ETV Bharat / sukhibhava

কেৱল যকৃতেই নহয় আপোনাৰ হৃদযন্ত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াব পাৰে ডেংগুৱে: গৱেষণা

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:53 PM IST

Danger from Dengue: দৰাচলতে ডেংগুৰ বাবে হৃদযন্ত্ৰৰ মাংসপেশীবোৰ ফুলি উঠিবলৈ ধৰে, যাৰ বাবে হৃদযন্ত্ৰই তেজ পাম্প কৰাত অসুবিধা পাবলৈ আৰম্ভ কৰে । ইয়াৰ ফলত আপোনাৰ হৃদযন্ত্ৰৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
Attention Not only your liver but also your heart is in danger from dengue, shocking thing revealed in the research
কেৱল যকৃতেই নহয় আপোনাৰ হৃদযন্ত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াব পাৰে ডেংগুৱে: গৱেষণা

ডেংগু এবিধ মাৰাত্মক ৰোগ এই বিষয়ে প্ৰায়সংখ্যক লোকেই জ্ঞাত ৷ ইয়াৰ বাবে ৰোগীৰ মৃত্যুও হ’ব পাৰে ৷ WHOৰ তথ্য অনুসৰি বিশ্বৰ ৮০ শতাংশ ৰোগ পানীৰ ফলত হয় ৷ ইয়াৰে এটা হ’ল ডেংগু ৷ বাৰিষাকালত প্ৰায়ে ইয়াৰ ৰোগী বৃদ্ধি হোৱা দেখা যায় ৷ এডিছ এজিপ্ট প্ৰজাতিৰ মহৰ কামোৰৰ ফলত ডেংগু ৰোগ বিয়পে ৷ এই মহে বিশষকৈ দিনৰ ভাগত কামোৰে ৷ শেহতীয়াকৈ ডেংগু সন্দৰ্ভত কৰা এক গৱেষণাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ এই গৱেষণাত কোৱা হৈছে যে ডেংগুৱে কেৱল যকৃতত প্ৰদাহ বৃদ্ধি কৰাই নহয় ই হৃদযন্ত্ৰৰ কোষৰো ক্ষতিসাধন কৰে ৷ এই গৱেষণাত আৰু কি কি কোৱা হৈছে জানো আহক-

হৃদযন্ত্ৰৰ বিপদ-

শেহতীয়াকৈ দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজত এটি গৱেষণা কৰা হৈছে ৷ ইয়াত ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ ওপৰত পৰীক্ষা কৰা হৈছিল ৷ এই গৱেষণাত ডেংগু ভাইৰাছৰ স্নায়ু, যকৃত আৰু হৃদযন্ত্ৰৰ লগত জড়িত গুৰুতৰ লক্ষণসমূহক এক্সটেণ্ডেড ডেংগু চিণ্ড্ৰম বুলি কোৱা হৈছে ৷ পূৰ্বে শুনা গৈছিল যে ডেংগুৱে যকৃতত আক্ৰমণ কৰে, কিন্তু এই গৱেষণাত কোৱা হৈছে যে ইয়াৰ প্ৰভাৱ হৃদযন্ত্ৰৰ ওপৰতো দেখা যায়, যাৰ বাবে হৃদস্পন্দন দ্ৰুত, হৃদযন্ত্ৰৰ মাংসপেশীবোৰ ফুলা আদি সমস্যা হ’ব পাৰে ৷

ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ হৃদযন্ত্ৰৰ নলীত দেখা যায় ৷ দৰাচলতে ডেংগুৰ বাবে হৃদযন্ত্ৰৰ মাংসপেশীবোৰ ফুলি উঠে, যাৰ বাবে হৃদযন্ত্ৰৰ তেজ পাম্প কৰাত অসুবিধা হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত হৃদস্পন্দনত প্ৰভাৱ পৰে আৰু বুকুত জ্বলা-পোৰা আৰু বিষ হয় ৷ ইয়াৰ বাবে উশাহ-নিশাহ লোৱাতো অসুবিধা হয় ৷ যদি অৱস্থাটো বেছি বেয়া হয় তেন্তে হাৰ্ট এটেক বা হাৰ্ট ফেইলাৰ হোৱাৰ আশংকা থাকিব পাৰে ৷

এই পৰীক্ষাবোৰ সম্পন্ন কৰক-

চিকিৎসকৰ মতে যদি আপুনি নিজকে ডেংগু ৰোগী বুলি অনুভৱ কৰে তেন্তে ইচিজি কৰা উচিত আৰু যদি ৰিপ’ৰ্টত কিবা পৰিৱৰ্তন দেখা যায় তেন্তে লগে লগে হাৰ্ট এম আৰ আই আৰু ষ্ট্ৰেছ ইকো টেষ্ট কৰাব লাগে ৷ কিউৰিয়াছ জাৰ্নেলত প্ৰকাশিত এই অধ্যয়ন অনুসৰি চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰায় ৪.২ শতাংশ ডেংগু ৰোগীৰ হৃদযন্ত্ৰৰ মাংসপেশীত প্ৰদাহ পোৱা গৈছে ৷ কেৱল এয়াই নহয় ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানেও এক গৱেষণাৰ জৰিয়তে এই কথাৰ প্ৰমাণিত কৰে ৷ এনে পৰিস্থিতিত অসাৱধানতা অৱলম্বন কৰা উচিত নহয় ৷ অলপ অসাৱধানতাৰ বাবে হৃদযন্ত্ৰৰ মাংসপেশীবোৰ ফুলি উঠিব পাৰে ৷ সেয়েহে চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞই ৰোগীক ডেংগুৰ পিছত হাৰ্ট এম আৰ আই কৰিবলৈ পৰামৰ্শ দিয়ে ৷

ডেংগুৰ লক্ষণ-

  • উচ্চ জ্বৰ
  • মাংসপেশীৰ বিষ
  • বমি আৰু বমি ভাৱ অহা
  • শৰীৰত ৰঙা ফোঁহা ওলোৱা
  • চকুৰ পতাত বিষ
  • গ্ৰন্থিৰ ফুলা
  • ভাগৰ লগা
  • নাক বা দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা
  • বাতবিষ

লগতে পঢ়ক: কৰ্মস্থলীত দীৰ্ঘসময়লৈকে কাম কৰে নেকি ? তেন্তে সৰ্বনাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.