ETV Bharat / state

Encountr in Tinsukia: লক্ষীপথাৰত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ

author img

By

Published : Jul 30, 2023, 9:05 AM IST

তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত হ’ল আলফা (স্বা)ৰ লিংকমেন ৷ আহত লিংকমেনজনৰ নাম জুমন বৰা বুলি জানিব পৰা গৈছে ৷

ULFA I Linkman Injured in Police Firing
লক্ষীপথাৰত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত আহত আলফা (স্বা)ৰ লিংকমেন

তিনিচুকীয়া, ৩০ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত হ’ল আলফা (স্বা)ৰ লিংকমেন ৷ আৰক্ষীৰ গুলীত আহত লিংকমেনজনৰ নাম জুমন বৰা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলফা স্বাধীনৰ লিংকমেন যোৰহাটৰ জুমন বৰাই মামৰণিৰ পৰা IED বিষ্ফোৰক দেখুৱাবলৈ লক্ষীপথাৰলৈ আৰক্ষীক লৈ গৈছিল ৷ সেই সময়তে আৰক্ষীৰ বেহু ভাঙি পলায়নৰ চেষ্টা কৰে লিংকমেন জুমন বৰাই ৷ ফলত পলায়নৰ চেষ্টা কৰা জুমন বৰালৈ লক্ষ্য কৰি চলিল আৰক্ষীৰ গুলি ৷ আৰক্ষীৰ গুলিচালনাত বাওঁ ভৰিত গুলি লাগি আহত হৈছে জুমন বৰা ৷

জুমন বৰাই আৰক্ষীক মামৰণি গাঁৱত IED থকাৰ তথ্য জনাইছিল ৷ উল্লেখ্য যে, সন্ধিয়াৰ ভাগত মামৰণি গাঁৱত ৮ কেজি ওজনৰ IED উদ্ধাৰ হৈছিল ৷ মামৰণিৰ পৰা পুনৰ লক্ষীপথাৰত বিষ্ফোৰক থকাৰ তথ্য দি আৰক্ষীক দেখুৱালৈ যোৱাৰ পথত সংঘটিত হৈছে গুলিচালনাৰ ঘটনাটো ৷ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ গুলীচালনাত আহত জুমন বৰাক মাজনিশা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি স্বাধীনতা দিৱসৰ পূৰ্বে উজনিত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ জুমন বৰাক বিভিন্ন দ্বায়িত্ব দিয়া হৈছিল ৷ আলফাৰ নতুন সদস্য ভৰ্তি, ধন দাবী, কূটাঘাটৰ বাবে কাম-কাজ শিবিৰ পাতি চলাই নিছিল তিনিচুকীয়া, নামচাই ইত্যাদি অঞ্চলত ৷ ইতিমধ্যে জুমন বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে তচনচ কৰিলে আলফাৰ কূটাঘাতৰ ব্লুপ্ৰিণ্ট ৷ তিনিচুকীয়া আৰক্ষীৰ জুমন বৰাক মাৰথন জেৰা কৰাৰ পাছত ওলাইছে এই বিষ্ফোৰক তথ্য ৷ উল্লেখ্য যে, যোৰহাট আৰক্ষীৰো নজৰত আছিল জুমন বৰা ৷

উল্লেখযোগ্য যে, 22 জুলাইতো ডিব্ৰুগড় জিলাৰ খোৱাঙত সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনা ৷ হেম চেতিয়া নামৰ এজন আলফা (স্বা)ৰ লিংকমেন আৰক্ষীৰ গুলীত আহত হৈছিল ৷ লিংকমেনজনে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আলফাৰ নামত ধন দাবী কৰা বুলি আৰক্ষীয়ে সম্ভেদ লাভ কৰিছিল ৷ খোৱাঙৰ তিনঠেঙীয়াত 22 জুলাইৰ নিশা আৰক্ষীয়ে লিংকমেনজনক এনকাউণ্টাৰ কৰিছিল ৷

লগতে পঢ়ক : ULFA(I) Linkman arrested in Sonari:সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ লিংকমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.