ETV Bharat / state

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

author img

By

Published : Nov 8, 2019, 2:59 AM IST

Updated : Nov 8, 2019, 8:39 AM IST

বনৰীয়া হাতী আৰু বনৰীয়া ম'হৰ উপদ্ৰৱৰ মাজতে কৃষকৰ ওপৰত মাধমাৰ বন বিভাগৰ ৷ এইবাৰ খোদ বন বিভাগৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষকৰ খেতি ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ওদালগুৰি জিলাৰ বৰছলাৰ একাংশ কৃষকে ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতীয়ে নষ্ট কৰিলে বিঘাই বিঘাই শাক-পাচলিৰ খেতি ৷

পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

ওদালগুৰি, 7 নৱেম্বৰঃ ৰাজ্যত বন্যজন্তু আৰু মানুহৰ মাজত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৃষকে ৷ ওদালগুৰি জিলাৰ সমীপৰ বৰছলাৰ একাংশ কৃষকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ৷ উদ্যানখনৰ পোহনীয়া হাতীয়ে অঞ্চলটোৰ বহু বিঘা মাটিৰ শাক-পাচলিৰ লগতে ধান খেতি নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ৷

পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

বৰছলাৰ নিছলামাৰি গাঁৱত ইতিপূৰ্বেও বনৰীয়া হাতী আৰু ম'হে কৃষিভূমি নষ্ট কৰি আহিছে যদিও বেংকৰ পৰা ঋণ লৈ হ'লেও কৃষকসকলে খেতি কৰি আহিছে ৷ এনে অৱস্থাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানে নিশা হ'লেই নিজৰ পোহনীয়া অৰ্থাৎ চৰকাৰী হাতীসমূহ মুকলি কৰি দিয়ে ৷ সন্ধিয়া হ'লেই ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতীয়ে কৃষকসকলৰ খেতিত প্ৰৱেশ কৰি এফালৰ পৰা নষ্ট কৰে শাক-পাচলিকে ধৰি ধানৰ খেতি ৷ প্ৰথম অৱস্থাত এয়া বনৰীয়া হাতী আৰু ম'হৰ কাণ্ড বুলি ভাবিছিল যদিও পৰৱৰ্তী সময়ত কৃষকসকলে শিকলি লগাই থোৱা হাতী প্ৰত্যক্ষ কৰি এয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতী বুলি নিশ্চিত হয় ৷ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিচটো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে এয়া বনৰীয়া হাতীৰেই কাম বুলি দায়সৰা মন্তব্য কৰি আহিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

লগতে চাওকঃমাইক্ৰ' ফাইনেন্স কোম্পানীৰ সপক্ষে দুই শতাধিক মহিলা

Intro:বৰছলাৰ নিছিলামাৰিত বন্যহস্তীৰ তাণ্ডৰ
হাতীয়ে নষ্ট কৰিলে বিঘাই বিঘাই কৃষি ভূমি
বন বিভাগৰ পোহনীয়া হাতীয়েও পথাৰত উপদ্ৰৱ চলোৱাৰ অভিযোগ।
কিন্ত ইমানৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ বন বিভাগৰ বিৰুদ্ধেBody:

বনৰীয়া হাতী আৰু মহঁৰ উপদ্ৰৱৰ ফলত মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে।
বেংকৰ পৰা লোক লৈ বিঘাই বিঘাই কৰা পাচলিৰ খেতি হাতীয়ে নষ্ট কৰাত চৰম দুৰ্দশা নামি আহিছে কৃষকসকল লৈ ৷ অতি কষ্টৰে কপালৰ ঘাম মাটিত পেলাই যথেষ্ট টকা পইচা খৰচ কৰি কৃষক সকলে এই পাচলিৰ খেতিৰ পৰাই নানা সপোন দেখিছিল । পিছে হাতীৰ উপদ্ৰৱৰ বাবে কৃষকৰ আশা আৰু সপোন মৰহি গল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে উপদ্ৰৱ‌‌ চলাইছে বৰছলাৰ নিছলামাৰি গাঁৱত। বনৰীয়া হাতী আৰু মহঁক জাকে নিশা হলেই গাওঁখনৰ বহু কৃষকৰ বিঘাই বিঘাই শাক পাচলিৰ পথাৰ বিচৰণ কৰে লগতে নষ্ট খেতি পথাৰ। অঞ্চলটোত বহু লাখ টকাৰ বন্ধাকবি,ফুল কবি আৰু পকা ধান খাই তহিলং কৰিছে হাতীৰ জাকে কিন্ত ইমানৰ পিছতো বনবিভাগে গ্ৰহন কৰা নাই কোনো ধৰণৰ পদক্ষেপ । এই বিষয়ে বনবিভাগৰ লোকক অৱগত কৰি ভাগৰি পৰিছে বৰছলাৰ নিচলা মাৰি গাঁৱৰ কৃষক সকলে । বন বিভাগৰ লোকক হাতীৰ উপদ্ৰৱৰ বিষয়ে অৱগত কৰিলেও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে প্ৰতি বছৰে কৃষক সকলে এই সমস্যা ভোগী আহিছে । এই সমূহ কবি খেতি, আলুৰ খেতি‌ নষ্ট কৰাৰ লগতে পকা সোণোৱালী ধাননী পথাৰৰ পকা ধান থোক খাই তহিলং কৰিছে হাতীৰ জাকে । স্থানীয় লোকে অভিযোগ কৰে যে বনৰীয়া হাতীৰ উপৰিও জনাঞ্চললৈ বহু সময়ত আহে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ‌পৰা ওলাই অহা পোহনীয়া হাতীও নষ্ট কৰে বৰছলাৰ নিচলা মাৰি গাৱঁৰ খেতি পথাৰ । শিকলি লগা বনবিভাগৰ পোহনীয়া হাতীয়ে উপদ্ৰৱ চলাই পাচলি খেতি পথাৰত কিন্তু এই কথা বনবিভাগৰ লোকক অৱগত কৰিলেই বনবিভাগৰ লোকে বনৰীয়া হাতী বুলি দায়সৰা মন্তব্য প্ৰদান কৰে । বন বিভাগৰ এই দায়িত্বহীন কৰ্ম কান্দত অতিষ্ঠ হৈছে কৃষিজীৱী ৰাইজ।
Byte 1 to 3- FarmerConclusion:
Last Updated :Nov 8, 2019, 8:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.