Navaratri 2022 Day 8: আজি মহাষ্টমী, জানক পূজাৰ সমষ্ট বিধি

author img

By

Published : Oct 3, 2022, 1:02 AM IST

Navaratri 2022- Day 8: Puja Vidhi and Bhog to offer Goddess Mahagauri

২০২২ চনৰ সোমবাৰে (২৬ ছেপ্টেম্বৰ) শুক্ল পক্ষত আহিন মাহত আৰম্ভ হোৱা শাৰদীয় নৱৰাত্ৰি উৎসৱত নৱদুৰ্গা নামেৰে জনাজাত দুৰ্গা দেৱীৰ উৎসৱৰ প্ৰতিটো দিনত ৯টা অৱতাৰক পূজা কৰা হয় । আজি নৱৰাত্ৰি উৎসৱৰ অষ্টমটো দিনত মহাগৌৰী দেৱীক পূজা কৰা হয় । জানক পূজাৰ বিধি, ভোগ, আৰু তাৎপৰ্য ৷

২০২২ চনৰ সোমবাৰে (২৬ ছেপ্টেম্বৰ) শুক্ল পক্ষত আহিন মাহত আৰম্ভ হোৱা শাৰদীয় নৱৰাত্ৰি উৎসৱত নৱদুৰ্গা নামেৰে জনাজাত দুৰ্গা দেৱীৰ উৎসৱৰ প্ৰতিটো দিনত ৯টা অৱতাৰক পূজা কৰা হয়(Navaratri 2022) ।

শাৰদীয় নৱৰাত্ৰি উৎসৱৰ অষ্টম দিনা মহাগৌৰী দেৱীক পূজা কৰা হয়(Navaratri 2022 Day 8) । হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে । যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায় । মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয় । দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে। তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে ।

Navaratri 2022- Day 8: Puja Vidhi and Bhog to offer Goddess Mahagauri
আজি মহাষ্টমী, জানক পূজাৰ সমষ্ট বিধি

মহাগৌৰী(Goddess Mahagauri) নামৰ অৰ্থ হৈছে অত্যন্ত উজ্জ্বল, পৰিষ্কাৰ বৰণৰ বা চন্দ্ৰৰ দৰে উজ্জ্বল (মহা = মহান; গৌৰী = উজ্জ্বল, পৰিষ্কাৰ)। মহাগৌৰীক সাধাৰণতে চতুৰ্ভূজ ৰূপত চিত্ৰায়িত কৰা হয় । তেওঁ চাৰিও হাতত ত্ৰিশূল, পদুম ফুল আৰু ডম্বৰু ধাৰণ কৰে । এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভংগীত থাকে । পদুম ফুলৰ সলনি কেতিয়াবা জপমালাও ধাৰণ কৰা দেখা যায় । ইয়াৰ সলনি কোনো সময়ত তেওঁক অভয় মুদ্ৰাতো দেখা যায় । তেওঁ শুকুলা বৃষভৰ পিঠিত আৰোহণ কৰে । তেওঁ সাধাৰণতে শুকুলা বস্ত্ৰ পৰিধান কৰে ।

  • মহাগৌৰীৰ উৎপত্তি

ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ বৰ আছিল কেৱল পাৰ্বতী কুমাৰী, অবিবাহিত ৰূপৰ দ্বাৰা বধ কৰিব পৰা যাব(Shardiya Navratri) । সেয়েহে ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি শিৱই পাৰ্বতীক তেওঁৰ ছালৰ ৰঙৰ বাবে বাৰে বাৰে উপহাস কৰে । পাৰ্বতী এই উপহাসৰ দ্বাৰা উত্তেজিত হয় আৰু নিজৰ দেহৰ বৰণ শুকুলা কৰিবৰ বাবে তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাক উদ্দ্যেশ্যি গভীৰ তপস্যাত লীণ হয় । ব্ৰহ্মাই তেওঁক এই বৰদান দিবলৈ নিজৰ অক্ষমতাৰ বিষয়ে বৰ্ণনা কৰে আৰু তাৰ পৰিৱৰ্তে পাৰ্বতীক তপস্যা সমাপ্ত কৰি শুম্ভ আৰু নিশুম্ভ ৰাক্ষসক বধ কৰিবলৈ অনুৰোধ কৰে । এই কথাত পাৰ্বতী সন্মত হয় আৰু হিমালয়ৰ গংগা নদীত স্নান কৰিবলৈ যায় ।

Navaratri 2022- Day 8: Puja Vidhi and Bhog to offer Goddess Mahagauri
আজি মহাষ্টমী, জানক পূজাৰ সমষ্ট বিধি

