ETV Bharat / sukhibhava

Daily Horoscope For 30th July: আপোনাৰ আজিৰ দিনটো কেনে যাব; চাওক ৰাশিফল

author img

By

Published : Jul 30, 2023, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 30th July 2023
আপোনাৰ আজিৰ দিনটো কেনে যাব; চাওক ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আজি আপুনি ভাগৰুৱা, এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব পাৰে ৷ আজি হতোদ্যম হৈ থাকিব কাৰণে কোনো কাম কৰাৰ ইচ্ছাই নাযাব আপোনাৰ ৷ আপোনাৰ বিৰক্তিভাৱক লৈ আপুনি আজি বিশেষকৈ সাৱধান হ’ব লাগিব ৷ সৰু-সুৰা কথাত মূৰ গৰম নকৰিব ৷ ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কাকো আঘাত দি কথা নক’ব ৷ এনেকুৱা কৰিলে পিছলৈ আপোনাৰ ক্ষতি হ’ব পাৰে ৷ আপুনি আজি ধৰ্মীয় ৰীতি-নীতিত অংশগ্ৰহণ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ বাবে বৰ ভাল নহয় ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে অস্বস্থ হৈ থাকিব পাৰে ৷ নতুন প্ৰকল্প বা উদ্যোগ আৰম্ভ কৰাৰ দিনটো ভাল নহয় ৷ ভোজনক লৈ সতৰ্ক থাকক ৷ অস্বাস্থ্যকৰ খাদ্য খালে অৱস্থা বেয়া হ’ব পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷ আজি আপুনি যি যি কাম কৰিব বুলি ভাবি থৈছিলে সেইবোৰ শেষ কৰিব নোৱাৰিব ৷ সকলো কথাক সহজভাৱে লওঁক ৷ ধ্যান কৰিলে ভাল পাব ৷

মিথুন ৰাশি: আজি গোটেই দিনটো আপুনি আনন্দ-ফুৰ্তিৰে কটাই দিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে উলহ মালহ আনন্দ আৰু ফুৰ্তি কৰি আজি আপুনি গোটেই দিনটো পাৰ কৰি দিব ৷ আজি আপুনি সামাজিক সন্মান আৰু স্বীকৃতি লাভ কৰিব পাৰে ৷ দাম্পত্য জীৱন অধিক আনন্দদায়ক হৈ উঠিব ৷

কৰ্কট ৰাশি: আজি আপোনাৰ গ্ৰহৰ অৱস্থান ইমানেই ভাল যে, তাৰ বাবে দিনটো আনন্দদায়ক হৈ উঠিব ৷ আজি আপুনি ব্যাপক সফলতা আৰু প্ৰচুৰ আনন্দ উপভোগ কৰিব পাৰে ৷ পৰিয়ালৰ লোকে আপোনাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷ ঘৰৰ পৰিৱেশ আজি আনন্দদায়ক হৈ থাকিব ৷ প্ৰয়োজনীয় বস্তুৰ নামত আজি আপোনাৰ কিছু ব্যয় হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো সুখকৰ আৰু লাভদায়ক ৷

সিংহ ৰাশি: আজি আপোনাৰ শৰীৰ আৰু মন দুয়ো উত্তম অৱস্থাত থাকিব ৷ আজি গোটেই দিনটো আপুনি আশাবাদী হৈ থাকিব ৷ আপোনাৰ প্ৰয়াসবোৰ হ’ব গঠনমূলক আৰু তাৰ ফল হ’ব ইতিবাচক ৷ সন্তানৰ সু-সংবাদ পাব ৷ বন্ধুসকলৰ সৈতে সুখকৰ সন্ধিয়া কটাব পাৰেষ আজি আপুনি ধৰ্মকৰ্ম আৰু দানধৰ্ম কৰিব পাৰে ৷

কন্যা ৰাশি: আজি আপোনাৰ গ্ৰহ আপোনাৰ অনুকূলত নাই ৷ আজি আপুনি দুশ্চিন্তা আৰু উদ্বেগত থাকিব ৷ যাৰ ফলত আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত বহুত হেঁচা পৰিব ৷ আপুনি লক্ষ্য কৰিব যে আপোনাৰ পৰিয়ালৰ লোকে আপোনাৰ প্ৰতি অসন্তুষ্ট হৈ আছে আৰু তেওঁলোকে আপোনাৰ প্ৰতি অসহযোগী হৈ আছে ৷ আপোনাৰ দুশ্চিন্তা আৰু বঢ়াই দিব আপোনাৰ মাতৃৰ স্বাস্থ্যই ৷ নথিপত্ৰ চহী কৰাৰ সময়ত অধিক সতৰ্ক থাকক ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷

