ETV Bharat / state

নিশা গোপনে ৰেল ক্ৰছিং বন্ধ কৰিবলৈ গৈ ৰাইজৰ ৰোষত ৰেল বিভাগ

author img

By

Published : Aug 5, 2019, 7:22 PM IST

টংলাত মাজনিশা ব্যস্ত ৰে’লৱে লেভেল ক্ৰ’ছিং বন্ধৰ চেষ্টা ৰেল বিভাগৰ ৷ ৰাইজে বাধা দিয়াত সৃষ্টি হল উতপ্ত পৰিস্থিতিৰ ৷

নিশা গোপনে ৰেল ক্ৰছিং বন্ধ কৰিবলৈ গৈ ৰাইজৰ ৰোষত ৰেল বিভাগ

টংলা, 5 আগষ্ট : দেওবাৰে নিশা 12 মান বজাত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰঙিয়া ৰে’ল ডিভিজনৰ অন্তৰ্গত টংলা ষ্টেচনৰ নিকটৱৰ্তী চমুৱাপাৰা গাঁৱৰ এটা পুৰণি উন্মুক্ত লেভেল ক্ৰ’ছিঙ বন্ধ কৰিবলৈ গৈ বিপদত পৰিল ৰেল বিভাগ ৷ ৰে’লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে’ল আৰক্ষীৰ এটি বৃহৎ দলে অতি গোপনে ক্ৰছিংটো বন্ধ কৰিবলৈ বিচৰাত স্থানীয় ৰাইজৰ সৈতে সংঘাতৰ সৃষ্টি হয় ৷ পাছত ৰাইজৰ ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাত পলায়ন কৰিবলৈ বাধ্য হয় ৰেল বিভাগৰ দলটো ৷ ইফালে সোমবাৰে পুৱা গাঁৱখনৰ শতাধিক লোকে ৰেল বিভাগৰ উক্ত কাৰ্যৰ তীব্ৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখযোগ্য যে হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ ধূপতল, পুখুৰীপাৰা, বানশেৰীয়াকে ধৰি আন কেইবাখনো গাঁৱৰ অহা-যোৱা কৰাৰ এইটোৱেই মূল পথ যদি ইয়াত থকা এই লেভেল ক্ৰ’ছিংটো বন্ধ কৰি দিয়া হয় তেন্তে গাঁওকেইখনৰ ৰাইজৰ টংলা নগৰকে ধৰি আন ঠাইৰ সৈতে পোনপটীয়া পথ যোগাযোগ ব্যাহত হব, ইয়াৰ উপৰিও জৰুৰীকালীন পৰিস্থিতিত অঞ্চলটোলৈ তৎকালীনভাৱে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি অহা-যোৱা কৰাৰ কোনো বিকল্প পথ নাথাকিব ৷

নিশা গোপনে ৰেল ক্ৰছিং বন্ধ কৰিবলৈ গৈ ৰাইজৰ ৰোষত ৰেল বিভাগ

ৰঙিয়া-ৰাঙাপাৰা জংচনৰ মাজৰ চমুৱাপাৰা গাঁৱৰ এই উন্মুক্ত ৰে’লৱে ক্ৰ’ছিঙটোত স্থায়ী লেভেল ক্ৰ’ছিং স্থাপন কৰি গে’ট নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ লগতে ৰঙিয়া ৰে’ল ডিভিজন কাৰ্যালয়ত কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ বিভাগটোৱে ৰাইজক কেইবাবাৰো উক্ত স্থানত ৰখীয়াসহ গে’ট নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছিল কিন্তু নিশা এনেদৰে লেভেল ক্ৰ’ছিংটো অবৈধ বুলি ঘোষণা কৰি ৰেল বিভাগে বন্ধ কৰাৰ চেষ্টা কৰাত জাঙুৰ খাই উঠে স্থানীয় ৰাইজ ৷ কোনো কাৰণতেই এই লেভেল ক্ৰ’ছিং বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি ৰাইজে স্পষ্ট কৰি দিয়ে ৷

