ETV Bharat / sukhibhava

বিৰল ৰোগ ‘ব্লু বেবী চিণ্ড্ৰম’ত আক্ৰান্ত শিশুক জীৱনদান দি অবাক কলকাতাৰ চিকিৎসক

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 2:56 PM IST

Blue Baby Syndrome: শেহতীয়াকৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ এটি ডেৰ-দুবছৰীয়া শিশুৰ দেহত এটি বিৰল ৰোগ দেখিবলৈ পোৱা যায় ৷ এই ৰোগ ‘ব্লু বেবী চিণ্ড্ৰম’ বুলি ধৰা পৰে ৷ কি হয় এই ৰোগ তথা ইয়াৰ কাৰণ সম্পৰ্কে জানো আহক...

Wb-kol-rare case at amry-7211146
বিৰল ৰোগ ‘ব্লু বেবী চিণ্ড্ৰম’ত আক্ৰান্ত শিশুক জীৱনদান দি অবাক কলকাতাৰ চিকিৎসক

চিকিৎসক কৌশিক মুখোপাধ্যায়

নিউজ ডেস্ক, 29 ডিচেম্বৰ: হঠাৎ শৰীৰৰ অংগবোৰ নীলা হৈ পৰিছে ৷ খালে বা কান্দিলে জিভাখন নীলা হৈ পৰিছে! এই বিৰল ৰোগবিধ শেহতীয়াকৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ এটি ডেৰ-দুবছৰীয়া শিশুৰ দেহত দেখিবলৈ পোৱা গৈছিল ৷ অত্যধিক মাত্ৰাত নীলা হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবে শিশুটিও অজ্ঞান হৈ পৰিছিল ৷ এনে অৱস্থাত তেওঁক দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হয় ৷ চিকিৎসালয়খনৰ অ’পিডি বিভাগত প্ৰথমে শিশুটিক প্ৰত্যক্ষ কৰিছিল চিকিৎসকে ৷ তাৰ পিছত এই ৰোগ ‘ব্লু বেবী চিণ্ড্ৰম’ বুলি ধৰা পৰে ৷ এই বিৰল ৰোগত আক্ৰান্ত হৈছিল পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এটি শিশু ৷ এই ৰোগ ধৰা পৰাৰ পিছতে চিকিৎসকে শিশুটিৰ অপাৰেশ্যন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চিকিৎসকে জনোৱা মতে, বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ ৷

মুৰ্ছিদাবাদৰ লালগোলাৰ বাসিন্দা মহম্মদ জাবিৰ শ্বেখ ৷ পেছাত কাঠমিস্ত্ৰী ৷ পুত্ৰৰ অসুস্থতাৰ বাবে তেওঁ দেশৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া হৈছিল ৷ অৱশেষত তেওঁ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কাষ চাপিল ৷ চিকিৎসক কৌশিক মুখোপাধ্যায়ৰ তত্বাৱধানত পুত্ৰৰ চিকিৎসা আৰম্ভ হয় ৷ ইকোকাৰ্ডিঅ’গ্ৰামকে ধৰি কেইবাটাও পৰীক্ষাৰ অন্তত শিশুটিৰ সোঁফালৰ হৃদযন্ত্ৰৰ সমস্যা হোৱা দেখা গ’ল ৷ হৃদযন্ত্ৰৰ কক্ষবোৰত ফুটা আছে ৷ ফলত অক্সিজেন নথকা তেজ অক্সিজেনযুক্ত তেজৰ লগত মিহলি হৈ পৰে ৷ ইয়াৰ ফলত শৰীৰত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায় ৷ ইয়াৰ বাহিৰেও শিশুটিৰ ওঁঠ কাটি যোৱাৰ বাবে খাদ্যখিনি শ্বাসনলীলৈ যায় ৷ পৰ্যাপ্ত খাদ্য শৰীৰত প্ৰৱেশ কৰা নাছিল ৷

