ETV Bharat / state

নয়নতৰা হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

author img

By

Published : Jul 13, 2020, 3:40 PM IST

Udalguri police press meet for nayantora murder case
নয়নতৰা হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

ওদালগুৰি জিলাৰ কলাইগাঁও চহৰৰ বহু চৰ্চিত নয়নতৰা চহৰীয়া হত্যাকাণ্ডৰ ঘাটক অৱশেষত আৰক্ষীৰ জালত। স্বামী তথা বিজ্ঞানৰ শিক্ষক উপেন বৰুৱা,জেষ্ঠ পুত্ৰ হীৰকজ্যোতি বৰুৱা,কাম কৰা মহিলা যখোদা ৰাভা আৰু নেৱাজ আহমেদক ওদালগুৰি আৰক্ষীয়ে আটক কৰিছে ৷ এই সম্পৰ্কত আজি কলাইগাঁও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কলাইগাঁও থানাত সাংবাদিকক সম্বোধন কৰি কয় যে,আৰক্ষীৰ অনুসন্ধান বৰ্তমানেও চলি আছে ৷

কলাইগাঁও, 13 জুলাই : ওদালগুৰি জিলাৰ কলাইগাঁও চহৰৰ বহু চৰ্চিত নয়নতৰা চহৰীয়া হত্যাকাণ্ডৰ ঘাটক অৱশেষত আৰক্ষীৰ জালত । শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ স্বামী তথা বিজ্ঞানৰ শিক্ষক উপেন বৰুৱা,জেষ্ঠ পুত্ৰ হীৰকজ্যোতি বৰুৱা,কাম কৰা মহিলা যখোদা ৰাভা আৰু নেৱাজ আহমেদক ওদালগুৰি আৰক্ষীয়ে আটক কৰিছে ৷

নয়নতৰা হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

উল্লেখযোগ্য যে,যোৱা ৬ জুলাইত পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া ৷ 7 জুলাইত ক্ষত-বিক্ষত,উলংগ অৱস্থাত ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ৰুমৰ ভিতৰত উদ্ধাৰ হৈছিল শিক্ষয়িত্ৰী গৰাকীৰ মৃতদেহ ৷

জানিব পৰা মতে,আৰক্ষীৰ তদন্তত প্ৰথম অৱস্থাৰ পৰা স্বামী উপেন বৰুৱাই বিভ্ৰান্তি সৃষ্টিৰ তথ‍্য প্ৰদান কৰি আহিছিল ৷ অৱশেষত শনিবাৰে নিশা জেৰাৰ বাবে ওপৰোক্ত চাৰিজন লোকক আটক কৰিছিল যদিও দেওবাৰে আনুষ্ঠানিক ভাৱে আৰক্ষীয়ে আটক কৰিছে লোক কেইজনক ৷
এই সম্পৰ্কত আজি কলাইগাঁও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কলাইগাঁও থানাত সাংবাদিকক সম্বোধন কৰি কয় যে,আৰক্ষীৰ অনুসন্ধান বৰ্তমানেও চলি আছে ৷ লগতে,আৰক্ষীয়ে জনাই যে,নয়নতৰা চহৰীয়াৰ হত্যাকাণ্ড সম্পূৰ্ণ পাৰিবাৰিক ঘটনা ৷ হত্যাকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰিছিল মহিলা গৰাকীক ৷ আনকি, হত্যাৰ পিচত স্বামী উপেন বৰুৱাই নিজেই পত্নীৰ মৃতদেহত এচিড ঢালি দিয়াৰ তথ্য সদৰি কৰিছে ৷

লগতে পঢ়ক : বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.