পাৰ্বতীয়ে গংগা নদীত প্ৰৱেশ কৰি স্নান কৰাৰ লগে লগে তাইৰ কৃষ্ণবৰ্ণ ছাল সম্পূৰ্ণৰূপে নোহোৱা হয় আৰু তেওঁ শুভ্ৰ পোছাক আৰু আ-অলংকাৰেৰে ভূষিতা ৰূপ লাভ কৰে । সেয়েহে তেওঁ মহাগৌৰী নাম পায় । ইয়াৰ পিছত তেওঁ হিমালয়ত শুম্ভ আৰু নিশুম্ভৰ ধ্বংসৰ বাবে প্ৰাৰ্থনা কৰি থকা দেৱতাসকলৰ সন্মুখত উপস্থিত হয় আৰু চিন্তিত হৈ তেওঁলোকে কাক পূজা কৰিছে জানিবলৈ বিচাৰে । তেতিয়াই তেওঁ কৃষ্ণবৰ্ণা দেৱী কৌশিকী হিচাপে প্ৰকাশিত হয় আৰু নিজকে এই কথাৰ উত্তৰ দি কয় যে ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ হাতত পৰাজিত হোৱাৰ পিছত দেৱতাসকলে তেওঁকে আৰাধনা কৰি আছিল ।

পাৰ্বতীয়ে তেতিয়া দেৱতাসকলৰ প্ৰতি দয়াপৰৱশ হৈ কৃষ্ণবৰ্ণ ৰূপ ধাৰণ কৰে আৰু কালিকা নাম পায় । পৰৱৰ্ত্তী সময়ত তেওঁ চণ্ডীলৈ (চন্দ্ৰঘণ্টা) ৰূপান্তৰিত হয় আৰু ৰাক্ষস ধুম্ৰলোচনক বধ কৰে । দেৱী চণ্ডীৰ তৃতীয় নয়নৰ পৰা নিৰ্গত দেৱী চামুণ্ডাই চণ্ড আৰু মুণ্ডক বধ কৰে । চণ্ডীয়ে ৰক্তবীজ আৰু তেওঁৰ ৰক্তৰপৰা নিৰ্গত ৰক্তবীজৰ অংশসমূহক বধ কৰে ।

আনহাতে চামুণ্ডাই তেওঁলোকৰ ৰক্ত পান কৰে(Durga Puja 2022) । পাৰ্বতী পুনৰ কৌশিকীলৈ পৰিণত হৈ শুম্ভ আৰু নিশুম্বক বধ কৰে আৰু ইয়াৰ পিছত তেওঁ পুনৰ মহাগৌৰীৰ ৰূপ ধাৰণ কৰে । তেওঁক শিৱ পুৰাণত মহাসৰস্বতী আৰু দেৱী মাহাত্ম্যত (মাৰ্কণ্ডেয় পুৰাণৰ অংশ) অম্বিকা নামেৰে সম্বোধন কৰা হৈছে । ইয়াৰ পিছত এটা বৃষভৰ পিঠিত আৰোহণ কৰি তেওঁ কৈলাসলৈ উলটি আহে আৰু মহাদেৱ, কাৰ্তিক আৰু গণেশৰ সৈতে মিলিত হয় ৷

  • পূজা বিধি আৰু ভোগ

শাৰদীয় নৱৰাত্ৰিৰ অষ্টম দিনা ২ অক্টোবৰৰ সন্ধিয়া ৬:৪৭ বজাত আৰম্ভ হয় আৰু ২০২২ চনৰ ৩ অক্টোবৰৰ বিয়লি ৪:৩৭ বজাত অষ্টমী পূজা বিধিৰ আৰম্ভণি হয় মহাসন্নান আৰু শোদাশোপচাৰ পূজাৰে(Navratri Puja Mahurat) । দুৰ্গাৰ ৯টা ৰূপ চিত্ৰিত কৰিবলৈ, নটা সৰু সৰু পাত্ৰ স্থাপন কৰা হয় । ৯ গৰাকীকৈ কন্যাক শুভ আহাৰ আগবঢ়াবলৈ নিমন্ত্ৰণ জনাই কন্যা পূজন কৰা হয়(Puja Vidhi) । ইফালে, নৱৰাত্ৰিৰ অষ্টমটো দিনত মা মহাগৌৰীক নাৰিকলেৰে পূজা-অৰ্চনা কৰা হয় ৷

  • তাৎপৰ্য্য

দেৱী মহাগৌৰীয়ে নিজৰ ভক্তসকলক সৌভাগ্য আৰু ভাগ্যৰ আশীৰ্বাদ দিয়ে । দেৱী মহাগৌৰীয়ে বিশুদ্ধতা আৰু নিশ্চিন্ততাক বুজায় ।

লগতে পঢ়ক: সপ্তমটি দিনৰ দেৱী মা কালৰাত্ৰিৰ বিষয়ে সকলো জানক ইয়াতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.