ETV Bharat / sukhibhava

Diabetes: Type 2 ডায়েবেটিছত কেনেদৰে উপকাৰী ইনচুলিন

author img

By

Published : Oct 11, 2022, 2:03 PM IST

বিভিন্ন সময়ত ডায়েবেটিছ ৰোগে নিশ্চয় আপোনাৰ মনত উদ্বিগ্নতা বৃদ্ধি কৰে । এই কাৰণেই কোৱা হৈছে যে ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীয়ে সকলো সময়তে তেজৰ চুগাৰ লেভেলক লৈ চিন্তিত হৈ থাকে আৰু একে সময়তে তেওঁৰ খাদ্যৰ বাছনি অতি সাৱধানে কৰিবলগীয়া হয় ।

How insulin affects type 2 diabetes know important things
ইনচুলিনে Type 2 ডায়েবেটিছত কেনে প্ৰভাৱ পেলায়

বিভিন্ন সময়ত ডায়েবেটিছ ৰোগে নিশ্চয় আপোনাৰ মনত উদ্বিগ্নতা বৃদ্ধি কৰে । এই কাৰণেই কোৱা হৈছে যে ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীয়ে সকলো সময়তে তেজৰ চুগাৰ লেভেলক লৈ চিন্তিত হৈ থাকে আৰু একে সময়তে তেওঁৰ খাদ্যৰ বাছনি অতি সাৱধানে কৰিবলগীয়া হয় ।

বৰ্তমান সময়ত ডায়েবেটিছ এক সাধাৰণ ৰোগত পৰিণত হৈছে যদিও কিছুদিন আগতে ইয়াক কেৱল বৃদ্ধ লোকৰ মাজতহে পোৱা গৈছিল । বৰ্তমান এই ৰোগ যুৱক-যুৱতীসকলৰ মাজতো দেখিবলৈ পোৱা যায় । ডায়েবেটিছ দুই প্ৰকাৰৰ, প্ৰথমটো হৈছে টাইপ ১ ডায়েবেটিছ আনহাতে দ্বিতীয়টো হৈছে টাইপ ২ ডায়েবেটিছ ।

ডায়েবেটিছৰ সৰহসংখ্যক ঘটনা টাইপ ২ ডায়েবেটিছৰ অন্তৰ্গত । য’ত আমি বংশগতভাৱে টাইপ ১ ডায়েবেটিছ পাওঁ, তাত টাইপ ২ ডায়েবেটিছৰ কাৰণ হ’ল আমাৰ দুৰ্বল জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাস । অস্বাস্থ্যকৰ খাদ্যৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে টাইপ ২ ডায়েবেটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰিছে । টাইপ ২ ডায়েবেটিছত তেজত গ্লুক’জৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে ৷

ইনচুলিনে আমাৰ শৰীৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ লগত টাইপ ২ ডায়েবেটিছো ওতঃপ্ৰোত জড়িত । স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে টাইপ-২ ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়ে । আমাৰ শৰীৰত ইনচুলিনে কেনেদৰে কাম কৰে আৰু ই ডায়েবেটিছত কেনেদৰে প্ৰভাৱ পেলায় আৰু ইনচুলিন থেৰাপী কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে সঠিকভাৱে জানো আহক ।

স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ইনচুলিন(Insulin is essential for health)

ইনচুলিন হৈছে অগ্নাশয়ৰ দ্বাৰা উৎপন্ন হোৱা এবিধ হৰম’ন । ই আমাৰ শৰীৰত থকা খাদ্যৰ পৰা চেনি পৃথক কৰি তেজত থকা গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে । ই তেজৰ পৰা আমাৰ কোষলৈ গ্লুক’জ পৰিবহণ কৰে, যিয়ে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে ।

টাইপ ২ ডায়েবেটিছত যেতিয়া আমাৰ কোষবোৰে ইনচুলিনৰ প্ৰতি প্ৰতিক্ৰিয়া কৰা বন্ধ কৰে, তেতিয়া এনে অৱস্থাত ইনচুলিনৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে । যেতিয়া শৰীৰক ইনচুলিনৰ প্ৰয়োজন হয় তেতিয়া পেনক্ৰিয়াছে ইনচুলিন প্ৰেৰণ কৰিব নোৱাৰে । ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা অতি উচ্চ হৈ পৰে । যদি এই সমস্যা বহুদিনলৈ থাকে, তেন্তে আমাৰ স্নায়ু, চকু আৰু অন্যান্য অংগবোৰৰ ক্ষতি হ’বলৈ ধৰে ।

