ETV Bharat / sukhibhava

মানসিক ৰোগীৰ ক্ষেত্ৰত ক'ভিড সংক্ৰমণৰ আশংকা বেছি

author img

By

Published : Apr 15, 2022, 9:19 PM IST

Mental health
মানসিক ৰোগীৰ ক্ষেত্ৰত ক'ভিড সংক্ৰমণৰ আশংকা বেছি

ক'ভিডৰ ওপৰত বহুতো অধ্যয়ন চলি আছে । ইয়াৰ মাজতে আন এক অধ্যয়নত পোহৰলৈ আহিছে যে টীকাকৰণ কৰাৰ পাছত একাংশ মানসিক ৰোগীৰ ক্ষেত্ৰত ক'ভিড সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ (ইউচি) চান ফ্ৰান্সিস্কোৰ গৱেষকসকলৰ অধ্যয়নত (Special Study on Covid by UCSF) কি নতুন তথ্য পোহৰলৈ আহিছে ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ (ইউচি) চান ফ্ৰান্সিস্কোৰ গৱেষকসকলৰ অধ্যয়নত (Study of University of California San Francisco) ক'ভিডৰ সংক্ৰমণৰ বাবে মানৱ শৰীৰত থকা কিছুমান কাৰকৰ কথা পোহৰলৈ আহিছে । অধ্যয়নৰ ফলাফলত গৱেষকসকলে উল্লেখ কৰিছে যে বিভিন্ন ৰোগাক্ৰান্ত লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰাৰ লগতে শৰীৰত আন কিছুমান বিসংগতি বা লক্ষণ থকা ব্যক্তিৰ ক্ষেত্ৰত ক'ভিড সংক্ৰমণৰ আশংকা বৃদ্ধি পায় (The risk of covid infection is high in mentally ill people)।

জে.এ.এম.এ. নেটৱৰ্ক অ'পেন আলোচনীত (JAMA Network Open) প্ৰকাশিত এটা লেখনিত দেখা গৈছে যে ৬৫ বছৰতকৈ অধিক বয়সৰ ৰোগী যিসকলে নিষিদ্ধ সামগ্ৰী ব্যৱহাৰ কৰে বা মানসিক ৰোগী বা বাইপোলাৰ ডিচঅৰ্ডাৰ বা এডজাষ্টমেণ্ট ডিচঅৰ্ডাৰ আদিৰ দ্বাৰা আক্ৰান্ত, তেওঁলোকৰ আশংকা প্ৰায় ২৪ শতাংশ বৃদ্ধি পায় (Study of UCSF published in JAMA Network Open journal)।

গৱেষকসকলে কোৱা মতে পূৰ্বৰ মানসিক ৰোগৰ ইতিহাস নাথাকিলেও ৬৫ বছৰৰ তলৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰতো ১১ শতাংশ আশংকা বৃদ্ধি পায় । অধ্যয়নটোত ২.৫ লাখতকৈও অধিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটেৰেন্স পৰিক্ৰমা বিভাগৰ ৰোগীৰ তথ্য অনুসৰণ কৰা হৈছে । যিসকলে ইতিমধ্যে প্ৰতিষেধকৰ পালি গ্ৰহণ কৰিছে আৰু ক'ভিডৰ অতি কমেও এটা পৰীক্ষা কৰিছে ।

যোৱা পাঁচ বছৰৰ ভিতৰত ইয়াৰে আধাৰো অধিক (৫১.৪ শতাংশ) ৰোগীয়ে কমেও এবাৰকৈ মানসিক ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁলোকৰ ১৪.৮ শতাংশৰ ৰোগীৰে ক'ভিড সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে ।

ইউচিএছএফৰ জ্যেষ্ঠ লেখক অইফে ও'ডোনোভানে কোৱা মতে তেওঁলোকৰ গৱেষণা অনুসৰি মানসিক ৰোগ থকা লোকসকলৰ ক্ষেত্ৰত ক'ভিডৰ সংক্ৰমণক সামাজিক-জনগাঁথনিগত কাৰক বা পূৰ্ব-বিদ্যমান স্থিতিৰ দ্বাৰা সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিব নোৱাৰি । তেওঁ উল্লেখ কৰা মতে এয়া সম্ভৱ যে মানসিক ৰোগীসকলৰ ক্ষেত্ৰত টীকাকৰণৰ পাছত ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক দ্ৰুতভাৱে হ্ৰাস হয় আৰু তেওঁলোকে নতুন প্ৰকাৰৰ ক'ভিডৰ দ্বাৰা সংক্ৰমণ হ'ব পাৰে ।

