ETV Bharat / state

New Lok Sabha constituency:বিএলটি শান্তি চুক্তিৰ ধাৰা উলংঘাৰ অভিযোগ ওদালগুৰি জিলা সমষ্টি দাবী সমতিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 7:40 PM IST

Press Meet of udalguri district constituency claims committee
ওদালগুৰি জিলা সমষ্টি দাবী সমিতিৰ সংবাদমেল

ওদালগুৰি জিলা সমষ্টি দাবী সমিতিৰ সংবাদমেল । দৰং-ওদালগুৰি নতুন নামকৰণেৰে লোকসভা সমষ্টি গঠনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল সমষ্টি দাবী সমিতিৰ ।

ওদালগুৰি জিলা সমষ্টি দাবী সমিতিৰ সংবাদমেল

ওদালগুৰি, ২৩ ছেপ্টেম্বৰ: মঙলদৈ লোকসভা সমষ্টিৰ ঠাইত দৰং-ওদালগুৰি সমষ্টি নামেৰে যোৱা ১১ আগষ্টত অধিসূচনা জাৰি কৰাৰ পিচত ওদালগুৰি জিলা সমষ্টি দাবী সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ বিটিচিৰ অন্তৰ্গত ছটা বিধানসভা সমষ্টি ষষ্ঠ অনুসূচীৰ বাহিৰৰ এলেকা সামৰি দৰং-ওদালগুৰি নতুন নামকৰণেৰে লোকসভা সমষ্টি গঠন কৰা বাবে সমষ্টি দাবী সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে সমিতিৰ মুখ্য আহ্বায়ক প্ৰদীপ কুমাৰ দৈমাৰীয়ে । আজি ভেৰগাঁও জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ব্যক্ত কৰে তেওঁ এই বিষয়ে উল্লেখ কৰে ৷

নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাত দাবী সমিতিয়ে উপায়ন্তৰ হৈ ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিবলৈ বাধ্য হয় বুলি কয় সমিতিৰ মুখ্য আহ্বায়ক প্ৰদীপ কুমাৰ দৈমাৰীয়ে ৷ ভাৰত চৰকাৰৰ সৈতে বিএলটিৰ শান্তি চুক্তিৰ ধাৰা উলংঘা কৰি বিটিচি এলেকাৰ সমষ্টিত ষষ্ঠ অনুসূচীৰ বাহিৰৰ এলেকা সন্নিবিষ্ট কৰি গঠন কৰা দৰং-ওদালগুৰি লোকসভা সমষ্টি কোনো কাৰণতে মানি ল'ব নোৱাৰে বুলি উল্লেখ কৰে ওদালগুৰি জিলা সমষ্টি দাবী সমিতিৰ মুখ্য আহ্বায়ক প্ৰদীপ কুমাৰ দৈমাৰীয়ে ৷

তেওঁ কয় যে ভাৰত চৰকাৰে বিটিচি অঞ্চলত সকলো আন্দোলনৰ অৱসান ঘটাই বড়ো জনগোষ্ঠীৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ লগতে মাটি-ভেঁটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই চুক্তি কৰিছিল ৷ কাৰ্যতঃ নতুন অঞ্চল সামৰি গঠন কৰা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ জৰিয়তে এই চুক্তি চৰকাৰে নিজেই ভংগ কৰাৰ অভিযোগ কৰে দাবী সমিতিৰ নেতৃবৃন্দই ৷ সংবাদমেলত বিপিএফৰ নেতা ক্ৰমে লৌমশ্ৰাউ দৈমৰৰী, জগদীশ চৰকাৰ, নেৰেশ্বন বড়ো, গনেশ কছাৰীকে ধৰি দলীয় নেতাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:FIR Against Assam CM : মধ্যপ্ৰদেশত হিমন্ত বিশ্ব শৰ্মাৰ উচটনিমূলক বক্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.