ETV Bharat / state

বাছৰ কৰ্মচাৰীক সাহায্য অসম চৰকাৰৰ : প্ৰতিক্ৰিয়া চালক-হেণ্ডিমেনৰ

author img

By

Published : Aug 21, 2021, 2:08 PM IST

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাছচালক আৰু হেণ্ডিমেনসকলক সাহায্য দিয়াৰ কথা ঘোষণা কৰে । কিন্তু এই ঘোষণাকলৈ সুখী নে চালক-হেণ্ডিমেনসকল ? চৰকাৰৰ ঘোষণাই কিদৰে প্ৰতিক্ৰিয়া কৰিছে তেওঁলোকৰ মাজত ?

Rangiya
বাছৰ কৰ্মচাৰীক সাহাৰ্য অসম চৰকাৰৰ

ৰঙিয়া, ২১ আগষ্ট : অসমত কৰ'ণাৰ (Corona) সংক্ৰমণ পূৰ্বতকৈ হ্ৰাস হৈছে যদিও সান্ধ্য আইন (Curfew) সম্পূৰ্ণৰূপে উঠাই দিয়া হোৱা নাই । এতিয়াও কিছু কিছু ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা অব্যাহত আছে । দীৰ্ঘদিন ধৰি আন্তঃজিলা যাতায়াত (Inter district transport) বন্ধ হৈ আছে ।

অসম চৰকাৰৰ নতুন এছঅ'পি (SOP) অনুসৰি আন্তঃজিলা যাতায়াত খুলি দিয়া হ'ল যদিও ৰাজহুৱা বাহন তথা বাছৰ চলাচল এতিয়াও বন্ধ কৰি থোৱা হৈছে । যাৰ বাবে গভীৰ সংকটত পৰিছে বাছৰ মালিক, চালক তথা কৰ্মচাৰীসকল । যাৰ বাবে বহু ঠাইত চালক-হেণ্ডিমেনসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) চালক, হেণ্ডিমেনসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ ঘোষণা কৰিছে । শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাছ চালক আৰু হেণ্ডিমেনসকলক দহ হাজাৰ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে ।

বাছৰ কৰ্মচাৰীক সাহায্য অসম চৰকাৰৰ

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে বিভিন্ন স্থানত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বাছ চালক, হেণ্ডিমেনসকলে । একাংশই চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছে যদিও বহুতৰ মতে দীৰ্ঘদিনীয়া লোকচান ১০ হাজাৰ টকাই পূৰণ কৰিব নোৱাৰে ।

ঘৰৰ বিভিন্ন খৰচ বহন কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰে চালক, হেণ্ডিমেনসকলে । বিগত বছৰৰ লক ডাউন আৰু যোৱা ৪ মাহ ধৰি আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাত কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, সেই কথাও কেমেৰাৰ সন্মুখত ব্যক্ত কৰে বাছৰ কৰ্মচাৰীসকলে । ইফালে ১০ হাজাৰ টকা দিয়াৰ পৰিৱৰ্তে আন্তঃজিলা যাতায়াত অতি শীঘ্ৰে খুলি দিবলৈ চৰকাৰক আহ্বান জনাই কৰ্মচাৰীসকলে ।

লগতে পঢ়ক : মহৰম উপলক্ষে ডিব্ৰুগড়ত শান্তিপূৰ্ণ শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.