ, উদ্বিগ্নতা আৰু হতাশাত ভোগাৰ সম্ভাৱনা থাকে । জীৱনৰ প্ৰতি অসন্তুষ্টি আৰু তেওঁলোকৰ চাৰিওফালৰ লোকসকলৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱা দেখা যায়। সেয়েহে, আৰম্ভণিৰ পৰাই লালন-পালনৰ সময়ত সন্তানৰ আচৰণত ভাৰসাম্য বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ ।

অনুশাসন, স্বাধীনতা, স্নেহ, ভুলবোৰ সঠিকভাৱে বুজাই দিয়া, আত্মনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰা, সঠিক কথাৰ বাবে সমৰ্থন কৰা, পথ প্ৰদৰ্শক হোৱা এইবোৰত ভাৰসাম্য বজাই ৰাখিলে সন্তানৰ ব্যৱহাৰিক আৰু মানসিক স্বাস্থ্য কুশলে থাকে ৷ একে সময়তে, বস্তুবোৰৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীও স্পষ্ট হৈ থাকে আৰু প্ৰতিকূলতাৰ সৈতে ভালদৰে মোকাবিলা কৰাৰ সামৰ্থ্য বিকাশ হয় ।

লগতে পঢ়ক: ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পিছত এবছৰলৈকে থাকে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা

Last Updated :Feb 14, 2022, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.