Intro:টংলাত ব্যস্ত ৰে’লৱে লেভেল ক্ৰ’ছিং বন্ধৰ চেষ্টা: ৰাইজৰ ৰুদ্ৰ মুৰ্তি
নিশা গোপনে ক্ৰছিংটো বন্ধ কৰিব আহিছিল।
ৰেল বিভাগৰ কাৰ্যৰ প্ৰতিবাদ ৰাইজৰBody:টংলাত ব্যস্ত ৰে’লৱে লেভেল ক্ৰ’ছিং বন্ধৰ চেষ্টা: ৰাইজৰ ৰুদ্ৰ মুৰ্তি

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ৰঙিয়া ৰে’ল ডিভিজনৰ ৰঙিয়া-ৰাঙাপাৰা জংচনৰ মাজৰ টংলা ৰে’লৱে ষ্টেচনৰ নিকটৱৰ্তী চমুৱাপাৰা গাঁৱৰ অতি পুৰণি আৰু সদা ব্যস্ত উন্মুক্ত ৰে’লৱে লেভেল ক্ৰ’ছিঙটোত অঞ্চলটোৰ ৰাইজে স্থায়ী লেভেল ক্ৰ’ছিং স্থাপন কৰি গে’ট নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ মাজতো কোনো ব্যৱস্থা লোৱা নাই ৰেল বিভাগে। ইয়াৰ বিপৰীতে কেইবাবাৰো লেভেল ক্ৰ’ছিংটো ৰে’লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে’ল আৰক্ষী সহযোগত বন্ধ কৰিব চেষ্টা চলোৱাত উপ্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে অঞ্চলটোত। যোৱা নিশা ১২ মান বজাত অতি গোপনে উক্ত লেভেল ক্ৰ’ছিংটো ৰে’লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে’ল আৰক্ষীৰ এটি বৃহৎ দল লৈ বন্ধ কৰিবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজৰ সৈতে সৃষ্টি হৈ সংঘাতৰ। অৱশ্যে ৰাইজৰ ৰুদ্ৰ মুৰ্তি দেখি পলায়ন কৰিব বাধ্য হৈ ৰেল বিভাগৰ দলটো। আনহাতে আজি পুৱা গাও খনত শতাধিক লোকে উক্ত কাৰ্যৰ বিৰোধীতাৰে ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ ধূপতল, পুখুৰীপাৰা, বানশেৰীয়াকে ধৰি আন কেইবাখনো গাঁৱৰ অহা-যোৱাৰ মূল পথটোত থকা এই লেভেল ক্ৰ’ছিংটো বন্ধ কৰি দিলে গাঁওকেইখনৰ সকলো ৰাইজৰ টংলা নগৰকে ধৰি আন ঠাইৰ পোনপটীয়া পথ যোগাযোগ ব্যাহত হোৱাৰ উপৰি জৰুৰীকালীন পৰিস্থিতিত অঞ্চলটোলৈ তৎকালীনভাৱে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি অহা-যোৱা কৰাৰ কোনো বিকল্প পথ নাথাকিব ৷ তেনে পৰিস্থিতিৰ কথা চিন্তা কৰিয়েই ৰাইজে এই ৰে’লৱে লেভেল ক্ৰ’ছিঙত এখন স্থায়ী গে’ট স্থাপনৰ বাবে ৰঙিয়া ৰে’ল ডিভিজন কাৰ্যালয়ত কেইবাবাৰো স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছে ৷ বিভাগটোয়ে উক্ত স্থানত ৰখীয়াযুক্ত গে’ট নিৰ্মাণৰ আশ্বাস প্ৰদান কৰি আহিছিল যদিও নিশা হঠাতে এনেদৰে লেভেল ক্ৰ’ছিংটো অবৈধ বুলি ঘোষণা কৰি বন্ধ কৰাৰ চেষ্টা কৰাত সমবেত কেইবা শতাধিক পুৰুষ-মহিলাই বিভাগটোৰ পদক্ষেপত জাঙুৰ খাই উঠে ৷ উত্তেজিত ৰাইজে খুঁটা পুতিবলৈ চেষ্টা কৰা ৰে’লৱে কৰ্মচাৰীক বাধা দি উপস্থিত আৰক্ষী আৰু ৰে’লৱে বিষয়া-কৰ্মচাৰীসকলক কোনো কাৰণতেই এই লেভেল ক্ৰ’ছিং বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি জনাই দিয়াৰ উপৰি লিখিতভাৱে স্থায়ী গে’ট নিৰ্মাণৰ দাবী জনায় ৷

Byte সমূহ স্থানীয় ৰাইজৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.