ETV Bharat / sukhibhava

শীতকালতো নিমজ হৈ থাকিব আপোনাৰ ছাল; ব্যৱহাৰ কৰক আপেলৰ ফেচ মাস্ক

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:24 PM IST

Apply apple face mask to keep your skin fresh during the winter
শীতকালতো নিমজ হৈ থাকিব আপোনাৰ ছাল; ব্যৱহাৰ কৰক আপেলৰ ফেচ মাস্ক

DIY Apple Face Mask: শীতকালত মুখৰ উজ্জ্বলতা বৰ্তি থাকিবলৈ আপুনি মুখত আপেল প্ৰয়োগ কৰিব পাৰে ৷ সৌন্দৰ্য বৃদ্ধিত আপেল কিদৰে ব্যৱহাৰ কৰিব লাগে, আজি জানো আহক-

শীতকালত শুকান বতাহৰ ফলত আমাৰ ছাল শুকান হৈ পৰে ৷ এই দিনকেইটাত তুলনামূলকভাৱে অধিকাংশ লোকেই কম পানী খায়, যাৰ ফলত মুখমণ্ডলৰ সৌন্দৰ্য কমি যায় ৷ আপুনি যিমানেই মইশ্ব’ৰাইজাৰ ব্যৱহাৰ নকৰক কিয়, ছালৰ উজ্জ্বলতা ঘূৰি নাহে ৷ ইয়াৰ কাৰণ হৈছে যে মইশ্ব’ৰাইজাৰত কৃত্ৰিম উপাদান থাকে, যিয়ে ছালক গভীৰভাৱে পুষ্টি প্ৰদান নকৰে ৷ শীতকালত মুখৰ উজ্জ্বলতা বৰ্তি থাকিবলৈ আপুনি মুখত আপেল প্ৰয়োগ কৰিব পাৰে ৷ সৌন্দৰ্য বৃদ্ধিত আপেল কিদৰে ব্যৱহাৰ কৰিব লাগে, আজি জানো আহক-

ৰুক্ষ ছালৰ গৰাকীয়ে এইদৰে ব্যৱহাৰ কৰক আপেলৰ মাস্ক

এই মাস্ক তৈয়াৰ কৰিবলৈ লাগতিয়াল সামগ্ৰীসমূহ-

  • গাখীৰ
  • আপেল
  • ওটমিল পাউডাৰ

কিদৰে প্ৰস্তুত কৰিব

  • প্ৰথমতে আপেলটো ভলদৰে পিছি ল’ব ৷
  • তাৰ পাছত ইয়াত গাখীৰ আৰু ওটমিল পাউডাৰ ভালদৰে মিহলি কৰিব ৷
  • এতিয়া এই মাস্কটো ২০ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰিব ৷
  • নিৰ্দিষ্ট সময়ৰ পাছত চাফা পানীৰে মুখখন ধুই পেলাব ৷

নিমজ ছাল পাবৰ বাবে ব্যৱহাৰ কৰিব এই ফেচ মাস্ক

এই মাস্ক তৈয়াৰ কৰিবলৈ লাগতিয়াল সামগ্ৰীসমূহ-

  • আপেল
  • মৌ
  • ডালচেনি

কিদৰে প্ৰস্তুত কৰিব

  • এটা আপেল ভালদৰে পিছিল লৈ এটা বাতিত উলিয়াই ল’ব ৷
  • ইয়াৰ পাছত বাতিটোত ২ চামুচ মৌ আৰু আধা চামুচ ডালচেনি পাউডাৰ মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লব ৷
  • ইয়াৰ পিছত এই পেষ্টটো মুখ, ডিঙি আৰু হাতত লগাব ৷
  • ১৫ মিনিটৰ বাবে এনেদৰে ৰাখি কুহুমীয়া পানীৰে ভালদৰে ধুই পেলাব ৷
  • ছালখন ভিতৰৰ পৰা পৰিস্কাৰ কৰিবৰ বাবেও আপুনি আপেলৰ ফেচ মাস্ক লগাব পাৰে ৷

এই মাস্ক তৈয়াৰ কৰিবলৈ লাগতিয়াল সামগ্ৰীসমূহ-

  • আপেল
  • দৈ
  • নেমুৰ ৰস

কিদৰে প্ৰস্তুত কৰিব

  • আপেলটো মিস্কাৰত ভলদৰে পিছি ল’ব ৷
  • এতিয়া ইয়াত এক চামুচ দৈ আৰু এক চামুচ নেমুৰ ৰস ভালদৰে মিহলি কৰিব ৷
  • এই ফেচ মাস্কটো মুখৰ সৈতে ডিঙিতো প্ৰয়োগ কৰিব ৷
  • প্ৰায় ১৫-২০ মিনিটৰ বাবে এনেদৰে ৰাখি পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব ৷

লগতে পঢ়ক: শৰীৰ কপাই যোৱা এই ঠাণ্ডাৰ বতৰত চাহ নে কফি ? কোনবিধ শৰীৰৰ বাবে উত্তম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.