ETV Bharat / state

Extortion in Upper Assam: অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ আলফা স্বাধীনৰ শেষ সকীয়নি

author img

By

Published : Jul 23, 2023, 6:41 PM IST

Updated : Jul 23, 2023, 7:35 PM IST

অসমৰ থলগিৰী ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্ৰদৰ্শন কৰা হয় বন্ধ কৰক নহয় অসম এৰক। এয়া আমাৰ শেষ সকীয়নি । আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সচিব কেপ্টেইন ৰুমেল অসমৰ বিবৃত্তি । অসম আৰক্ষীয়ে আলফাৰ নামত থলগিৰী লোকক নিৰ্যাতন চলাই আহিছে ।

Ulfa19076055
19076055

নিউজ ডেস্ক, 23 জুলাই: আলফা স্বাধীনৰ নামত অসমৰ থলুৱা জনগণক নিৰ্যাতন চলোৱা বন্ধ কৰক। অন্যথা অসম এৰক। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙলৈ এই সকিয়নী আলফা স্বাধীনৰ। আলফাৰ নামত ধনদাবী কৰা তথা আলফাৰ লিংকমেন বুলি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তথা এনকাউণ্টাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে এইদৰে সকীয়নী দি বিবৃত্তি জাৰি কৰিছে আলফা স্বাধীনে।

বিবৃত্তিৰ জৰিয়তে আলফা স্বাধীনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক শেষ সকীয়নি দিছে। উল্লেখ্য যে দেওবাৰে সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সচিব কেপ্টেইন ৰুমেল অসমৰ এক বিবৃত্তি প্ৰেৰণ কৰিছে। বিবৃত্তিটোত আৰক্ষী সঞ্চালক প্ৰধানক অসমৰ থলগিৰীৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকিয়াই দিয়ে। বিবৃত্তিটোত তিনিচুকীয়া জিলাৰ লাইপুলিত তিনিলাখ টকাসহ আৰক্ষীৰ জালত পৰা পুষ্পাঞ্জলি গগৈ আৰু মৰাণহাট আৰক্ষীয়ে শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ লোক গৰাকীক আলফাৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগত গুলীয়াই আহত কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বাঃ)ৰ ৷ দুয়োগৰাকীকে আৰক্ষীয়ে আলফা (স্বাঃ)ৰ সৈতে জড়িত হৈ থকা বুলি উল্লেখ কৰাৰ বিপৰীতে, আৰক্ষীৰ এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে সংগঠনটোৱে ৷

সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে কয়, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নামত ধন সংগ্ৰহ কৰাৰ বুলি আজি ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলী গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা বাতৰি সম্প্ৰচাৰ হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে । অসমৰ জনগণৰ লগতে অসম আৰক্ষীক আমি জনাওঁ যে উক্ত মহিলাগৰাকীৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পর্ক নাই । গতিকে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নামত থলগিৰি ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক ।’’

বিজ্ঞপ্তিতটো লগতে কোৱা হয়, ‘‘শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ ব্যক্তি এগৰাকীক একেই কাৰণত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শীতল মস্তিষ্কৰে ভৰিত গুলীয়াই আঘাত কৰে। উক্ত ব্যক্তিগৰাকীক “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে ধন সংগ্ৰহৰ বাবে নিয়োগ কৰা নাছিল। “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নাম লৈ কোনো দুষ্টচক্রই হয়তো তেখেতক ব্যৱহাৰ কৰিব পাৰে ৷’’

তেওঁলোকে অসম আৰক্ষীলৈ আহ্বান জনাই কয় যে, কোনো ধৰণৰ বাদ-বিচাৰ নকৰাকৈ আৰক্ষীয়ে সংগঠনৰ নামত ভুৱা এনকাউন্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰাতকৈ অসমৰ খিলঞ্জীয়া লোকৰ পৰা কৰ-কাটলেৰে জমা লোৱা ৰাজকোষৰ ধন আত্মসাৎ কৰা চৰকাৰী বিষয়া, মাফিয়া আদিক এনকাউন্টাৰ কৰি সততাৰ পৰিচয় দিয়া উচিত ৷

লগতে পঢ়ক: Encounter in Khowang: ডিব্ৰুগড়ত সন্দেহজনক আলফা(স্বাঃ)ৰ দুই লিংকমেন আটক; আৰক্ষীৰ গুলীত আহত এজন

সংগঠনটোৱে প্ৰেছ বিজ্ঞপ্তিখনত, দুৰ্নীতিগ্ৰস্ত ACS বিষয়া বিশ্বজিৎ গোস্বামী, মৃণালক্ৰান্তি সৰকাৰ, চিণ্ডিকেটত নাম সাঙোৰ খোৱা মিলন বুঢ়াগোঁহাই, লাচিত গগৈ আদিৰ নাম উল্লেখ কৰি তেওঁলোকক এনকাউন্টাৰ কৰাৰ বাবে আৰক্ষীক আহ্বান জনায় ৷ সংগঠনটোৱে লগতে উল্লেখ কৰে যে, 2022 বৰ্ষৰ এপ্ৰিল মাহত শিৱসাগৰৰ সূৰুজ গগৈ নামৰ এজন যুৱকক আৰক্ষীয়ে আলফাৰ নামত ভুৱা এনকাউন্টাৰেৰে হত্যা কৰে ৷

Last Updated :Jul 23, 2023, 7:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.