ETV Bharat / state

অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক আৰ্শীবাদ নহয় অভিশাপহে দিছে: অখিল গগৈ

author img

By

Published : Aug 21, 2021, 4:27 PM IST

ashirwad yatra
অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক আৰ্শীবাদ নহয় অভিশাপহে দিছে

সৰ্বানন্দ সোণোৱালক লৈ বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা । কিন্তু এই আশীৰ্বাদ যাত্ৰাক লৈ কি ক'লে অখিল গগৈয়ে ? সৰ্বানন্দ সোণোৱালক কিয় আশীৰ্বাদ নিদিয়ে ৰাইজে ?

মৰাণ,২১ আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক (Sarbananda Sonowal) লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ কাৰ্যসূচী । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাবে আশীৰ্বাদ যাত্ৰা (Ashirwad Yatra) শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰিব বিজেপিয়ে । শনিবাৰে সৰ্বানন্দ সোণোৱাল অসমত আহি উপস্থিত হোৱাৰ লগে লগে দলটোৱে এই কাৰ্যসূচী আৰম্ভ কৰে ।

কিন্তু বিজেপি দলৰ এই কাৰ্যসূচীকলৈ অসন্তুষ্ট একাংশ বিৰোধী দলৰ নেতা । আশীৰ্বাদ যাত্ৰাক সমালোচনাও কৰিছে বহু বিৰোধী নেতাই । বিজেপিৰ এই আশীৰ্বাদ যাত্ৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi)। উপ নিৰ্বাচনৰ (Bye election) বাবে দলৰ প্ৰস্তুতিৰ বুজ ল'বলৈ থাওৰাত উপস্থিত হৈ বিধায়কগৰাকীয়ে সমালোচনা কৰে বিজেপিক ।

অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক আৰ্শীবাদ নহয় অভিশাপহে দিছে

তেওঁ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, বিজেপি চৰকাৰৰ বাবে কৰ'ণা (Corona) নাহে, বাকী ৰাইজৰ বাবে কৰ'ণা আহে । যি সময়ত চৰকাৰে কৰ'ণাৰ ভয় দেখুৱাই ৰাইজক সভা সমিতি কৰিবলৈ দিয়া নাই, নিজকে ৰক্ষা কৰি চলিবলৈ দিয়া হৈছে, মানুহক ব্যৱসায় কৰিবলৈ দিয়া নাই তেনে সময়ত বিজিপিয়ে কেনেকৈ আৰ্শীবাদ যাত্ৰা কৰিব পাৰে বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে । বিজেপি চৰকাৰক সমালোচনা কৰি অখিল গগৈয়ে কয় যে সৰ্বানন্দ সোণোৱালক অসমৰ কোনো ৰাইজে আৰ্শীবাদ নিদিয়ে, তাৰ পৰিৱৰ্তে অভিশাপহে দিছে ।

যাৰ বাবে সৰ্বানন্দ সোণোৱালে ফল ভোগ কৰিছে বুলি অভিযোগ কৰিছে অখিল গগৈয়ে । তেওঁৰ মতে অসমৰ মানুহে অভিশাপ দিয়াৰ বাবেই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে । অখিল গগৈৰ মতে 'কা' (CAA) সমৰ্থন কৰি সৰ্বানন্দ সোণোৱালে অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে ৷ সেয়ে অসমীয়া মানুহে তেওঁক আৰ্শীবাদ নিদিয়ে । সেয়ে বিজেপিৰ আৰ্শীবাদ যাত্ৰাই কোনো ধৰণৰ ফল নধৰে বুলিও কয় বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক:বাছৰ কৰ্মচাৰীক সাহায্য অসম চৰকাৰৰ : প্ৰতিক্ৰিয়া চালক-হেণ্ডিমেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.