অধ্যয়নটোত লোৱা ২,৬৩,৬৯৭ গৰাকী লোকৰ গড় বয়স আছিল ৬৬ আৰু ইয়াৰে ৯০.৮ শতাংশ পুৰুষ । সামগ্ৰিকভাৱে, মানসিক ৰোগ থকা লোকসকলৰ ২০২১ চনত ক'ভিড সংক্ৰমণৰ আশংকা ৩ শতাংশ বৃদ্ধি হৈছিল । অৱশ্যে, নিচা বা ড্ৰাগছ সেৱন কৰা ৬৫ বছৰতকৈ অধিক লোকৰ ক্ষেত্ৰত এই আশংকা ২৪ শতাংশ অধিক । ড্ৰাগছ লোৱা মানসিক ৰোগীৰ ক্ষেত্ৰত আশংকা ২৩ শতাংশ অধিক, ড্ৰাগছ লোৱা বাইপোলাৰ ৰোগীৰ ক্ষেত্ৰত ১৬ শতাংশ অধিক, এডজাষ্টমেণ্ট ডিচঅৰ্ডাৰৰ বাবে ১৪ শতাংশ আৰু অন্যান্য ৰোগৰ ক্ষেত্ৰত ১২ শতাংশ আশংকা অধিক হয় ।

কম বয়সীয়া লোকসকলৰ মাজত ক'ভিড সংক্ৰমণৰ অধিক ঘটনাৰ পৰিপ্ৰেক্ষিতত, অধ্যয়নটোৱে ৬৫ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত কম প্ৰভাৱ দেখুৱাইছে । গৱেষকসকলৰ মতে এই বয়সৰ মানসিক ৰোগ নথকা সকলৰ তুলনাত মানসিক ৰোগীসকলৰ ক্ষেত্ৰত বিপদাশংকা ১০ শতাংশ কম আছিল ।

ইউচিএছএফৰ অধ্যয়নৰ গৱেষক ক্ৰিষ্টেন নিছিমীয়ে কম বয়সৰ মানসিক ৰোগীৰ ক্ষেত্ৰত বিপদাশংকা কম হোৱাৰ কাৰণ উল্লেখ কৰি কয় যে, বৃদ্ধলোক সকলতকৈ কম বয়সীয়াসকলে সামাজিক দূৰত্ব সঠিকভাৱে পালন কৰে । বৃদ্ধসকলৰ স্বাস্থ্যৰ অৱস্থা আৰু যত্ন লোৱা ব্যক্তিৰ সৈতে সম্পৰ্ক অধিক হোৱাৰ বাবে তেওঁলোকৰ বিপদাশংকা বৃদ্ধি পায় বুলি গৱেষকগৰাকীয়ে উল্লেখ কৰে । তেওঁৰ মতে টীকাকৰণৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱাৰ ফলতো বৃদ্ধলোকৰ ক্ষেত্ৰত বিপদাশংকা বৃদ্ধি হ'ব পাৰে ।

এইটোও গুৰুত্বপূৰ্ণ কথা যে, বৃদ্ধ মানসিক ৰোগীসকলক সঘনাই ব্যক্তিগত যত্নৰ প্ৰয়োজন হ'ব পাৰে, যাৰ ফলত মানুহৰ সৈতে সংস্পৰ্শ বৃদ্ধি হয় । মেদবহুলতা আৰু ধূমপান সেৱন কৰা লোক বা অন্যান্য অন্তৰ্নিহিত কাৰকৰ বাবে সুস্থ মানসিক স্থিতিৰ লোকৰ ক্ষেত্ৰতো এই অধ্যয়ন চলোৱা হৈছিল । ইয়াৰ পাছতে গৱেষকসকলে জানিব পাৰিলে যে দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত লোকৰ বিপদাশংকা ২৩ শতাংশ বৃদ্ধি পাইছিল, ইয়াৰ বিপৰীতে এইচ.আই.ভি. ৰোগীৰ ক্ষেত্ৰত ২০ শতাংশ, কাৰ্ডিওভাস্কুলাৰ ৰোগীৰ ক্ষেত্ৰত ১৯ শতাংশ, চি.ও.পি.ডি.ৰ (COPD) ক্ষেত্ৰত ১৮ শতাংশ আৰু স্লিপ এপনিয়াৰ ক্ষেত্ৰত ১৩ শতাংশ ।

গৱেষকসকলে সেয়ে কয় যে অন্যান্য কাৰকৰ সৈতে মানসিক স্বাস্থ্যৰ বিষয়টো বিবেচনা কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু কিছুমান ৰোগীক বুষ্টাৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ বাবে প্ৰাথমিকতা দিয়া উচিত ।

লগতে পঢ়ক :গ্ৰীষ্মকালত সেৱন কৰক এই সতেজ আৰু স্বাস্থ্যকৰ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.