ETV Bharat / sukhibhava

আজি অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশজুৰি উদযাপন হ'ব বিজয়া দশমী-ৰাৱণ দহন

author img

By

Published : Oct 5, 2022, 12:05 AM IST

Know the ritual of Dussehra 2022 date shubh muhurat and pujan vidhi
অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদযাপন বিজয়া দশমী-ৰাৱণ দহন

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই নৱৰাত্ৰি উৎসৱ পালন কৰা হয় । নৱৰাত্ৰীৰ পিছত দশেৰা উদযাপন কৰা হয় । দশেৰাক বিজয়া দশমী, আয়ুধা পূজা বুলিও জনা যায় । হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ দশম দিনা এই পৱিত্ৰ দশেহৰা উৎসৱ পালন কৰা হয় ।

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই নৱৰাত্ৰি উৎসৱ পালন কৰা হয়(Navratri 2022) । নৱৰাত্ৰীৰ পিছত দশেৰা উদযাপন কৰা হয় । দশেৰাক বিজয়া দশমী, আয়ুধা পূজা বুলিও জনা যায়(Dussehra 2022) । হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ দশম দিনা এই পৱিত্ৰ দশেহৰা উৎসৱ পালন কৰা হয় ।

অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে এই উৎসৱ পালন কৰা হয় । এইবাৰ এই উৎসৱ ৫ অক্টোবৰ, বুধবাৰে উদযাপন কৰা হৈছে । হিন্দু ধৰ্মৰ নিয়ম অনুসৰি আজিৰ দিনটোতে ভগৱান ৰামে লংকপতি ৰাৱণক বধ কৰি মাতৃ সীতাক ৰক্ষা কৰে । দশমূৰীয়া ৰাৱণৰ অন্ত পৰাৰ বাবে ইয়াক কেতিয়াবা দশেহৰা আৰু কেতিয়াবা দশেৰ বুলিও কোৱা হয় ।

Know the ritual of Dussehra 2022 date shubh muhurat and pujan vidhi
অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদযাপন বিজয়া দশমী-ৰাৱণ দহন

দেশৰ ভিন্ন স্থানত অতি ধুম-ধামেৰে উদযাপন কৰা হয় দশহেৰা তাৰে ভিতৰত কেইটামান স্থান হ'ল- মধ্য প্ৰদেশৰ মন্দসৌৰ, উজ্জয়ন, মহাৰাষ্ট্ৰ অমৰাৱতী, উত্তৰ প্ৰদেশৰ বিশৰখ, উত্তৰ প্ৰদেশৰ জসৱন্তনগৰ হিমাচল প্ৰদেশৰ বেজনাথ, অন্ধ্ৰপ্ৰদেশৰ কাকিনাড, ৰাজস্থানৰ যোধপুৰ, কৰ্ণাটকৰ মাণ্ডিয়া জিলা, লগতে দক্ষিণ ভাৰতৰ বহু কেইখন জিলাত অতি আড়ম্বপূৰ্ণভাৱে দশহেৰা উদযাপন কৰা হয়(Dussehra 2022 date shubh muhurat and pujan vidhi) ৷

দশেৰাৰ গুৰুত্ব(Importance of Dussehra)

ৰাৱণে সীতাক হৰণ কৰাৰ পিছত ৰাৱণ আৰু ভগৱান শ্ৰীৰামৰ মাজত দহ দিন ধৰি যুদ্ধ চলিছিল । শেষত আহিনৰ শুক্লা দশমীৰ দিনা মাতৃ দুৰ্গাৰ পৰা লাভ কৰা দিব্যাষ্ট্ৰৰ সহায়ত ভগৱান ৰামে অহংকাৰী ৰাৱণৰ অন্ত পেলায় । অসত্যৰ ওপৰত সত্য আৰু ন্যায়ৰ বিজয়ৰ উদযাপন হিচাপে ৰাৱণৰ মৃত্যুক উদযাপন কৰা হয় । ভগৱান ৰামে ৰাৱণৰ ওপৰত জয়লাভ কৰিছিল, সেয়েহে এই দিনটোক বিজয়া দশমী বুলিও কোৱা হয় ।

Know the ritual of Dussehra 2022 date shubh muhurat and pujan vidhi
অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদযাপন বিজয়া দশমী-ৰাৱণ দহন

আজিৰ দিনটোতে মা দুৰ্গাই মহিষাসুৰকো বধ কৰিছিল । মহিষাসুৰ নামৰ এই অসুৰে ত্ৰিলোকত হুলস্থুলৰ সৃষ্টি কৰিছিল । আনকি যেতিয়া দেৱতাসকলে এই দানৱৰ দ্বাৰা অশান্তি পাইছিল । মহিষাসুৰৰ পৰা দেৱতা আৰু সমগ্ৰ বিশ্বক মুক্ত কৰাৰ উদ্দেশ্যে দেৱীয়ে অশ্বিন শুক্ল দশমীৰ দিনা মহিষাসুৰক বধ কৰে । দেৱীৰ বিজয়ত সন্তুষ্ট হৈ দেৱতাসকলে বিজয়া দেৱীক পূজা কৰিছিল আৰু তেতিয়াৰ পৰাই এই দিনটোক বিজয়া দশমী বুলি কোৱা হয়(Ravan dahan) । লগতে আজিৰ দিনটোত দেৱীৰ মূৰ্তিও বিসর্জন দিয়া হয় ৷ ইয়াৰ সমান্তৰালকৈ আজিৰ দিনটোত অস্ত্ৰ-শস্ত্ৰৰো পূজা কৰা হয় । ভাৰতীয় সেনাইও আজিৰ দিনটোত অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰে ।