তুলা ৰাশি: আজি সৌভাগ্য আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব ৷ ভাই-ভনীৰ সহায় লাভ কৰিব ৷ নতুন প্ৰকল্প আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷ আজি গোটেই দিনটো আপুনি সক্ৰিয় আৰু প্ৰাণৱন্ত হৈ থাকিব ৷ বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে ৷ আপুনি আজি শত্ৰু আৰু প্ৰতিপক্ষৰ ওপৰত বিজয়ী হ’ব ৷ সন্মান আৰু স্বীকৃতি লাভৰ যোগ ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে এটা মধ্যমীয়া দিন আৰু আজি আপুনি অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আপুনি আজি সাৱধানে কথা কয় যেন ৷ শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰক ৷ এনেকুৱা কৰিব পাৰিলে সংসাৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ ধৰ্মীয় কাৰণত আপোনাৰ কিছু খৰচ হ’ব পাৰে ৷ পঢ়াশুনা যিসকলে কৰি আছে, তেওঁলোকৰ কাৰণে দিনটো বিশেষ কাৰ্যকৰ নহ’ব ৷

ধনু ৰাশি: স্বাস্থ্যৰ যতন লওঁক ৷ পৰিকল্পিত কাম হাতত ল’লে সফল হ’ব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ তীৰ্থযাত্ৰা হ’ব পাৰে ৷ কোনো আত্মীয়ৰ ঘৰত কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে ৷ আত্মীয়ৰ ঘৰত এটা অনুনুষ্ঠানিক মিলামিচা আপোনাক আনন্দ দিব ৷ আপোনাৰ দাম্পত্য জীৱন আপোনাৰ বাবে কঢ়িয়াই আনিব স্বাচ্ছন্দ্য আৰু আনন্দ ৷ আজি আপোনাৰ আতৰণ সুস্থিৰ হৈ থাকিব ৷ আপুনি সুখাদ্য ভোজন কৰিব পাৰে ৷ সামাজিকভাৱে আপোনাৰ নাম যশ বৃদ্ধি পাব ৷

মকৰ ৰাশি: প্ৰতি পদক্ষেপত সাৱধানে খোজ পেলাওঁক ৷ কৰ্মক্ষেত্ৰত আপুনি সক্ষম সহযোগিতা পাব পাৰে ৷ আপোনাৰ আয়তকৈ ব্যয় অধিক হ’ব ৷ আজি আপুনি ধৰ্মীয় আৰু সামাজিক কৰ্মকাণ্ডত ব্যস্ত হৈ থাকিব, যাৰ ফলত আপোনাৰ ব্যয়বৃদ্ধি হ’ব পাৰে ৷ স্বাস্থ্যক লৈ দুশ্চিন্তাত ভুগিব পাৰে ৷ সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ’ব পাৰে আপোনাৰ ৷ আজি আপুনি সফল হ’বলৈ হ’লে মূৰৰ ঘাম ভৰিত পেলাই কাম কৰিব লাগিব ৷ উদ্বেগ আপোনাক আমনি দি থাকিব ৷ আপুনি দুৰ্ঘটনাত পৰিব পাৰে, সাৱধানে থাকক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷ কৰ্মক্ষেত্ৰত (চাকৰি আৰু ব্যৱসায়ত) আপুনি লাভবান হ’ব পাৰে ৷ কোনো বান্ধৱীয়ে আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে ৷ লক্ষ্মীদেৱীৰ কৃপালাভ কৰিব আজি ৷ আপোনাৰ সামাজিক খ্যাতি আজি ইতিবাচকভাৱে বৃদ্ধি পাব ৷ সন্তানসকলৰ সৈতে সম্পৰ্ক ভালেই থাকিব ৷ পত্নী আৰু পুত্ৰৰ পৰা সু-সংবাদ পোৱাৰ সম্ভাৱনা আছে ৷ বিবাহপ্ৰাৰ্থীসকলৰ কাৰণে দিনটো ভাল ৷ সুখদায়ক ভ্ৰমণ হ’ব পাৰে ৷

মীন ৰাশি: আজি আপোনাৰ দিনটো অত্যন্ত ফলদায়ক হ’ব ৷ আজি আপুনি সফলতাৰে কাম সম্পন্ন কৰিব পাৰিব কাৰণে উল্লাসেৰে পূৰ্ণ হৈ থাকিব আৰু ঊৰ্ধ্বতনসকলৰপৰা প্ৰশংসাও পাব ৷ ব্যৱসায়ীসকলৰ কাৰণে দিনটো ভাল ৷ আজি আপুনি ঋণ পাব পাৰে ৷ পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ ফালৰপৰা কিবা লাভ পাব পাৰে ৷ লক্ষ্মীদেৱীৰ কৃপা লাভ কৰিব ৷ আপোনাৰ ঘৰোৱা পৰিৱেশ আজি আনন্দপূৰ্ণ হৈ থাকিব ৷ শাৰীৰিক সুস্থতা আপোনাক হতাশ নকৰে আজি ৷ চৰকাৰী লাভ পাব পাৰে ৷ আপোনাৰ সন্মান বৃদ্ধি হ’ব ৷ আজি গোটেই দিনটো আপোনাৰ সামাজিক জীৱন আনন্দপূৰ্ণ হৈ থাকিব ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.