ইনচুলিন থেৰাপীয়ে আপোনাৰ তেজৰ Suger Level হ্ৰাস কৰাত সহায় কৰিব পাৰে যদি আপোনাৰ টাইপ ২ ডায়েবেটিছ আছে তেন্তে আপোনাৰ তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় । তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে আপোনাক তলত দিয়া পৰামৰ্শ দিব পাৰে ।

  • আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰে
  • ইনচুলিন নথকা বেজী দিব পৰা ঔষধ
  • ইনচুলিন থেৰাপীৰ সহায় ল’ব পাৰে
  • ওজন কমাবলৈ ব্যায়াম কৰক

ইনচুলিনৰ প্ৰকাৰ(Types of Insulin):

যেতিয়া পেনক্ৰিয়াছে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰে তেতিয়া ইনচুলিন গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় । সাধাৰণতে ইনচুলিন দুবিধ ।

  • খাদ্যৰ সময়ত ইনচুলিন
  • লেহেমীয়া আৰু দীঘলীয়া কাৰ্যক্ষম ইনচুলিন । এই ইনচুলিন সাধাৰণতে ৰাতিৰ সময়ত গ্ৰহণ কৰা হয়

শ্বাসৰ দ্বাৰা ইনচুলিন(Inhaled insulin)

ইনচুলিনৰ বহুতো প্ৰকাৰ আৰু ব্ৰেণ্ড আছে যদিও আমেৰিকাত এটা ব্ৰেণ্ডৰ ইনচুলিন আছে যিটো উশাহৰ দ্বাৰা লোৱা হয় । ই আন প্ৰকাৰৰ ইনচুলিনতকৈ বহু বেছি ক্ষীপ্ৰতাৰে কাম কৰে । কিন্তু ই সকলো টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী নহয় ।

সকলো ইনচুলিন বেজী দিয়া হয়(All insulin is injected)

উশাহ ল’ব পৰা ইনচুলিনৰ বাহিৰেও সকলো ধৰণৰ ইনচুলিন বেজীৰে দিয়া হয় । মধ্যমীয়া আৰু দীৰ্ঘকালীন ইনচুলিন কেৱল বেজীৰ জৰিয়তেহে প্ৰদান কৰা হয় । ইনচুলিন কেতিয়াও পিলৰ ৰূপত গ্ৰহণ কৰিব নোৱাৰি । ইনছুলিন সদায় ছালৰ তলত বেজী দিয়া হয় । উৰু, পেট, বাহুত বেজী দিব পাৰে ।

ইনচুলিন দিওতে সময়ৰ প্ৰয়োজন হ'ব পাৰে(Insulin may take time to give)

যদি আপুনি ইনচুলিন থেৰাপী প্ৰেছক্ৰিপচন কৰিছে তেন্তে ইনচুলিন দিবলৈ কিছু সময় লাগিব পাৰে কাৰণ প্ৰথমে আপুনি জানিব লাগিব কেনে ধৰণৰ ইনচুলিন দিয়া হ’ব আৰু ইয়াৰ মাত্ৰা কি হ’ব । ব্লাড চুগাৰ টেষ্টৰ পৰা এই বিষয়ে তথ্য লাভ কৰিব পাৰিব । ইনচুলিন গ্ৰহণ কৰাৰ পিছত আপুনি পৰীক্ষাৰ জৰিয়তে জানিব পাৰিব যে আপোনাৰ শৰীৰে ইনচুলিনৰ সৈতে কেনে প্ৰতিক্ৰিয়া কৰিছে ।

ইনচুলিনৰ পাৰ্শ্বক্ৰিয়া(Side effects of insulin)

কিছুমান ক্ষেত্ৰত ইনচুলিনেও শৰীৰত পাৰ্শ্ব-প্ৰতিক্ৰিয়া কৰিব পাৰে । এই লক্ষণসমূহৰ ভিতৰত আছে...

  • Suger Level হ্ৰাস হোৱা
  • ওজন বৃদ্ধি
  • ইনচুলিন বেজী দিয়া ঠাইত বিষ বা জ্বলা-পোৰা অনুভৱ কৰা
  • বেজী দিয়া ঠাইত সংক্ৰমণ হয়
  • বেজী দিয়া ঠাইত এলাৰ্জীৰ সমস্যাও হ’ব পাৰে

লগতে পঢ়ক: চাহ সেৱনে Type 2 Diabetesৰ আশংকা হ্ৰাস কৰে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.