দশেহৰাৰ শুভ মুহূৰ্ত (Dussehra 2022 shubh yog)

এইবাৰ আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথি ৪ অক্টোবৰ মঙলবাৰে দিনৰ ২:২০ বজাত আৰম্ভ হ’ব আৰু পিছদিনা অৰ্থাৎ ০৫ অক্টোবৰ বুধবাৰে দিনৰ ১২ বজালৈকে চলিব(Dussehra Pujan) । উত্থানৰ তাৰিখ অনুসৰি কেৱল ০৫ অক্টোবৰতহে উদযাপন কৰা হ’ব দশেৰা । ইয়াৰ সময়ত ৪ অক্টোবৰৰ নিশা ১০:৫১ বজাৰ পৰা ৫ অক্টোবৰৰ নিশা ০৯.১৫ বজালৈ চলিব শ্ৰৱণ নক্ষত্ৰ ।

Know the ritual of Dussehra 2022 date shubh muhurat and pujan vidhi
অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদযাপন বিজয়া দশমী-ৰাৱণ দহন

দশেহৰৰ শুভ যোগ (Dussehra 2022 shubh yog)

বিজয় মুহূৰ্ত- ৫ অক্টোবৰ বুধবাৰে বিয়লি ০২:১৩ বজাৰ পৰা ২:৫৪ বজালৈ

অমৃত কাল- ৫ অক্টোবৰ বুধবাৰে পুৱা ১১.৩৩ বজাৰ পৰা বিয়লি ১:০২ বজালৈ

দুৰ্মুহূৰ্ত- ৫ অক্টোবৰ বুধবাৰে পুৱা ১১:৫১ বজাৰ পৰা ১২:৩৮ বজালৈ

পূজা পদ্ধতি (Dussehra 2022 Pujan Vidhi)

দশেৰাৰ দিনা পুৱাই উঠি স্নান কৰিব লাগে । ইয়াৰ পিছত ঘেঁহু বা চূণ দি দশেৰাৰ প্ৰতিমা বনাব লাগে । ইয়াৰ পিছত গৰুৰ গোবৰৰ পৰা 9 টা বল বনাব লাগে । এই কাণ্ডবোৰত যৱ আৰু দৈ লগাব লাগে ।

Know the ritual of Dussehra 2022 date shubh muhurat and pujan vidhi
অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদযাপন বিজয়া দশমী-ৰাৱণ দহন

আজিৰ দিনটোত বহুতে ভগৱান ৰামৰ চৰণত যৱ আগবঢ়ায় আৰু বহু ঠাইত পুৰুষে কাণত যৱ ৰাখে । ইয়াৰ পিছত গৰুৰ গোবৰৰ পৰা দুটা বাটি(কাণ্ড) বনাব লাগে । এই কাণ্ডবোৰত যৱ আৰু দৈ লগাব লাগে । আজিৰ দিনটোত বহুতে ভগৱান ৰামৰ মূৰ্তিত যৱ আগবঢ়ায় আৰু বহু ঠাইত ল’ৰাই কাণত যৱ ৰাখে । ইয়াৰ পিছত গৰুৰ গোবৰৰ পৰা দুটা বাটি বনাব লাগে । এটা বাটিত কিছুমান মুদ্ৰা ভৰাই আনটোত ৰোলী, চাউল, ফল-মূল, ফুল, বাৰ্লি দিব । নিৰ্মিত মূৰ্তিটোক কল, মূলা, গুৱাৰফলী বা একপ্ৰকাৰৰ বিন (Guar pods), গুৰ আৰু চাউল আগবঢ়াওক ।

Know the ritual of Dussehra 2022 date shubh muhurat and pujan vidhi
অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদযাপন বিজয়া দশমী-ৰাৱণ দহন

ইয়াৰ পিছত তেওঁৰ সন্মুখত ধূপ-দীপ আদি জ্বলাব । আজিৰ দিনটোত মানুহেও নিজৰ বহী খাটাৰো পূজা কৰে । এনে অৱস্থাত আপোনাৰ কিতাপত যৱ, ৰোলী আদিও আগবঢ়াব লাগে । ব্ৰাহ্মণ আৰু আৰ্তজনক খাদ্য আগবঢ়াই সামৰ্থ অনুযায়ী দান কৰক । ৰাৱণ দহনৰ পিছত ঘৰৰ বয়োজ্যেষ্ঠ সকলৰ আশীৰ্বাদ লওক ।

লগতে পঢ়ক: Navaratri 2022 Day 8: আজি মহাষ্টমী, জানক পূজাৰ সমষ্ট বিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.