এই সকলোবোৰ সমস্যা দেখি ডাঃ কৌশিক মুখোপাধ্যায়ে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত ল’লে ৷ কিন্তু এটা সমস্যাও আছে ৷ কাৰণ শিশুটিৰ ওজন আছিল ৯ কেজি ৷ অস্ত্ৰোপচাৰৰ বাবে ১২ কেজি ওজনৰ প্ৰয়োজন ৷ কিন্তু এই সকলোবোৰৰ মাজতো চিকিৎসক আৰু তেওঁৰ সহায়কসকলে শিশুটিৰ হৃদযন্ত্ৰৰ মুকলি অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শিশুৰ সোঁ আৰু বাওঁ নিলয়ৰ মাজৰ ফুটাটো অস্ত্ৰোপচাৰৰ দ্বাৰা বন্ধ কৰি দিয়া হয় ৷ ইয়াৰ পিছত শিশুটিক কিছুদিন ভেন্টিলেশ্যনত পৰ্যবেক্ষণত ৰখা হৈছিল ৷

কি হয় ‘ব্লু বেবী চিণ্ড্ৰম’ ?

ব্লু বেবী চিনড্ৰম হৈছে কিছুমান শিশুৰ জন্মৰ কিছু সময়ৰ পিছতে আৰম্ভ হোৱা এটা অস্বাভাৱিক অৱস্থা । এই ৰোগত ছালৰ ৰং নীলা হয় যাক চাইন’ছিছ বোলা হয় | যেতিয়া ছালখন নীলা হৈ পৰে তেতিয়া ছালখন পাতল হৈ পৰে আৰু সাধাৰণতে ওঁঠ, কাণৰ গুৰি আৰু নখত এই ৰোগে দেখা দিয়ে । যদিও ব্লু বেবী চিনড্ৰম এক বিৰল ৰোগ, তথাপিও জন্মগতভাৱে বহু ধৰণৰ হৃদযন্ত্ৰৰ বিসংগতি বা পৰিৱেশ বা জিনীয় কাৰণত ইয়াৰ সৃষ্টি হ’ব পাৰে ।

ব্লু বেবী চিনড্ৰমৰ কাৰণ

তেজত অক্সিজেনৰ অভাৱৰ বাবে ছালৰ ৰং নীলা হৈ পৰে । হৃদযন্ত্ৰই হাওঁফাওঁলৈ তেজ পাম্প কৰে, ইয়াৰ পৰা তেজে অক্সিজেন লাভ কৰে আৰু তাৰ পিছত অক্সিজেনযুক্ত তেজ পুনৰ হৃদযন্ত্ৰলৈ আহি সমগ্ৰ শৰীৰ পায়গৈ ।

হৃদযন্ত্ৰ, হাওঁফাওঁ বা তেজত কিবা সমস্যা হ’লে তেজত অক্সিজেনৰ অভাৱ হয় । ইয়াৰ বাবে ছালৰ ৰং নীলা হ’বলৈ আৰম্ভ কৰে । তেজত অক্সিজেন কম হোৱাৰ বহু কাৰণ থাকে যেনে টেট্ৰালজি অৱ ফেলট, মিথেম’গ্লবিনেমিয়া আৰু অন্যান্য হৃদযন্ত্ৰৰ বিসংগতি ।

Tetralogy of Fallot হৈছে এক বিৰল জন্মগত হৃদযন্ত্ৰৰ বিসংগতি, য’ত হাওঁফাওঁলৈ ৰক্তৰ প্ৰবাহ কমি যায় আৰু অক্সিজেন সমৃদ্ধ তেজ সমগ্ৰ শৰীৰলৈ যাব নোৱাৰে ।

নাইট্ৰেট বিষক্ৰিয়াৰ ফলত মেথেম’গ্লবিনেমিয়া হয় । শিশুৱে গাখীৰ, কুঁৱাৰ পানী বা শিশুৱে খাদ্যত নাইট্ৰেট সেৱন কৰিলে এনে হ’ব পাৰে ।

লগতে পঢ়ক: শীতকালতো নিমজ হৈ থাকিব আপোনাৰ ছাল; ব্যৱহাৰ কৰক আপেলৰ ফেচ মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.